দেশৰ প্ৰথমখন হাইড্র’জেন চালিত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতীয় ৰে’লৱেই এক ঐতিহাসিক মাইলৰ খুঁটি স্পর্শ কৰিলে। ভাৰতৰ প্রথমখন হাইড্র’জেনচালিত ৰে’লৰ যাত্ৰাৰ ফ্লেগ অফ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। হাৰিয়ানাৰ জিন্দ ৰে’ল ষ্টেচনৰ পৰা সেউজীয়া পতাকা জোকাৰি এই পৰিৱেশ বান্ধৱ ৰে’লখনৰ প্ৰথম যাত্ৰাৰ সূচনা কৰে। হাইড্ৰ’জেন চালিত ৰে’লখন ৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিন্দ-সোণেপট অংশত চলাচল কৰিব । এই ৰে’লখনে জিন্দ জংচন, গোহানা জংচন আৰু সোণেপট সংযোগ কৰাৰ লগতে মধ্যৱৰ্তী ষ্টেচনসমূহক সেৱা আগবঢ়াব ৷ বিশ্বজুৰি চলি থকা কেইখনমান হাইড্ৰ’জেন ৰে’লৰ ভিতৰত অন্যতম এই ৰে’লখন । ইয়াৰ লগে লগে ৰে’ল পৰিবহণৰ বাবে হাইড্ৰ’জেন প্ৰযুক্তি ব্যৱহাৰ কৰা দেশৰ এক অভিজাত তালিকাত অন্তৰ্ভুক্ত হ’ল ভাৰতৰ নাম । শুকুৰবাৰে জিন্দৰ একলব্য ষ্টেডিয়ামত প্রায় ১৪,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে। ভাষণত তেওঁ এনডিএ চৰকাৰৰ আমোলত গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ কথা উল্লেখ কৰে। লগতে সাম্প্রতিক ইৰান যুদ্ধ আৰু হৰমুজ সংকটৰ প্ৰসংগয়ো ঠাই পায় তেওঁৰ ভাষণত। প্রধানমন্ত্রীয়ে কয়, ‘যুদ্ধ পৰিস্থিতিত তেলৰ সংকট হ’লেও আমাৰ কোনো উন্নয়ন প্ৰকল্পৰ কাম ব্যাহত হোৱা নাই। ২০১৪ চনৰ পূৰ্বে হৰমুজ সংকট হ’লে ৰে’লৰ চলাচল হয়তো বন্ধ হৈ পৰিলহেঁতেন।’ পূৰ্বৰ ইউপিএ চৰকাৰৰ আমোলত ইন্ধন মজুত আৰু সৰবৰাহৰ বিষয়টো উপেক্ষিত আছিল বুলি ইংগিত দিয়ে প্রধানমন্ত্রী মোদীয়ে। হাইড্ৰ’জেনচালিত ৰে’লক ‘মেক ইন ইণ্ডিয়া’ৰ আদর্শ উদাহৰণ বুলিও চিহ্নিত কৰে প্রধানমন্ত্রীয়ে। লগতে প্রধানমন্ত্রীয়ে দাবী কৰে যে তেওঁৰ ১২ বছৰীয়া প্রধানমন্ত্ৰিত্বৰ কালত দেশৰ ৯৯ শতাংশ ৰে’ল পথৰেই বৈদ্যুতিকৰণ হৈছে। হাইড্র’জেনচালিত ৰে’লৰ লগতে প্রধানমন্ত্রীয়ে শুকুৰবাৰে জিন্দৰ একলব্য ষ্টেডিয়ামৰ পৰা কুৰুক্ষেত্ৰ অঞ্চলত নির্মিত এলিভেটেড ৰে’লৱে ট্রেক দেশৰ উদ্দেশ্যে উৎসর্গা কৰে। তাৰ লগতে ১২,৪৭০ কোটি টকাৰ ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে