বাৰিষাৰ পথাৰ
বনজিত দাস
ৰিহাবাৰী, বজালী
চিপ্ চিপীয়া বৰষুণত কাজল চুলি মেলি
নহয় নে লখিমী জনী
ওলাই কঁকালত টঙালি বান্ধি
খিলি তামোল কাটি
টুলবুলিয়া ওঁঠত ৰং বুলাই
নহয় নে ৰূপৱতী ?
পথাৰ কৰে কোনেনো শুৱনি
নাই হলুৱা টিলিঙা বন্ধা গৰু হালখনি
ট্ৰেক্টৰৰ মাতত গুমগুমনি ।
কোমল আলিত পিচল খোজ
নহয় নে সেইজনী লচপচি
হাতত লৈ চাহ-জলপান
কোনে বজাই চিফুং বাঁহী
ফু-মাৰি সুৰ তুলি পাহুৱাল ডেকাটি
ধলং পলংকৈ কান্ধত কোৰ লৈ
ৰিং মাৰি ককাইটি ।
ঠেহ বন্ধা বৰষুণত পিচল আলি
খুপি খুপি যায় কোন সেইজনী
পেচ-মাৰি চাদৰৰ আঁচল খনি টানি
জাক জাক ৰুৱনি পথাৰ কৰে শুৱনি
তাই নহয় নে ৰূপৱতী ?
চিপ্ চিপীয়া বৰষুণত কাজল চুলি মেলি
খামুচি কঁকালত ৰিহা বান্ধে আতি-আতি
সঁচা কথা কোৱা খুলি
কোনে কৰে শুৱনি
মোৰ গাৱৰ পথাৰ খনি ।
