হ্ৰাস কৰা হ’ল  অসম বিধানসভাৰ অধিৱেশনৰ দিন

Pc NDTV

হ্ৰাস কৰা হ’ল  অসম বিধানসভাৰ অধিৱেশনৰ দিন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ দিন হ্ৰাস কৰা হৈছে ৷ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি । ৬ জুলাইৰ পৰা৩১ জুলাইলৈকে অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা আছিল৷  যদিও উজনিত হোৱা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৯ জুলাইত বিধানসভাৰ অধিৱেশন সামৰণি পৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। উল্লেখ্য যে বিধানসভাত যোৱা জুলাইত উত্থাপিত বাজেট ২৩ জুলাইত পাৰিত কৰা হয়। ইয়াৰ পৰৱৰ্তী দিনকেইটাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ লগতে দাবী-মঞ্জুৰীৰ ৰূপত আলোচনাৰ দিন স্থিৰ কৰা হৈছিল। উজনিৰ বান পৰিস্থিতিৰ হেতুকে কেইবাটাও কাৰ্যসূচী চমু কৰি ২৯ জুলাইত অধিৱেশন সমাপ্তিৰ কথা ঘোষণা কৰা হৈছে। বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতি চমুকৈ বিএচিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সোমবাৰে বিধানসভাৰ অধ্যক্ষৰ পৌৰহিত্যত অনুষ্ঠিত বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকতে বিধানসভাৰ অধিৱেশনৰ দিন চমুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উল্লেখ্য যে, বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ অধ্যক্ষৰ দায়িত্বত থাকে বিধানসভাৰ অধ্যক্ষ ৷ বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে নিৰ্ধাৰণ কৰে বিধানসভাৰ কাৰ্যাৱলী ৷ উজনি অসমৰ তিনিখন জিলাত হোৱা ভয়াৱহ বানৰ বাবে বিধানসভাৰ অধিৱেশনত প্ৰায়বোৰ মন্ত্ৰী-বিধায়ক প্ৰায় উপস্থিত নাছিল ৷ আনহাতে, চলিত বিধানসভা অধিৱেশনতে বিধায়ক অখিল গগৈ আৰু বদৰুদ্দিন আজমলে অধিৱেশন সামৰি সকলো মন্ত্ৰী-বিধায়কক উজনিৰ তিনি জিলাৰ বন্যাৰ্তক উদ্ধাৰ আৰু সাহাৰ্য কাৰ্যত লাগিব লাগে বুলি দাবী কৰিছিল ৷ আনকি বিধানসভাৰ অধিৱেশনতে টেবুলত উঠি প্ৰতিবাদ সাব্যস্ত কৰিছিল বিধায়ক গগৈয়ে ৷ ইফালে, বিধানসভাত গুৰুত্বপূৰ্ণ তিনিখন বিধেয়ক পাৰিত কৰাৰ লগতে চাৰিখন বিধেয়ক উত্থাপন কৰা হয়। মন্ত্রী জয়ন্ত মল্লবৰুৱাই উত্থাপন কৰা অসম সামগ্ৰী আৰু সেৱা কৰ (সংশোধন) বিধেয়ক ২০২৬, ভূমি অধিগ্রহণ পুনর্বাসন আৰু পুনৰ সংস্থাপনৰ উচিত ক্ষতিপূৰণ, স্বচ্ছতাৰ অধিকাৰ (অসম সংশোধন) বিধেয়ক ২০২৬ আৰু মন্ত্ৰী ৰণোজ পেগুৱে উত্থাপন কৰা মাজুলী সাংস্কৃতিক বিদ্যালয় (সংশোধন) বিধেয়ক ২০২৬ বিধেয়ককেইখন পাৰিত কৰা হয়। বিধানসভাত আজি পাৰিত হোৱা মাজুলী সাংস্কৃতিক বিদ্যালয় (সংশোধন) বিধেয়কখনৰ জৰিয়তে বিশ্ববিদ্যালয়খনে নিজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য অক্ষুণ্ণ ৰাখি কলা, বিজ্ঞান, বাণিজ্যিক, ব্যৱস্থাপনা, প্রযুক্তিবিদ্যা আৰু অন্যান্য বিষয়ক সামৰি এক বহু বিষয়ক বিশ্ববিদ্যালয় হিচাপে বিকশিত হোৱাৰ সুযোগ লাভ কৰিব। শিক্ষামন্ত্রী ডাঃ পেগুৱে আজি সদনত বিধেয়কখন পাৰিত হোৱাৰ পিছত উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই ঐতিহাসিক সংস্কাৰে শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অধিক বিস্তৃত সুযোগ সৃষ্টি কৰিব বুলি উল্লেখ কৰে। আনহাতে, বিধানসভাত আজি মন্ত্রী কেশৱ মহন্তৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্রী পীযূষ হাজৰিকাই অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ (সংশোধন) বিধেয়ক ২০২৬, ভূমি ক্ষেত্ৰৰ পৰিসীমা নির্ধাৰণ (সংশোধন) বিধেয়ক ২০২৬, পঞ্জীয়ন (অসম সংশোধন) বিধেয়ক ২০২৬, ভাৰতীয় ষ্টাম্প (অসম সংশোধন) বিধেয়ক ২০২৬ বিধেয়ককেইখন উত্থাপন কৰে।