বেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত পাকিস্তান
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ বিপক্ষে খেলি থকা দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ঘৰুৱা দল ৱেষ্ট ইণ্ডিজে ১-০ত অগ্রগতি লাভ কৰিছে। ত্রিনিদাদত অনুষ্ঠিত শৃংখলাটোৰ প্ৰথমখন টেষ্টত কেৰিবিয়ান বাহিনীয়ে পাকিস্তানক ৯০ ৰানত পৰাস্ত কৰে। টেষ্টখনত ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২১১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জয়ডেন ছিলছ, কেমাৰ ৰ’চ আৰু জাষ্টিন গ্রিভছৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ পাকিস্তানে চতুর্থ দিনাই ৪০.২ অভাৰত ১২০ ৰান কৰি পৰাজয়ৰ সন্মুখীন হয়। দলটোৰ মাত্ৰ তিনিগৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰে। অধিনায়ক বাবৰ আজমে সর্বাধিক ৫৮, মহম্মদ আব্বাছে ২৩ আৰু ৰিজৱানে ১১ ৰান কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ জয়ডেনে ৫টা, কেমাৰ আৰু জাস্টিন উভয়ে দুটাকৈ তথা ছামাৰ যোছেফে এটা উইকেট লয়। উল্লেখ্য যে ৱেষ্ট ইন্ডিজে প্রথম ইনিংছত ৩১১ আৰু দ্বিতীয় ইনিংছত ১৮১ ৰান কৰাৰ বিপৰীতে পাকিস্তানে ২৮২ ৰানত প্রথম ইনিংছ সামৰিছিল। টেষ্টখনত মুঠ ৭টা উইকেট দখল কৰি ৱেষ্ট ইণ্ডিজৰ জাষ্টিন গ্রিভছে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।
