বিক্ৰী যোৱা বিবেক
শৈলেন কুমাৰ, মিৰ্জা
জ্ঞানহীন মগজুত অহংকাৰৰ বাস,
সুবিধাবাদী চৰিত্ৰৰে সমাজ কৰিলোঁ নাশ।
নীতিহীন লক্ষ্য আমাৰ, নাই কোনো স্থিতি,
শক্তিৰ ওচৰত আঁঠু লৈ কৰোঁ তোষামোদৰ নীতি।
ষড়যন্ত্ৰৰ জাল নিজৰে ভিতৰত,
পথ প্ৰদৰ্শকেই আজি বিক্ৰী গ’ল বজাৰত।
নৱপ্ৰজন্মক দেখুৱাওঁ ভুল পথৰ দিশ,
আমাৰ চেলিব্ৰিটি ৰূপত লুকাই আছে বিষ।
‘হুজুৰ’ বুলি মূৰ দোঁওৱা স্বভাৱ হ’ল স্থায়ী,
আত্মা বিক্ৰী কৰি আমি লওঁ সন্তুষ্টি।
আদৰ্শৰ কি কাম যদি ভৰি চেলেকিলেই চলে?
মানুহ ৰূপী দানৱ আমি, চিনাকি পাওঁ ছলে-বলে।
ভণ্ডতাৰ আবৰণেৰে অভিসন্ধি ৰচো,
সত্য ওলাই পৰিলে মিছা লাজত মৰো।
সবে কয় আজিৰ দিনত পইচাই ভগৱান,
টকাৰ বাবে হেৰুৱালোঁ মান-অভিমান।
পইচাই যদি সৰ্বস্ব, তেন্তে সুধোঁ তোমাক ভাই,
নিজস্বতাকো জানো বেচিব পৰা পইচাৰ আশাই?
হেৰা তথাকথিত চেলিব্ৰিটি, এৰা এই ভণ্ডামী,
টকাৰ বাবে ইমান তললৈ নানামিবা তুমি।