তেওঁ। ভিৱানীৰ ‘পণ্ডিত নেকিৰাম শৰ্মা গৱর্নমেন্ট মেডিকেল কলেজ’ আৰু মহেন্দ্র গড়ৰ কোৰিৱাছত ‘মহর্ষি চ্যৱন মেডিকেল কলেজ’ আৰু ‘ৰাও তুলাৰাম হাস্পতাল’ হাৰিয়ানাবাসীৰ উদ্দেশ্যে উৎসর্গা কৰে। একেদিনাই প্রধানমন্ত্রীয়ে আধুনিক প্রযুক্তিৰ জৰিয়তে শিখ ধৰ্মৰ ইতিহাস আৰু গুৰুসকলৰ অৱদান তুলি ধৰাৰ উদ্দেশ্যে নেট মাধ্যমত কুৰুক্ষেত্ৰৰ ‘শিখ মিউজিয়াম’ৰ আধাৰশিলা স্থাপন কৰে। হাৰিয়ানাৰ জিন্দত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে কয়, ‘আজি জিন্দ আৰু হাৰিয়ানাৰ নাম ইতিহাসৰ পাতত চিৰস্থায়ীভাৱে লিপিবদ্ধ হ’ল। দেশৰ প্ৰথমখন হাইড্র’জেনচালিত ৰে’ল আজি ইয়াৰ পৰাই আৰম্ভ হ’ল। ভাৰতৰ প্ৰথম ৰে’ল চলাচল আৰম্ভ হৈছিল মুম্বাইৰ পৰা থানেলৈ। ঠিক তেনেদৰেই ভৱিষ্যতে যেতিয়া হাইড্র’জেনচালিত ৰে’লৰ কথা ওলাব তেতিয়া জিন্দ, সোণিপট আৰু হাৰিয়ানাৰ নামো নিশ্চয়কৈ উচ্চাৰণ হ’ব।’ তেওঁ আৰু কয়, ‘ভাৰতীয় ৰে’লৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে উনৈশ শতিকাৰ ৰে’লৰ পৰিচয় আছিল ভাপ ইঞ্জিন। বিংশ শতিকাত ডিজেল আৰু বিদ্যুৎচালিত ৰে’ল ইয়াৰ নতুন পৰিচয় হৈ উঠে। এতিয়া একবিংশ শতিকাৰ ৰে’ল হ’ব হাইড্র’জেনচালিত। আজি ভাৰতীয় ৰে’লে আধুনিক প্রযুক্তিৰ যুগত এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। আজি জিন্দৰ পৰা সোণিপটপর্যন্ত হাইড্ৰ’জেনচালিত ৰে’লৰ চলাচল আৰম্ভহৈছে। আপাততঃ ইয়াৰ দূৰত্ব ৯০ কিলোমিটাৰ হ’লেও ভৱিষ্যতলৈ ইয়াৰ সম্প্ৰসাৰণৰ বিপুল সম্ভাৱনা আছে।’ ভাষণত তেওঁ প্রকাশ কৰে ‘এই হাইড্র’জেনচালিত ৰে’ল বিশ্বৰ আটাইতকৈ শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল। ইয়াৰ ক্ষমতা ৩,২০০ হৰ্ষপাৱাৰ। কেৱল আটাইতকৈ শক্তিশালীয়েই নহয়, ভাৰতৰ এই হাইড্ৰ’জেনচালিত ৰে’ল বিশ্বৰ আটাইতকৈ দীঘলো। বর্তমান বিশ্বৰ যিসমূহ দেশত হাইড্র’জেনচালিত ৰে’ল আছে, সেই ৰে’লসমূহ সাধাৰণতে তিনি বা চাৰিটা দবা বিশিষ্ট। কিন্তু ভাৰতে প্ৰথমবাৰতে পোনে পোনে ১০টা দবাৰ হাইড্ৰ’জেনচালিত ৰে’ল প্ৰৱৰ্তন কৰি বিশ্ব মঞ্চত নিজৰ সক্ষমতাৰ পৰিচয় দিছে।’ এই হাইড্র’জেনচালিত ৰে’ল ভাৰতৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয়, ‘ভাৰতৰ এই হাইড্ৰ’জেনচালিত ৰে’ল কেৱল ধোঁৱামুক্তই নহয়, ই ‘মেক ইন ইণ্ডিয়া’ উদ্যোগৰো এটা অসাধাৰণ সাফল্যৰ উদাহৰণ। এই ৰে’লখন ভাৰতৰেই প্ৰযুক্তিবিদসকলে নক্সা কৰিছে আৰু ভাৰতৰেই এটা সংস্থাই ইয়াক নিৰ্মাণ কৰিছে।’ বিশেষজ্ঞসকলে জনাইছে যে পৰিৱেশবান্ধৱ প্ৰযুক্তিত বিদ্যুৎ উৎপাদনৰ বাবে হাইড্র’জেন ইন্ধন ব্যৱহাৰ কৰা হয়। ডিজেলচালিত ৰে’লসমূহৰ তুলনাত ই বহু বেছি পৰিমাণে পৰিৱেশবান্ধব। বিশেষ প্রযুক্তিৰ ব্যৱহাৰত হাইড্ৰ’জেন সংৰক্ষণ আৰু বিফুৱেলিঙৰ সুবিধাও আছে। উদ্বোধনৰ পূৰ্বে এক্স হেণ্ডেলত প্রধানমন্ত্রী মোদীয়ে লিখিছে ‘এই বিশেষ ৰে’ল সেৱা প্ৰৱৰ্তনৰ জৰিয়তে বিশ্বৰ যি অল্পসংখ্যক দেশত ইয়াৰ প্ৰচলন আছে, তাৰ মাজত স্থান লাভ কৰিলে ভাৰতে। ৰে’লৰ ক্ষেত্ৰত পৰিৱেশবান্ধর আৰু পৰিচ্ছন্ন প্ৰযুক্তিৰ ব্যৱহাৰেৰে এই পদক্ষেপে দেশখনক বহু দূৰ আগুৱাই লৈ যাব। প্রচলিত ডিএমই ৰে’লৰ দৰে এই হাইড্র’জেনচালিত ৰে’ল ডিজেলেৰে নচলে। আকৌ ইএমইউ বা এমইএমইউ ৰে’লৰ নিচিনা অভাৰ হেড বৈদ্যুতিক তাঁৰৰ পৰাও শক্তি সংগ্ৰহ নকৰে। ইয়াত নাথাকে কোনো শক্তিশালী বেটাৰী চেল। কিন্তু হাইড্র’জেনচালিত ৰে’ল মূলতঃ একপ্ৰকাৰৰ বৈদ্যুতিক ৰে’ল। কিন্তু এই হাইড্ৰ’জেন ইন্ধনে চেলৰ জৰিয়তে ৰে’লখনৰ ভিতৰতেই বিদ্যুৎ উৎপন্ন কৰে। এই প্ৰক্ৰিয়াত বিদ্যুৎ উৎপন্ন হোৱাৰ পিছত বর্জ্য বা উপজাত হিচাপে কেৱল জলীয় বাষ্পহে তৈয়াৰী হয়। যাৰ ফলত কাৰ্বন নিঃসৰণ বা ধোঁৱা নির্গমন শূন্য হয়। অর্থাৎ হাইড্র’জেনচালিত ৰে’ল প্ৰদূষণমুক্ত আৰু পৰিৱেশবান্ধৱ। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে ডিজেলচালিত ৰে’লৰ তুলনাত অধিক পৰিৱেশ বান্ধৱ তথা অনুকূল এই হাইড্ৰ’জেন ৰে’লখনে একেবাৰতে ২,৬০০ যাত্রীক কঢ়িয়াই নিব পৰাকৈ সক্ষম। ইয়াৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ৭৫ কিলোমিটাৰ হ’লেও ডিজাইন স্পীড হ’ব প্রতি ঘণ্টাত ১১০ কিলোমিটাৰ। ৰে’লখনৰ চালিকা শক্তি ১,২০০ কিলোৱাটৰ প্ৰট’ন এক্সচেঞ্জ মেমব্রেন ফুরেল ছেল এই প্রযুক্তিত উচ্চচাপত থকা চিলিণ্ডাৰৰ পৰা হাইড্ৰ’জন আৰু বতাহৰ অক্সিজেনৰ ৰাসায়নিক উৎপাদনৰ ফলত বিদ্যুৎ উৎপাদন ঘটে।
