অন্ধ্রপ্রদেশত পুনৰ সাতগৰাকী ব্যক্তি ক’ভিডতআক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- দেশত পুনৰ আৰম্ভ হৈছে ক’ৰোনাৰ প্ৰকোপ। অন্ধ্রপ্রদেশত ইতিমধ্যে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ খবৰ পোৱা গৈছে। মঙলবাৰৰ তথ্য অনুসৰি, অন্ধ্ৰপ্ৰদেশত আৰু সাতগৰাকী ব্যক্তি ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২৬গৰাকীলৈ বৃদ্ধি পাইছে বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ স্বাস্থ্য বিভাগে লগতে জনায় যে এই নতুন আক্ৰান্তসকল ৰাজ্যখনৰ বিভিন্ন জিলাত ধৰা পৰিছে আৰু এয়া কোনো Cluster outbreak নহয়। আক্রান্ত ২৬জনৰ ভিতৰত ১০জন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, আন ৯জন ৰোগী হোম আইছ’লেচনত আছে। তিনিজনে ইতিমধ্যে সুস্থ হোৱা বুলি প্রমাণ-পত্র লাভ কৰিছে। আক্রান্তসকলৰ ভিতৰত ৪জনৰ ইতিমধ্যে মৃত্যু ঘটিছে। ৰাজ্যখনত এইপর্যন্ত ১৪৫টা নমুনা পৰীক্ষা কৰা হৈছে। মঙলবাৰে অন্ধ্রপ্রদেশত চিনাক্ত হোৱা ৭টা নতুন কেছৰ ভিতৰত ৪টা গুন্টুৰ জিলাৰ, দুটা পূব গোদাবৰী আৰু এটা বাপাতলা জিলাৰ। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা মতে, মৃত চাৰিওজন ৰোগীৰেই ক’ভিড চিনাক্ত হোৱাৰ পূৰ্বৰ পৰাই জটিল অসুস্থতা তথা কো-মর্বিডিটী আছিল। স্বাস্থ্য বিভাগে স্পষ্ট কৰি দিছে যে সংক্রমণসমূহ বিভিন্ন জিলাত বিক্ষিপ্তভাৱে বিয়পিছে। কিন্তু, ৰাজ্যখনত ক্লাষ্টাৰ প্রাদুৰ্ভাৱৰ কোনো প্রমাণ পোৱা নাই।
