‘প্ৰান্তিক’ৰ ‘কেৰিয়াৰ’ শিতান : সময়োপযোগী আৰু প্ৰশংসনীয় পদক্ষেপ
ড° বুলজিৎ বুঢ়াগোহাঁই
আজাৰা,গুৱাহাটী
আজিৰ দ্ৰুত পৰিৱৰ্তনশীল বিশ্বত কেৰিয়াৰৰ ক্ষেত্ৰখন অভূতপূৰ্বভাৱে সম্প্ৰসাৰিত হৈছে। প্ৰতিদিনে নতুন নতুন বৃত্তি, পাঠ্যক্ৰম আৰু প্ৰযুক্তিৰ উন্মেষে শিক্ষাৰ্থীসকলৰ বাবে অসংখ্য সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। কিন্তু সুযোগ বৃদ্ধি পোৱাৰ লগে লগে কেৰিয়াৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিভ্ৰান্তি আৰু অনিশ্চয়তাও বৃদ্ধি পাইছে। উপযুক্ত তথ্য আৰু নিৰ্দেশনাৰ অভাৱত বহু শিক্ষাৰ্থীয়ে নিজৰ আগ্ৰহ, দক্ষতা আৰু ব্যক্তিত্বৰ লগত সামঞ্জস্য নথকা কেৰিয়াৰ বাছনি কৰে। ইয়াৰ ফলত তেওঁলোক হতাশ হয়, মূল্যৱান সময় অপচয় হয় আৰু ভৱিষ্যৎ জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
এনে পৰিস্থিতিত সঠিক, নিৰপেক্ষ আৰু তথ্যভিত্তিক কেৰিয়াৰ পৰামৰ্শৰ প্ৰয়োজনীয়তা আগতকৈও অধিক বৃদ্ধি পাইছে। এই দিশটো প্ৰতি লক্ষ্য ৰাখি অসমৰ অন্যতম জনপ্ৰিয় আলোচনী প্ৰান্তিকে ২০২৬ চনৰ ১৬–৩১ জুলাই সংখ্যাৰ পৰা ‘কেৰিয়াৰ’ নামৰ এটা শিতান আৰম্ভ কৰিছে, যিটো নিঃসন্দেহে এক সময়োপযোগী আৰু প্ৰশংসনীয় পদক্ষেপ। এই শিতানৰ জৰিয়তে শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলে বিভিন্ন কেৰিয়াৰ, উচ্চ শিক্ষা, দক্ষতা বিকাশ, নিয়োগৰ সুযোগ আৰু ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে নিৰ্ভৰযোগ্য তথ্য লাভ কৰে যেন । এই মহৎ উদ্যোগৰ বাবে ‘প্ৰান্তিক’ৰ সম্পাদকমণ্ডলীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ, এই শিতানে অসমৰ যুৱ সমাজক সঠিক কেৰিয়াৰ নিৰ্বাচনত সহায় কৰাৰ লগতে তথ্যসমৃদ্ধ আৰু সচেতন সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
যদি এই শিতানত নিয়মিতভাৱে বিভিন্ন কেৰিয়াৰ বিকল্প, প্ৰয়োজনীয় শিক্ষাগত যোগ্যতা, দক্ষতা, কৰ্মসংস্থাপনৰ সম্ভাৱনা, বৃত্তি, প্ৰশিক্ষণ, চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সুযোগসমূহৰ বিষয়ে বিস্তৃত তথ্য প্ৰকাশ কৰা হয়, তেন্তে শিক্ষাৰ্থী আৰু অভিভাৱক দুয়ো উপকৃত হ’ব। লগতে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়, শিক্ষানুষ্ঠান, বৃত্তিমূলক প্ৰতিষ্ঠান আৰু বিভিন্ন উচ্চ শিক্ষাৰ সুযোগসমূহৰ বিষয়ে তথ্যসমৃদ্ধ প্ৰবন্ধ প্ৰকাশ কৰিলে শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্য আৰু সামৰ্থ্য অনুসৰি উপযুক্ত শিক্ষানুষ্ঠান বাছনি কৰাত সুবিধা লাভ কৰিব। ইয়াৰ লগতে UPSC, APSC, SSC, NEET, JEE, CUET, GATE, CAT আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেদৰে পৰিকল্পিতভাৱে প্ৰস্তুতি চলাব লাগে, সেই বিষয়ে নিয়মীয়া দিহা-পৰামৰ্শ প্ৰকাশ কৰিলে শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। এই পৰীক্ষাসমূহত সফল হোৱা শিক্ষাৰ্থী আৰু বিষয়বিশেষজ্ঞসকলৰ সাক্ষাৎকাৰ, অভিজ্ঞতা আৰু সফলতাৰ কাহিনী প্ৰকাশ কৰিলে সেয়া আন বহু শিক্ষাৰ্থীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিব।
বৰ্তমান বহু আলোচনী, বাতৰি কাকত আৰু ডিজিটেল মাধ্যমত বিজ্ঞাপনৰ বেশত কেৰিয়াৰ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰা হয়। এনে তথ্য প্ৰায়ে অসম্পূৰ্ণ, পক্ষপাতদুষ্ট বা ব্যৱসায়িকভাৱে প্ৰেৰিত হয়, যিয়ে শিক্ষাৰ্থী আৰু অভিভাৱকক বিভ্ৰান্ত কৰাৰ সম্ভাৱনা থাকে।
আশা কৰিছোঁ, ‘প্ৰান্তিক’ আলোচনীয়ে কেৰিয়াৰ বিষয়ক জনসচেতনতা বৃদ্ধি আৰু তথ্যপ্ৰচাৰৰ এই দায়িত্ব সফলতাৰে পালন কৰি অসমৰ শিক্ষাৰ্থী, যুৱ সমাজ আৰু অভিভাৱকসকলৰ বাবে এক নিৰ্ভৰযোগ্য আৰু সহায়ক মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিব। লগতে এই উদ্যোগে আন আলোচনী আৰু সংবাদ মাধ্যমসমূহকো কেৰিয়াৰ বিষয়ক নিয়মীয়া শিতান আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিব।
