ঝাৰখণ্ডত মোষ্ট ৱান্টেড মাওবাদী নেতাক গ্ৰেপ্তাৰ

ঝাৰখণ্ডত মোষ্ট ৱান্টেড মাওবাদী নেতাক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘মোষ্ট ব্রান্টেড’ শীর্ষস্থানীয় মাওবাদী নেতা মিছিৰ বেছৰাক ঝাৰখণ্ডৰ ধানবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ মূৰৰ দাম নির্ধাৰণ কৰা হৈছিল ১ কোটি টকা। মঙলবাৰে সন্ধিয়া গিৰিদি আৰু ধানবাদৰ সীমাৰ পৰা বেছৰা আৰু তেওঁৰ দুই সংগী মছু আৰু সৌৰভক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষী সূত্ৰৰ খবৰ মতে, ঝাৰখণ্ড, বিহাৰ আৰু ছত্তিশগড়ত মাওবাদী কাৰ্যকলাপৰ মূল দায়িত্বত আছিল বেছৰা। কেইবাবছৰ ধৰি আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ তালিকাত ‘মোষ্ট ব্রান্টেড’ আছিল এইগৰাকী মাওবাদী নেতা। তেওঁৰ সন্ধানত তালাচী অব্যাহত ৰাখিছিল আৰক্ষী আৰু চোৰাংচোৱা বাহিনীয়ে। আৰক্ষীৰ মতে, মাওবাদীসকলৰ কেন্দ্ৰীয় কমিটীৰ অন্তিমজন সক্রিয় নেতা বেছৰা।