শাওণ – হৰেন কপ্তাক

Pc ebangla.press

শাওণ

হৰেন কপ্তাক

লেবেজান সময়ৰ ভৰপক দুপৰীয়া
ভোকে কলমলাই নাঙল সীৰলু ৰ’দত পুৰিছে
শেঁতা পৰা কঠীয়াবোৰ
ঠেং দাঙি থিয় হোৱাৰ কচৰৎ কৰিছে

সপোন যেন গান এটি
শব্দৰ জুনুকা বজাই
পিটপিটাই ঘূৰি ফুৰিছে
শাওণৰ ৰ’দ গলা বোকাত

তাম ৰঙী ৰোৱনীৰ আঙুলিৰ বুলনিত
ৰুণজুন ৰুণজুণ নুপূৰৰ সুৰ

মিহি মিহিকৈ বলি অহা বতাহজাকত
শ’লপুনা শুৱাগমণিৰ নাচোন

মিচিক মাচাককৈ কজলা হালে মাত লগালে
বেলি ঘূৰিল, ঐ বেলি ঘূৰিল

আঘোণৰ সপোন এটি সাৱটি
শাওণী বাইয়ে দেহ পুৰা গান এটি নিচুকাইছে

ঝিঁঝিঁকৈ ভাঁহি অহা ঝিলিৰ মাতত
সপোন যেন এজাক বৰষুণ

আবেলিৰ বুকুচাত উঠি শাওণ আহিল