সাংস্কৃতিক মহাসভা অসমৰ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন

সাংস্কৃতিক মহাসভা অসমৰ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন::২০২৬-২৯ বৰ্ষৰ বাবে জিলা সমিতি গঠন 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  সাংস্কৃতিক মহাসভা অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশনখনি দুলীয়াজান আঞ্চলিক সমিতিৰ আতিথ্যত দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। পুৱা পতাকা উত্তোলনৰে  অধিৱেশনৰ শুভাৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰমোদ দত্তই। সাংস্কৃতিক মহাসভা অসমৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক ক্ৰমে শঙ্কৰ দাস আৰু বদন শৰ্মা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, সঙ্গীতসূৰ্য জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অন্যান্য জ্ঞাত-অজ্ঞাত সকলোৰে প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। এই অনুষ্ঠানৰ পিছতেই ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতি সমূহৰ পৰা অহা অৰ্দ্ধ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত আৰম্ভ হোৱা প্ৰতিনিধি আৰু বিষয় বাচনি সভাত ২০২৬-২০২৯ বৰ্ষৰ বাবে ঘনকান্ত ভূঞাক সভাপতি , ড০ হেমন্ত কুমাৰ দাসক কাৰ্যকৰী সভাপতি, চন্দনজ্যোতি কলিতাক সাধাৰণ সম্পাদক, ভৱেশ হাজৰিকা, মৃনালী ভূঞা বৰদলৈ, সুৰজিতা সন্দিকৈক উপ-সভাপতি, বিবি বড়া আৰু ৰঞ্জিত ৰাইডঙীয়াক সহকাৰী সম্পাদক, ভূপেন সোণোৱাল আৰু মদন নেওগক সাংগঠনিক সম্পাদক, সৌৰভ কুমাৰ দত্তক বিত্ত সম্পাদক, আৰিফা বেগমক প্ৰচাৰ সম্পাদক,ৰীতামণি দাস শইকীয়াক সাংস্কৃতিক সম্পাদক , মামণি দত্ত ৰাজখোৱাক পত্ৰিকা সম্পাদক, নন্দেশ্বৰ দত্ত আৰু সঞ্জীৱ বৰুৱাক কাৰ্যালয় সম্পাদক, ডা: বিপিন্দ্ৰ নাথ কাকতিক মুখ্য উপদেষ্টা, কুসুম্বৰ টাইৰাই গগৈ, ভূপেন শইকীয়া, আদিত্য গোস্বামী, প্ৰমোদ দত্ত, ৰুদ্ৰ গগৈ, কৃষ্ণকান্ত বড়া, ৰঞ্জিত মহনক উপদেষ্টা আৰু অন্যান্য  বিভিন্ন গৰাকীক কাৰ্যনিৰ্বাহক সদস্য-সদস্যা হিচাপে লৈ এখন শক্তিশালী জিলা সমিতি গঠন কৰা হয়। দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অধিৱেশন উপলক্ষে জিলা সমিতিৰ  সভাপতি প্ৰমোদ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে ক্ৰমে সাংস্কৃতিক মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা, কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বিনোদ কুমাৰ বড়া, প্ৰাক্তন জিলা সভাপতি ভূপেন শইকীয়া, ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা তথা প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই গগৈ, বিশিষ্ট সমাজকৰ্মী আদিত্য গোস্বামী, মৃণালী ভূঞা বৰদলৈ, শদিয়া জিলা সমিতিৰ সভাপতি মমী শইকীয়াৰ লগতে দুলীয়াজানৰ কেইবাগৰাকীও বিশিষ্ট তথা স্বনামধন্য ব্যক্তিয়ে। জিলা সমিতিৰ পত্ৰিকা সম্পাদক কৃষ্ণকান্ত বড়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা জিলা সমিতিৰ মুখপত্ৰ ‘এনাজৰী’ উন্মোচন কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোকবিকাশ গগৈয়ে। দুলীয়াজান আঞ্চলিক সমিতিৰ সদস্য-সদস্যাৰ দ্বাৰা পৰিৱেশন কৰা মুকলি সভাত গীতেৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰতিখন আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সদস্য-সদস্যা সকলৰ লগতে সাংস্কৃতিক মহাসভা, অসমৰ শতাধিক শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। শেহতীয়া ভাৱে উজনি অসমৰ বিভিন্ন স্থানত হোৱা প্ৰলয়ংকাৰী বানত প্ৰাণ হেৰুওৱা আৰু ক্ষতিগ্ৰস্ত হোৱা সকলোৰে প্ৰতি সমবেদনা জ্ঞাপন কৰি এটি শোকপ্ৰস্তাৱ পাঠ কৰে ডিব্ৰুগড় জিলা সমিতিৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক চন্দনজ্যোতি কলিতাই। আগন্তুক তিনি বছৰীয়া কাৰ্যকালৰ বাবে গঠন হোৱা জিলা সমিতিৰ গঠন প্ৰক্ৰিয়াত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বিনোদ কুমাৰ বড়া বুলি জানিবলৈ দিয়ে জিলা সমিতিৰ প্ৰচাৰ সম্পাদক আৰিফা বেগমে।