কলিজাৰ ৰং
ৰূপালী গগৈ চুতীয়া, ডিব্ৰুগড়
নৰিয়াত পৰিলে
চকুলো বয়
নাজানো কলিজাৰ
ৰং কি
আহাৰৰ পথাৰত
জোকে ধৰিলে
পানী ৰঙা হয়।
জোকৰ তেজ ৰঙা নেকি
নে কলিজাৰ তেজ ?
তোমাক সুধিবলৈও
ব্যস্ত থাকা
শুনিছোঁ উশাহৰ
দৰ দাম বাঢ়িছে
কলিজাও বিক্ৰি হব চাগে ।
আহাৰ মাহত যেতিয়া
নিহালিৰ বুকুত
কেঁকাই কেঁকাই থাকোঁ
মোৰ শৰীৰৰ সকলো অংগ
বিষ হয়
তেতিয়া তুমি আহি
সাৱটি লোৱাৰ উমানত
কঁপালখনে হাঁহি উঠে
কোমল ওঁঠৰ ৰং সানিবলৈ ।
আৱেগিক হয় মন ,
আৱেগিক হৈ পৰে হৃদয়,
নিজকে আঁতৰাই আনো
মন আৰু মৰম জানো একেই
নীৰৱে চকুলো টুকি
নিজকে কওঁ
তোৰ কলিজাৰ তেজ
ৰঙা নহয়
সেইখিনি আহাৰমহীয়া
পানীৰ ৰং ।
