দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বান সম্পৰ্কীয় আলোচনাত বহিল অসমৰ সাংসদ

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বান সম্পৰ্কীয় আলোচনাত বহিল অসমৰ সাংসদ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ মঙলবাৰে নতুন দিল্লীত অসমৰ সাংসদসকলৰ সৈতে মিলিত হৈ বান সমস্যাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে ৷ বানত ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ সদায় অসম চৰকাৰৰ লগত থিয় দি আছে বুলি আশ্বাস প্ৰদান কৰে মোদীয়ে ৷ নিজা এক্স হেণ্ডেলত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘‘অসমৰ সাংসদসকলক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সাম্প্ৰতিক বান পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিলোঁ । ক্ষতিগ্ৰস্তসকললৈ সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কেন্দ্ৰই অসম চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে । মই সকলোৰে সুৰক্ষা আৰু মঙ্গলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।’’ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত যোৱা সাংসদৰ দলে উদ্ধাৰ অভিযান, সাহায্য, পুনৰ সংস্থাপন আৰু পুনর্বাসন কার্য ফলপ্রসুভাবে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সকলোধৰণৰ সহায়-সহযোগ নিশ্চিত কৰিবলৈ প্রধানমন্ত্রীক অনুৰোধ কৰে। সাংসদসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত প্রধানমন্ত্রীয়ে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত সংবেদনশীলতাবে অসমৰ ৰাইজৰ দুখৰ সমভাগী হয় আৰু কেন্দ্ৰীয় চৰকাৰে পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব বুলি উপস্থিত সাংসদসকলৰ মাধ্যমেৰে অসমবাসীক আশ্বস্ত কৰে। লগতে প্রধানমন্ত্রীয়ে বানপানীত প্রাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে উজনি অসমৰ জলপ্রলয়ক লৈ গ্রহণ কৰা এনে তৎপৰতাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৬৫ লাখ সদস্যৰ বিজেপি পৰিয়ালৰ হৈ প্রধানমন্ত্রীক কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰে। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্দর্ভত প্রধানমন্ত্রীয়ে ব্যক্তিগতভাৱে পৰ্যবেক্ষণেৰে ক্ষেত্রভিত্তিক তৃণমূল পর্যায়ৰ বুজ লোৱাটো আমাৰ বাবে আশ্বাসদায়ক আৰু প্ৰেৰণামূলক বুলি বর্ণনা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। প্রধানমন্ত্রীৰ মাৰ্গদর্শনত অসম চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে দিনে-নিশাই উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই কঠিন সময়ত আমাৰ অভিযান ২৪ ঘণ্টাই অব্যাহত থাকিব।

তাৎক্ষণিক সাহায্যৰ সমান্তৰালভাৱে বানপীড়িত অঞ্চলসমূহৰ বাবে জন-অংশগ্ৰহণৰ নীতিৰ ওপৰত ভিত্তি কৰি এক সুসংগঠিত আৰু দূৰদর্শী পুনর্বাসন আৰু পুননির্মাণৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব বুলি মুখ্যমন্ত্রীয়ে মতপোষণ কৰিছে। দুৰ্যোগৰ এনে জটিল সময়ত অসমবাসীৰ প্রতি দেখুওৱা আন্তৰিকতা, ব্যক্তিগত তদাৰকী আৰু সকলোধৰণৰ সহযোগিতাৰ বাবে প্রধানমন্ত্রী নবেন্দ্র মোদীলে অসমবাসীৰ হৈ মুখ্যমন্ত্রীয়ে আজি পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। অসমৰ চলিত বান পৰিস্থিতিৰ বিষয়ে বিস্তৃতভাবে বুজ লোৱাৰ উদ্দেশ্যে আজি ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা সাংসদসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোনোৱালেও প্রধানমন্ত্রী নবেন্দ্র মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। বানপীড়িত জনসাধাৰণৰ উদ্ধাৰ, সাহায্য, পুনর্সংস্থাপন আৰু পুনর্বাসন কার্য যাতে অধিক ফলপ্রসুভাবে আগবাঢ়ে, সেই উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বিত পদক্ষেপ সম্পর্কেও আজিৰ বৈঠকত প্রধানমন্ত্রীয়ে মার্গদর্শন কবে। সংকটৰ এই সময়ত অসমবাসীৰ কাষত দৃঢ়ভাবে থকাৰ বাবে প্রধামন্ত্রীয়ে আশ্বাস প্রদান কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা অব্যাহত থাকিব বুলি নিশ্চিত কৰাৰ কথা কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোনোৱালে জানিবলৈ দিয়ে। পুনর্সংস্থাপন আৰু পুনর্বাসনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটি বিশেষজ্ঞৰ দল ইতিমধ্যে অসমলৈ প্রেৰণ কৰিছে। এই দলটোরে জলপ্রলয়ত বিধ্বস্ত হোৱা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ সকলো অঞ্চল স্থানীয় বিশেষজ্ঞ আৰু প্রশাসনিক বিষয়াৰ সহযোগত ভ্ৰমণ কৰি চৰজমিন প্রতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক অর্পণ কৰিব। এই বিশেষজ্ঞৰ দলটোৱে প্ৰস্তুত কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই বানাক্ৰান্ত লোকৰ পুনর্সংস্থাপন আৰু পুনর্বাসনৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিব। প্রয়োজনত বিশেষজ্ঞৰ দলটোৱে পৰৱৰ্তী সময়ত পুনৰ বানাক্রান্ত অঞ্চল ভ্রমণ কৰিব। জলপ্রলয়ে থান-বান কৰা জিলা তিনিখনৰ প্ৰতিটো পঞ্চায়তৰ গ্রাম্য আন্তঃগাঁথনি আৰু গ্রাম্য অর্থনীতি পুনৰাই গঢ়ি তোলাৰ বাবে এই দলটোৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই চৰকাৰে আঁচনি প্ৰস্তুত কৰিব।