বানপীড়িত মহিলা শিশুক কাপোৰ দিব ৰাজ্যিক বিজেপিয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- সংহাৰী বানে তচনচ কৰি যোৱা উজনি অসমৰ তিনি জিলাত বানৰ পিছত উদ্ধাৰ, সাহায্যৰ সন্দৰ্ভত দেওবাৰে কেইবাটাও তাৎপর্যপূর্ণ মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানৰ পৰিস্থিতি আৰু বানাক্ৰান্তৰ প্রয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী শর্মাই কয়- চৰকাৰৰ ফালৰ পৰা যিমান দূৰ কৰিব পাৰি আমি কৰিছোঁ আৰু নিশ্চিতভাৱে কৰি থাকিম । মই সমগ্ৰ অসমৰ আমাৰ বিজেপিৰ কাৰ্যকর্তাসকলক যিয়ে যেনেকৈ পাৰে, বান সাহায্যত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। যিহেতু এতিয়া বানপীড়িতসকলৰ বাবে আটাইতকৈ কাপোৰৰ প্ৰয়োজন, সেয়েহে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা আমি দুই লাখ আইমাতৃক একোযোৰকৈ চাদৰ-মেখেলা আৰু দুই লাখ শিশুক একোটাকৈ টি-চার্টেই হওক বা স্প’র্টিং গেঞ্জীয়েই হওক দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। এই গোটেইখিনি কাম কৰোঁতে আমাক প্রায় ১২ কোটি টকাৰ প্ৰয়োজন হ’ব। বিজেপিৰ যিসকল কাৰ্যকৰ্তাই দুহাজাৰ টকাতকৈ কম বৰঙণি আগবঢ়াব খোজে, তেওঁলোকক ধনৰাশি স্থানীয় বিধায়কৰ হাতত আৰু অধিক হ’লে দলৰ একাউণ্টত চেকযোগে জমা দিবলৈ মুখ্যমন্ত্রী ড° শর্মাই আহ্বান জনায়। অসমৰ বাহিৰত থকা বিজেপিৰ কাৰ্যকৰ্তাসকলেও এই বিশেষ সাহায্য অভিযানত সহায় কৰাৰ আশ্বাস দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয় যে অহা ৪-৫ দিনৰ ভিতৰত এই পুঁজি সংগ্ৰহ কৰি আমি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত ৰাইজক বিজেপিৰ ফালৰ পৰা সহায় কৰিবলৈ সক্ষম হ’ম। ইতিমধ্যে মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে বান সাহায্য জমা দিবলগীয়া বেংক একাউণ্টৰ সবিশেষ তথ্য উল্লেখ কৰিছে। ২০২৮২৬৪৭৯৪৪ নম্বৰৰ এই একাউন্টটো ইণ্ডিয়ান বেংকৰ লাখটকীয়া শাখাৰ। ইয়াৰ আইএফএছচি কোড হৈছে- আইডিআইবি০০০এল৫১৮। ইফালে ৰাজ্যত এইবাৰৰ বানত মৃতকৰ সংখ্যা ৬৫জনলৈ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে উজনিত ৬৫জন আৰু গুৱাহাটীৰ বানত এজন অর্থাৎ গোটেই ৰাজ্যত মৃতকৰ সংখ্যা এইবাৰৰ বানত ৬২ৰ পৰা ৬৬জনলৈ বৃদ্ধি হৈছে। আন চাৰিজন নিৰুদ্দিষ্ট হৈ আছে। গতিকে মৃতকৰ সংখ্যা হয়তো ৭০-৭৫জন হ’ব পাৰে। কিন্তু আমি প্রথমতে যিটো অনুমান কৰিছিলোঁ প্রায় ১০০জন হ’বগৈ, হয়তো তাতকৈ অলপ কমত থাকিম। কিন্তু প্রতিটো মৃত্যুৱে দুখ লগা আৰু ইয়াক সংখ্যাৰে তুলনা কৰিব পৰা নাযায়। এতিয়া সকলোকে উদ্ধাৰ কৰা হৈছে আৰু প্ৰত্যেক অঞ্চলত বান সাহায্য নিব পৰা গৈছে। বর্তমান সেই অসুবিধা নাই। পানীও কমিছে। অৱশ্যে শিৱসাগৰ সমষ্টিৰ গৌৰীসাগৰ আৰু শিৱসাগৰ চহৰৰ কিছু অঞ্চলৰ পৰা পানী এতিয়াও যোৱা নাই। তদুপৰি ২৫ হাজাৰ পৰিয়ালক আমি বর্তমানেও বিদ্যুৎ সংযোগ দিব পৰা নাই। বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছিল ১.৬০ লাখ পৰিয়ালৰ। এতিয়া এই সংখ্যাটো হ্রাস পাই ২৫ হাজাৰ হৈছে। সেই অঞ্চলৰ পানী শুকাই যোৱাৰ ৰাস্তা আমি পোৱা নাই। হয়তো মেচিন লগাই উলিয়াব লাগিব।
