ডিব্ৰুগড় জিলাৰ নামৰূপত নৱ -ভাৰত সাক্ষৰতা আঁচনি- নিৰক্ষৰক সাক্ষৰ কৰাৰ সজাগতা সভা

ডিব্ৰুগড় জিলাৰ নামৰূপত নৱ -ভাৰত সাক্ষৰতা আঁচনি- নিৰক্ষৰক সাক্ষৰ কৰাৰ সজাগতা সভা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ সাক্ষৰতা আঁচনি অসম চৰকাৰৰ অধীনত ডিব্ৰুগড় জিলাত নৱ -ভাৰত সাক্ষৰতা আঁচনিৰ বৰ্ত্তমানে জৰীপ চলাই থকা হৈছে। এই আচঁনিৰ উদেশ্য হ’ল ডিব্ৰুগড়ত বিশেষকৈ চাহ বাগিছা অঞ্চল সমূহক সামৰি নিৰক্ষৰ সমাজক চিনাক্ত কৰি তেখেত সকলক সাক্ষৰ কৰি তোলাৰ বাবে এই আচঁনিৰ উদেশ্য। অসমৰ অনানুষ্ঠানিক প্ৰাপ্তবয়স্ক লোকক শিক্ষা বিভাগৰ দ্বাৰা জিলাৰ দায়িত্ব পালন কৰা পৰ্যবেক্ষক সকলে নিৰক্ষৰ সমাজক চিনাক্ত কৰি সঠিক সময়ত শিক্ষাৰ ব্যৱস্থা কৰি পৰীক্ষাত উত্তীৰ্ণ কৰা। এই ক্ষেত্ৰত নিৰক্ষৰ অঞ্চলত অৱস্থিত স্বেচ্ছাসেৱক হিচাপে লৈ জৰীপ চলাই চিনাক্ত কৰা হৈছে। এই উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ নামৰূপৰ চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ অধীনত প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰ পৰ্যবেক্ষক তথা জিলা সমন্বয়ক হেমন্ত হাজৰিকা, সহকাৰী সমন্বয়ক অনিল প্ৰসাদ সিংহ পৰ্যবেক্ষক সানলী ফুকন,পৰশমণি হাজৰিকা, মুখ্য প্ৰশিক্ষক সাগৰ তাঁতি, নামৰূপ চাহ বাগিছা প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক আশীষ নাগ আৰু জৰীপকাৰী স্বেচ্ছাসেৱক -মঞ্জিতা নন্দ, দিপাঞ্জলী চাওৰা, হৰবী বাড়া, হিৰামনি পাত্ৰ,মহিমা কৰ্মকাৰ আদি সজাগতা সভাত উপস্থিত থাকে। জিলাৰ প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰ জিলা সমন্বয়ক হেমন্ত হাজৰিকাই উপস্থিত নিৰক্ষৰ সমাজক কেনেকৈ এই আচঁনিৰ দ্বাৰা উপকৃত কৰিব পাৰে তাৰে কিছু বাখ্যা দাঙি ধৰে। জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰ সহকাৰী সমন্বয়ক অনিল প্ৰসাদ সিংহ ই নামৰূপৰ চাৰ্ভে কৰা সকলৰ দ্বাৰা চিনাক্ত কৰি এই আচঁনি কেনেকৈ লিখিব পঢ়িবলৈ পোৱা যায় তাৰ ওপৰত আলোকপাত কৰে।লগতে জয়পুৰৰ শিক্ষা খন্দৰ অধীনৰ মুখ্য প্ৰশিক্ষক সাগৰ তাঁতিৰড় সহযোগত জয়পুৰৰ প্ৰতিটো শিক্ষা খন্দৰ অধীনত জৰীপ চলাই থকা স্বেচ্ছাসেৱক সকলক প্ৰশিক্ষণ দি চাৰ্ভে কৰাই এই নিৰক্ষৰ সমাজক চিনাক্ত কৰি শিক্ষিত কৰি তোলাৰ বাবে চেষ্টা চলাই থকা হৈছে।