মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উজনিত মন্ত্ৰী কেশৱ মহন্ত-বিমল বড়া-সুশান্ত বৰগোহাঁইৰ দুৰ্যোগ তদাৰক
ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ পাছতে নগা পাহাৰৰ পৰা উৎপত্তি হোৱা দিখৌ আৰু দিচাং নদী ফেনে ফোটোকাৰে বাঢ়ি অহাৰ ফলত জিলাখনৰ বিস্তীৰ্ণ অঞ্চলত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে । উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ জিলাৰ উপৰি যোৰহাট জিলাৰ বিস্তীর্ণ অঞ্চলত দেখা দিয়া শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশত দুর্যোগপূর্ণ অঞ্চলসমূহত উপস্থিত হয়গৈ দুর্যোগ ব্যৱস্থাপনা মন্ত্রী কেশৱ মহন্ত, জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁই আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া। বিমল বড়া শিৱসাগৰৰ অভিভাৱক মন্ত্রী। মন্ত্রী কেশৱ মহন্তই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যোৰহাটৰ টীয়ক-কাকজানৰ বিভিন্ন এলেকাত পৰিভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। বিয়লিৰ সময়লৈ মন্ত্রী কেশৱ মহন্তই শিৱসাগৰ জিলা আযুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা প্রশাসন আৰু জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াবৰ্গৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।

মন্ত্ৰী বিমল বড়া, সুশান্ত বৰগোহাঁই, জিলা আয়ুক্ত মৃদুল যাদৱ, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰা এই বৈঠকত উদ্ভৱ হোৱা নাজিৰা, ডিমৌ আৰু শিৱসাগৰ বিধানসভা সমষ্টিসহ সমগ্ৰ জিলাখনৰ বান পৰিস্থিতিৰ সামগ্ৰিক পৰ্যালোচনা কৰে। বৈঠকত বন্যাৰ্তসকলৰ উদ্ধাৰ অভিযান, আশ্রয় শিবিৰৰ ব্যৱস্থাপনা, সাহায্য বিতৰণ, জৰুৰী চিকিৎসা সেৱা প্ৰদান আদি বিষয়সমূহ বিতংভাৱে আলোচনা কৰে। জিলা দুখনত বান পৰিস্থিতিৰ বুজ লৈ মন্ত্রী কেশৱ মহন্তই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীর্ণ অঞ্চল নাগালেণ্ডত হোৱা বৰষুণৰ বাবে বুৰ গৈছে বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, কেৱল নাজিৰা ৰাজহ চক্ৰৰ ১২৬খন গাঁৱেই বানত বুৰ যোৱাৰ কথা স্বীকাৰ কৰে। তেওঁ কয় যে বানত আক্রান্ত হোৱা অঞ্চলসমূহৰ বহু অঞ্চলত কোনোদিনেই বানপানী হোৱা নাছিল। আনহাতে, জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁয়ে সদৰী কৰে যে জিলা দুখনত উদ্ধাৰ অভিযান তীব্রগতিত হৈ আছে। উদ্ধাৰ অভিযানৰ বাবে বায়ুসেনাৰ চাৰিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। ৩০খন এছডিআৰএফ, এনডিআৰএফৰ নাও ব্যৱহাৰ কৰা হৈছে। বন্যার্তক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। ইফালে, মন্ত্রী বিমল বড়াই উল্লেখ কৰা মতে শিৱসাগৰ জিলাৰ নাজিৰা টাউন, লিগিৰীপুখুৰী, সুন্দৰপুখুৰী, বিহুবৰ, চণ্টক, গড়গাঁও, লোণপুৰীয়া আদিকে ধৰি বিভিন্ন গাঁৱৰ বহু লোক বানত আক্রান্ত হৈছে। মন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে ২,০০০ মানুহক বানৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ কথা সদৰী কৰে।

আনহাতে উজনি অসমৰ বিভিন্ন অঞ্চলত ধাৰাবাহিক প্রবল বৃষ্টিপাতৰ ফলত জাঁজী, দিখৌ, দিচাং আদিকে ধৰি বহুকেইখন সৰু-বৰ নৈ ফেনে ফোটোকাৰে ওফন্দি পৰিছে, যাৰ ফলস্বৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো ৰে’ল বাতিল অথবা ৰে’লসমূহৰ পথ সলনি কৰিছে। বিশেষতঃ ভয়ংকৰ বানৰ কবলত পৰা শিমলুগুৰি অঞ্চলত থকা ৰে’লপথৰ কেইবাটাও স্থানত ব্যাপক ক্ষতিসাধন হোৱাত উত্তৰ-পূব ৰে’লৱেই যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নির্দেশ নোহোৱাপর্যন্ত ১০খনৰো অধিক ৰে’লৰ যাতায়াত বাতিল কৰিছে। বাতিল হোৱা ৰে’লসমূহৰ ভিতৰত আছে- গুৱাহাটী ইণ্টাৰচিটী এক্সপ্ৰেছ, তিনিচুকীয়া-যোৰহাট টাউন পেছেঞ্জাৰ, ৰঙিয়া ইণ্টাৰচিটী এক্সপ্ৰেছ, শিমলুগুৰি পেছেঞ্জাৰ, যোৰহাট টাউন-তিনিচুকীয়া পেছেঞ্জাৰ, শিমলুগুৰি-ডিব্ৰুগড় পেছেঞ্জাৰ, ডিব্ৰুগড়-ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ, ডিব্ৰুগড়-হাওৰা এক্সপ্ৰেছ আদি। ৰে’ল বিভাগে শিমলুগুৰি-নামতিআলি আৰু শিমলুগুৰি-চেলেংহাট অংশৰ মাজত ৰে’ল চলাচল স্থগিত ৰাখিছে। ফলস্বৰূপে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা যাত্ৰা আৰম্ভ কৰা এই স্থানসমূহলৈ আহিব লগা কেইবাখনো দূৰণিবটীয়া ৰে’ল ৰঙিয়া-ৰঙাপৰা-ডিব্ৰুগড় পথেৰে ঘূৰাই পঠিয়াইছে। ইয়াৰ উপৰি কেইবাখনো স্থানীয় যাত্রীবাহী ৰে’ল বাতিল কৰা হৈছে বা কিছুমান ৰে’লৰ যাত্ৰা আংশিকভাৱে বাতিল কৰা হৈছে। ৰে’লৱে বিভাগে প্রকাশ কৰা বুলেটিন অনুসৰি মুঠ ১১খন ৰে’লৰ পথ পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ ভিতৰত ডিব্ৰুগড়-নতুন দিল্লীৰ ৰাজধানী এক্সপ্ৰেছ, বিবেক এক্সপ্রেছ, অবধ অসম এক্সপ্ৰেছ আদি গুৰুত্বপূৰ্ণ ৰে’ল অন্তর্ভুক্ত। ইয়াৰ উপৰি তিনিখন ৰে’ল ছৰ্ট অৰিজিনেট কৰা হৈছে। ৰে’ল সেৱাৰ ওপৰত পৰিস্থিতিৰ ব্যাপক প্ৰভাৱ পৰাৰ ফলত তিনিচুকীয়া-ডিব্ৰুগড়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচনত টিকট বাতিল কৰিবলৈ অহা যাত্ৰীৰ ভিৰো পৰিলক্ষিত হৈছে। বান পৰিস্থিতিৰ বাবে উজনিমুৱা পাঁচখন আৰু নামনিমুৱা পাঁচখনকৈ মুঠ ১০খন ৰে’ল বাতিল হৈছে।
