দিবাস্বপ্ন
পৰিস্মিতা বৰা হাজৰিকা,মাজুলী
ঘৰৰ পৰা লৰালৰিকৈ ওলাই যোৱা ককায়েকে দেখিও নেদেখাৰ ভাও ধৰাত সচাকৈয়ে আচৰিত হ’ল আইনু । এদিন নেদেখিলে থাকিব নোৱাৰা ককায়েকৰ এনে পৰিবৰ্তন দেখি তাই অবাক হৈ সি যোৱাৰ ফালেই চাই থাকিল ।
: আইনু , সোমাই আহ , কি হ’ল পদুলী মুৰতে ৰৈ থাকিবি নে –?
মাকৰ মাতত তাইৰ ভাৱনাত যতি পৰিল । বেগটো লৈ তাই ঘৰলৈ সোমাই আহিল । মাকৰ মুখত তাই অহাৰ আনন্দ তাই দেখা নাপালে । মাকে যেন কৰিব লগা বাবেহে কামবোৰ কৰিছে । দেউতাকৰ অবিহনে মাকে কণমানি লৰা ছোৱালী দুটা কিমান কষ্টৰে ডাঙৰ কৰিছিল , সা-সম্পত্তিৰ বাবে খুড়াক আৰু বৰদেউতাকে কৰা অত্যাচাৰৰ পিছতো ভাগি নপৰা হাঁহিমুখীয়া মানুহজনীক দেখি তাইৰো চিন্তা দুগুণে বাঢ়িল । ককায়েকে কিবা নকবলগীয়া কথা মাকক কোৱা নাইতো ।
: মা , মা — কাপোৰসাজ সলাই তাই পাকঘৰলৈ গ’ল । চাহ বাকিবলৈ লোৱা মাকক তাই পিছফালৰ পৰা সাবটি ধৰিলে । মা , এইবাৰ তুমিও মোৰ সৈতে যাব লাগিব । ৰঞ্জনে আহিবৰ সময়ত বাৰে বাৰে কৈ পঠাইছে তোমাক মোৰ লগত লৈ যাবলৈ । মাকে তাইৰ কথাত মাথোঁ সলাগি গ’ল । তাই ভবাৰ দৰে কোনো উত্তৰ তাই মাকৰ পৰা নাপালে । চাহ কাপ হাতত লৈ তাই মাকৰ পিছে পিছে গৈ আগফালৰ বাৰাণ্ডা পালেগৈ । তাই অহাবুলি খবৰ পাই চুবুৰিয়েই ৰমলা খুৰী আহি ওলাল । তাই বহিবলৈ পীৰা খন আগবঢ়াই দিলে ।
: ঘৰৰ খবৰবোৰ পাই আহিলি হবলা ? পিছে জোৱাইক কলি নে নাই কথাবোৰ — ৰমলা খুৰীৰ কথাত তাই আচৰিত হৈ ওচৰ চাপি গ’ল —
: কি কথা খুৰী ? মায়ে মোক একো কোৱা নাই । কিন্তু মই অনুমান কৰিব পাৰিছোঁ যে মাৰ কিবা এটা হৈছে — তাই একে উশাহে কৈ গ’ল ।
: কি আচৰিত অ’ এই মানুহজনী , এতিয়ালৈকে তোক একো কোৱাই নাই । ইফালে গোটেই গাওঁ বিয়পি পৰিল ।
তাইক এফালৰ পৰা কথাবোৰ কৈ গুচি গ’ল ৰমলা খুৰী । কথাবোৰ শুনি তাই আচৰিত হোৱা নাই । ককায়েকৰ ব্যৱহাৰ দেখি তাই আচৰিত হৈছিল , কিন্তু এতিয়া তাই খং উঠিছে তালৈ । ইমান কষ্টৰে সিহঁতক ডাঙৰ কৰা মূল্য সি কি দিলে । দেউতাকৰ অবিহনে কিমান ত্যাগ কৰিছিল সিহঁতক মানুহ কৰিবলৈ । চকুৰ পানীখিনি জোৰেৰে সামৰি তাই মাকৰ কাষলৈ গ’ল । তাই নেদেখাকৈ মাকে যে উচুপি আছিল , তাই বুজি পাইছে ।
: মা , তুমি কিয় এনে কৰিলা , দাদা ইমান পৰিবৰ্তন কিয় হ’ল মই বুজিব পৰা নাই ।
: মাজনী , মই বুঢ়ী হৈ আহিছোঁ , ভাবিছিলোঁ তোৰ আৰু সোণৰ দুয়োটা নামতে মাটি বাৰী সকলোবোৰ ভাগ কৰি দিম ।কিন্তু সি উকা কাগজত চহী কৰাই নি সকলো নিজৰ নামত কৰি এতিয়া বোলে আধা মাটি বিক্ৰীও কৰিছে। সেই টকাৰে সি বোলে চহৰত গৈ ব্যৱসায় কৰিব । মোৰ সকলো শেষ হৈ গ’ল মাজনী — মাকে হুকহুকাই কান্দি উঠিল । মা জীৱনত সকলোকে বিশ্বাস কৰি আমি ডাঙৰ ভুল কৰোঁ । উকা কাগজত চহী কেতিয়াও নকৰিবা , সি তোমাৰ যিমানেই আপোন নহওক মা । মইয়ো এটা ডাঙৰ শিক্ষা পালোঁ ।
: মাজনী , তই যে চাকৰি বাবে পৰীক্ষা দিছিলি , কি হ’ল ? পাবি নে
: নাপালোঁ মা , আজিকালি পঢ়া – শুনাৰ মূল্য নাই , যোগ্যতাৰ প্ৰয়োজন নাই মা , আজিকালি নিয়মবোৰ তুমি বুজি নাপাবা মা । এওঁ মোক পৰীক্ষা দিবলৈকে মানা কৰিছিল । মইহে ব্যস্ত থাকোঁ বুলি পৰীক্ষাত বহিছিলোঁ । কিন্তু তোমাৰ দৰে এটা উকা কাগজৰ চহীয়ে মোকো শেষ কৰি পেলালে । মান সন্মান সকলো শেষ হৈ যায় মা কিছুমান মানুহৰ ভুল সিদ্ধান্তৰ বাবে আমাৰ সপোনবোৰৰ মৃত্যু হয় ।
যি হয় ভালে হয় মাজনী , তই চিন্তা নকৰিবি । জোৱাই ভাল মানুহ । সি তোক বুজি পাই , কষ্ট নিদিয়ে । আহ আমি ভাত খাই লওঁ । তই ভালপোৱা সৰু মাছৰ ভাজি , খাৱলী আৰু খৰিচাৰে পইতা ভাত ।
আহ্ তুমি ইমান ভাল । বলা বলা কিমাননো আৰু দুখৰ কথাবোৰ মনত পেলাই দুখ কৰিবা । আমাৰো ভাল দিন আহিব । যত দুখ নাই তাত সুখৰো মূল্য নাই মা ।
আইনুৰ কথাত মাক – জীয়েক দুয়োজনীয়ে খিলখিলাই হাঁহি উঠিল ।
