কিশোৰী অপহৰণকাৰী ৰছিদুল ইছলামক ৫ বছৰ সশ্রম কাৰাদণ্ড নগাঁও অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ বংকিম শৰ্মাৰ আদালতে আজি প্রদান কৰা এক ৰায়দানত অপহৰণৰ গোচৰত অভিযুক্ত নগাঁও জিলাৰ কচুৱাৰ ৰছিদুল হক ওৰফে ইছলামক ৫ বছৰ সশ্ৰম কাৰাদণ্ড বিহে। প্রাপ্ত খবৰ অনুসৰি কাৰাদগুৰে দণ্ডিত ৰছিদুলে ২০১৫ বৰ্ষৰ ২২ জানুৱাৰীৰ দুপৰীয়া এগৰাকী ১৫ বছৰীয়া কিশোৰীক অপহৰণ কৰিছিল। এই সন্দৰ্ভত কিশোৰীগৰাকীৰ মাতৃ জুনু দাসে উক্ত বৰ্ষৰ ২৯ জানুৱাৰীত কচুৱা থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পাছতে কচুৱা থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ এ ধাৰাৰ অধীনত ২৯/১৫ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভকৰাৰ লগতে অভিযুক্ত ৰছিদুলক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ কৰি উক্ত বৰ্ষৰ ৩০ জুনত আদালতত অভিযোগনামা দাখিল কৰে। এই অভিযোগনামাৰ ভিত্তিত নগাঁও জিলা অতিৰিক্ত জিলা আৰু সত্র ন্যায়াধীশ বংকিম শৰ্মাৰ আদালতে বিচাৰ প্রক্রিয়া সম্পূৰ্ণ কৰি আজি এক ৰায়দানযোগে অভিযুক্ত ৰছিদুল হক ওৰফে ইছলামক ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ ধাৰাৰ অধীনত পাঁচ বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১০ হেজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত ছমাহৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ প্রদান কৰে।
