বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে তিনিখন গেটেৰে পানী এৰিলে নীপকোৱে
ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমত বৰ্তমান বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই ভয়াৱহ পৰিস্থিতিৰ মাজতে গোলাঘাট জিলাৰ ৰাইজলৈ আন এক ডাঙৰ বিপদ নামি আহিছে। বৃহস্পতিবাৰে নীপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ মুঠ তিনিখনকৈ গেট খুলি দিয়াৰ ফলত এই আতংকৰ সৃষ্টি হৈছে। উল্লেখ্য যে বিগত কেইবাদিনো ধৰি নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি পাই আহিছে। ইয়াৰ সমান্তৰালকৈ দৈয়াং নৈত থকা নীপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰো কম-বেছি পৰিমাণে বৃদ্ধি পাই আছে। বুধবাৰে পুৱা বিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰটোৰ জলস্তৰ ই এল ৩১৯.৫০ মিটাৰ বৃদ্ধি পাইছিল। এনে পৰিস্থিতিত বিজার্ভাৰটো Full Reservoir Level (ইএল ৩২৪.০০ মিটাৰ) অৰ্থাৎ পানীৰে পূৰ্ণ হৈ যোৱাৰ আশংকা কৰিছিল নীপকো কর্তৃপক্ষই। যাৰ বাবে নীপকো কর্তৃপক্ষই গোলাঘাট জিলা প্ৰশাসনৰ লগত আলোচনা কৰি প্রয়োজনসাপেক্ষে ৰেডিয়েল গেটসমূহ পর্যায়ক্রমে খুলিবলৈ যো-জা কৰিছিল। বৃহস্পতিবাৰে পুৱাৰে পৰা দৈয়াং জলবিদ্যুৎ প্ৰকল্পত জলস্তৰ পুনৰ বৃদ্ধি পাই বিয়লি ৪ বজালৈকে ৩২২.২৫ মিটাৰ হোৱাত নীপকোৱে মুঠ চাৰিখন ৰেডিয়েল গেটৰ তিনিখনেৰে ০.৫০ মিটাৰকৈ বর্ধিত পানী দৈয়াং নদীত এৰি দিছে। বিদ্যুৎ প্রকল্পটোত এনেকৈয়ে জলস্তৰ বৃদ্ধি পাই থাকিলে চাৰিখন গেটেৰে নীপকোৱে কম-বেছি পৰিমাণে পানী এৰি দিয়াৰ আশংকা আছে বুলি জানিব পৰা গৈছে।ইফালে গোলাঘাট জিলাৰ ধনশিৰি আৰু দৈয়াং নৈৰ জলস্তৰ বৃদ্ধি পাই থকাৰ সময়তে নীপকোৱে এৰি দিয়া অতিৰিক্ত পানীয়ে নৈ দুখনৰ বুকু ওফন্দাই পেলাইছে। অৱশ্যে, নীপকোৰ পানীয়ে যাতে জিলাখনৰ এই গাঁওসমূহক বিশেষ ক্ষতি কৰিব নোৱাৰে তাৰ বাবে জিলা প্রশাসনে তৎপৰতাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দৈয়াং নদীত বৃদ্ধি পাব পৰা জলস্তৰৰ ফলত গোলাঘাট জিলাত যাতে কোনো জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নহয় তাৰ বাবে জিলা প্রশাসনে নৈপৰীয়া লোকসকলক শংকিত নহৈ সতর্ক হ’বলৈ আহ্বান জনাইছে। জিলা প্রশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈকো আহ্বান জনাইছে। লগতে এই সময়ছোৱাত নদীত সাঁতোৰা, মাছ ধৰা, গা ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে জিলা প্রশাসনে। ইয়াৰ বিপৰীতে বাঢ়নী পানীয়ে সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে প্রশাসন সম্পূর্ণরূপে সাজু আছে আৰু জনসাধাৰণক আতংকিত নহৈ এই সময়ছোৱাত প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ বিপৰীতে বাঢ়নী পানীয়ে সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে প্রশাসন সম্পূর্ণৰূপে সাজু আছে আৰু জনসাধাৰণক আতংকিত নহৈ এই সময়ছোৱাত প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
