লোকসভাত গৃহীত প্ৰশ্নকাকত ফাদিলবিৰোধী বিধেয়ক
ৰঙিলী বাৰ্ত্তাসেৱা- পৰীক্ষাৰ কাকত ফাদিল আৰু সংগঠিত পৰীক্ষাৰ জালিয়াতি অধিক কঠোৰভাৱে দমন কৰাৰ লক্ষ্যৰে বুধবাৰে লোকসভাই ‘পাব্লিক এগজামিনেচন (প্রিভেনচন অৱ আনফেয়াৰ মিন্দু) এক্ট-২০২৪’ সংশোধনী বিধেয়ক ধ্বনি ভোটৰ জৰিয়তে গৃহীত কৰে । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত বিৰোধী দলৰ সদস্যসকলে প্ৰতিবাদ আৰু শ্লোগান দিয়াৰ মাজতে বিধেয়কখনত অনুমোদন জনায় । নীট কাণ্ডক লৈ ছাত্র-ছাত্ৰীসকলৰ আন্দোলনৰ মাজতেই প্রশ্নকাকত ফাদিলৰ প্ৰৱণতা ৰোধ কৰাৰ বাবে অধিক কঠোৰ আইন অনাৰ কথা ঘোষণা কৰিছিল প্রধানমন্ত্রী মোদীয়ে। প্রধানমন্ত্রীয়ে কৰা ঘোষণা অনুসৰি, ২৭ জুলাই সোমবাৰে এই বিধেয়কখন লোকসভাত উত্থাপন কৰে মন্ত্রী জিতেন্দ্ৰ সিঙে। মঙলবাৰ আৰু বুধবাৰ দুয়োদিনেই লোকসভাত বিধেয়কখনক লৈ আলোচনা হয়। বিধেয়কখনক লৈ বিৰোধী পক্ষই বিৰোধিতা প্রদর্শন কৰিলেও আলোচনাৰ পিছত ধ্বনি ভোটত গৃহীত কৰা হয় বিধেয়কখন। ধ্বনিভোট অনুষ্ঠিত হোৱাৰ পূর্বেই একেলগে সদন ত্যাগ কৰে বিৰোধী সাংসদসকলে। বিধেয়ক গৃহীত হোৱাৰ পিছত বৃহস্পতিবাৰে পুৱা ১১ বজা পর্যন্ত লোকসভাৰ অধিৱেশন স্থগিত ৰখাৰ কথা ঘোষণা কৰে অধ্যক্ষ ওম বিৰলাই। বুধবাৰে এই বিধেয়কখনক লৈ চলা আলোচনাৰ সময়ত উত্তপ্ত হৈ উঠে সংসদ। লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দাবী কৰে যে দিল্লীত প্রতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আৰক্ষীৰ আচৰণক লৈ বিবৃতি দিব লাগিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। কিন্তু লোকসভাত সেই সময়ত উপস্থিতেই নাছিল গৃহমন্ত্রী শ্বাহ। ৰাহুলৰ এই মন্তব্যৰ পিছত লোকসভাত ভোটগ্রহণ আৰম্ভ হয়। ধ্বনিভোটৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণৰ মাজতেই বিৰোধী সাংসদসকলে সদন কক্ষ ত্যাগ কৰে। অৱশেষত, বিধেয়কখন গৃহীত হয়। কিছুদিনৰ ভিতৰত এই বিধেয়কখন উত্থাপন কৰা হ’ব ৰাজ্যসভাত। মঙলবাৰে প্ৰশ্নকাকত ফাদিলবিৰোধী সংশোধনী বিধেয়কখনক লৈ আলোচনাত যোগ দি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নির্দেশতেই আন্দোলনকাৰী ছাত্র-ছাত্রীসকলৰ ওপৰত গুলী চলোৱা হৈছে। তেওঁৰ এই অভিযোগৰ পিছত লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। শাসক পক্ষৰ তৰফৰ পৰা দাবী কৰা হয় যে ৰাহুল গান্ধীয়ে মিছা অভিযোগ তোলে। ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগিব বুলিও দাবী তেলে। প্রশ্নকাকত বিৰোধী বিধেয়কখনক লৈ লোকসভাত কংগ্রেছ সাংসদ ৰাহুল গান্ধীৰ ভাষণত ব্যৱহাৰ কৰা ‘শব্দচয়ন’ক লৈ আপত্তি তোলে বিজেপিয়ে। শেষলৈ ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা ‘আপত্তিকৰ’ কিছু শব্দ লোকসভাৰ ৰেকৰ্ডৰ পৰা বাদ দিবলৈ কয় অধ্যক্ষ ওম বিৰলাই। লোকসভাত গৃহীত হোৱা সংশোধনী বিধেয়কখনত প্রশ্নকাকত ফাদিল আৰু পৰীক্ষা সম্পৰ্কীয় যিকোনো অনিয়মৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ বিধান দিয়া হৈছে। এই সংশোধনী বিধেয়কখনৰ প্রস্তাৱ অনুসৰি, সংশোধিত আইনখনে পৰীক্ষাৰ জালিয়াতিৰ লগত জড়িতসকলৰ শাস্তি বহু পৰিমাণে বৃদ্ধি কৰিব । কাকত ফাদিলৰ গোচৰত দোষী সাব্যস্ত হোৱা ব্যক্তিক এতিয়া ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৫০ লাখ টকাৰ জৰিমনা বিহা হ’ব পাৰে ৷ আনহাতে এনে অপৰাধৰ সৈতে জড়িত সংগঠিত অপৰাধ ছিণ্ডিকেটক ৭ৰ পৰা দহ বছৰৰ কাৰাদণ্ড আৰু ১০ কোটিৰো অধিক টকাৰ জৰিমনা বিহা হ’ব পাৰে । গোপন বুজাবুজিৰ ক্ষেত্ৰত দোষী সাব্যস্ত হোৱা সকল অধিক জৰিমনা আৰু ৰাজহুৱা পৰীক্ষা অনুষ্ঠিত কৰাত দীৰ্ঘদিনীয়া নিষেধাজ্ঞাকে ধৰি কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব । সহযোগী বুলি ধৰা পৰা জ্যেষ্ঠ কাৰ্যবাহীসকলেও কাৰাদণ্ড আৰু আৰ্থিক শাস্তিৰ সন্মুখীন হ’ব পাৰে । এই বিধেয়কখনত তদন্ত আৰু বিচাৰ ক্ষিপ্ৰ কৰাৰ ব্যৱস্থাও উত্থাপন কৰা হৈছে । তদন্তকাৰী সংস্থাসমূহে ৬০ দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিব লাগিব ৷ আনহাতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এনে গোচৰৰ শুনানিৰ বাবে বিশেষ ফাষ্ট ট্ৰেক আদালত স্থাপন কৰিব । এই আদালতসমূহে অভিযোগনামা দাখিল কৰাৰ তিনিমাহৰ ভিতৰত ৰায়দান দিয়াৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও পৰীক্ষাৰ জালিয়াতিৰ জৰিয়তে অধিগ্ৰহণ কৰা সম্পত্তি সংলগ্ন আৰু জব্দ কৰিবলৈ কৰ্তৃপক্ষই অনুমতি দিয়ে । ৰাজহুৱা পৰীক্ষা (অনিয়ম প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬ ত ইউপিএছচি, নীট, জেইই, চিইউইটি আৰু এছএছচিকে ধৰি ডাঙৰ ডাঙৰ ৰাষ্ট্ৰীয় প্ৰৱেশ আৰু নিযুক্তি পৰীক্ষাসমূহ সামৰি লোৱা হৈছে । ইয়াৰ উপৰিও পৰীক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ এআই ভিত্তিক প্ৰক্টৰিং, ব্লকচেইন সমৰ্থিত প্ৰশ্নকাকত সুৰক্ষা আৰু তৃতীয় পক্ষৰ সুৰক্ষা অডিটৰ দৰে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত প্রতিযোগিতামূলক পৰীক্ষাত অনিয়ম হ’লে তাৰ মোকাবিলাৰ বাবে সু-নির্দিষ্ট আইন ২০২৪ চনৰ পূৰ্বে নাছিল। প্রশ্নকাকত ফাদিল সম্পর্কীয় বিতর্কক লৈয়ে সেই বছৰ আইনখন প্রণয়ন কৰা হৈছিল। এইবাৰ সেই পুৰণা আইনখনকে সংশোধন কৰি শাস্তিৰ পৰিধি অধিক বিস্তৃত কৰিবলৈ বিচাৰিছে চৰকাৰে।
