কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্রী ৰৱনীত সিং বিট্টুৰ পদত্যাগ
ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে কেন্দ্ৰীয় ৰে’ল আৰু খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰৱনীত সিং বিট্টুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা পদত্যাগ কৰে। যোৱা ২১ জুনত তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকালৰ অন্ত পৰে। ৰাষ্ট্ৰপতি ভৱনে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে পঞ্জাব বিজেপিৰ নেতাগৰাকীৰ পদত্যাগ পত্ৰ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰে। বিবৃতিটোত উল্লেখ কৰা হৈছে, ‘‘প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমৰ্মে ভাৰতৰ সংবিধানৰ ৭৫নং অনুচ্ছেদৰ (২) দফামতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰৱনীত সিঙৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা দিয়া পদত্যাগ পত্ৰ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰিছে।” তেওঁৰ পদত্যাগৰ কোনো আনুষ্ঠানিক কাৰণ দৰ্শোৱা হোৱা নাই যদিও পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে সক্ৰিয় ৰাজ্যিক ৰাজনীতিলৈ তেওঁৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তনক লৈ সৃষ্টি হোৱা চৰ্চাৰ মাজতে এই পদক্ষেপটো পোহৰলৈ আহিছে। বিট্টুৱে ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে ২০২৪ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ জুনলৈকে সেৱা আগবঢ়ায়। বিজেপিয়ে ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে তেওঁ পদত্যাগ কৰে। আগন্তুক পঞ্জাব বিধানসভা নির্বাচনত তেওঁ প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে।
