ডিব্ৰুগড়ৰ শ্ৰুতি শিল্পী সমাজৰ উদ্যোগত ভূপেন্দ্ৰ সংগীত কৰ্মশালা আৰু প্ৰাইজমণি প্ৰতিযোগিতাৰ সফল সামৰণি
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ শ্ৰুতি শিল্পী সমাজৰ উদ্যোগত বিশিষ্ট শিল্পী তথা সুৰসম্ৰাট ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা তিনিদিনীয়া ভূপেন্দ্ৰ সংগীত কৰ্মশালা আৰু সদৌ অসম ভিত্তিত প্ৰাইজমণি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সফলভাৱে সম্পন্ন হয়। জুলাইৰ ২৪, ২৫ আৰু ২৬ তাৰিখে অনুষ্ঠিত কৰ্মশালাত অসমৰ আগশাৰীৰ সংগীত শিল্পীসকলে অংশগ্ৰহণ কৰি ভূপেন হাজৰিকাৰ সংগীতৰ সুৰ, কথা, উপস্থাপনা, গীতৰ দৰ্শন আৰু পৰিৱেশনৰ বিভিন্ন দিশ সম্পৰ্কে অংশগ্ৰহণ কাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু সংগীতপ্ৰেমী আৰু শিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। কৰ্মশালাৰ অন্তিম দিনা অনুষ্ঠিত সদৌ অসম ভিত্তিত প্ৰাইজমণি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। বিশিষ্ট সংগীতজ্ঞসকলৰ বিচাৰকৰ দায়িত্বত অনুষ্ঠিত প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলে ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে। অনুষ্ঠানত বিজয়ীসকলক নগদ ধনৰাশি, স্মাৰক, মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয়। ইয়াৰ উপৰি কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো শিক্ষাৰ্থীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত শ্ৰুতি শিল্পী সমাজ, ডিব্ৰুগড়ৰ সভাপতি ড° নৱজ্যোতি গগৈ, সম্পাদক চন্দন পাঠক, সমাজৰ বিষয়ববীয়াসকল, বিশিষ্ট শিল্পী, সংগীতপ্ৰেমী আৰু বহু সংখ্যক দৰ্শক উপস্থিত থাকে। ড° ভূপেন হাজৰিকাৰ সংগীত আৰু আদৰ্শ নতুন প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে শ্ৰুতি শিল্পী সমাজে ভৱিষ্যততো এনে সৃষ্টিশীল কাৰ্যসূচী অব্যাহত ৰাখিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে।
