সময়ত লোৱা সু সিদ্ধান্তই জীৱন ধুনীয়া কৰে
নমিতা দাস,শুৱালকুছি
সু সিন্ধান্তই জীৱনৰ বাট নিৰুপন কৰে । সময় হৈছে জীৱনৰ আটাইতকৈ মুল্যবান সম্পদ । সময়ৰ মুল্য বুজি হাতলৈ অহা সুযোগ আৰু সুবিধাৰ শুদ্ধ প্ৰয়োগ আৰু সুস্থ সিন্ধান্তত উপনীত হৈ সময়ৰ কাম সময় মতে নকৰিলে সময় শেষ হোৱাৰ পিছত পৰিতাপৰ অগনীত দগ্ধ হ’লেও সেই সময় বা সিন্ধান্ত দুনাই সলনী কৰিব পৰা নাজায় ।
নিপুণ ভাবে জীৱনটো বুজি পাব লাগিব তেতিয়াহে সু সিন্ধান্ত ল’বৰ বাবে সুস্থ মানসিকতা গঢ়ি উঠিব । জীৱনৰ বাটত গভীৰ ভাবে কৰা চিন্তনে জীৱনটোক সহজ আৰু সৰল কৰি সিন্ধান্ত লোৱাত সহায় কৰে । কোনো কোনো সময়ত জীৱনটো আগুৱাই নিবলৈ যেতিয়া কিছুমান সিদ্ধান্ত লোৱা হয় তেতিয়া এটা সুস্থ মন আৰু মগজুৰে লোৱা সিদ্ধান্তই ভবিষ্যত পোহৰাই তোলে । জীৱনৰ অভিজ্ঞতাবোৰে সিন্ধান্ত লোৱাত সহায় কৰে ।
কেতিয়াবা কিছুমান সিদ্ধান্ত বিষয়টোৰ প্ৰতি জ্ঞান নথকাকৈ বা নজনাকৈ লোৱাৰ ফলত সিদ্ধান্তটো লোৱাত ভূল হৈ যায় । অজ্ঞাতে বা কোমল মনৰ আবেগৰ বশবৰ্ত্তী হৈ বিবেচনা নকৰাকৈ যিকোনো সিদ্ধান্ত হুৰ -মূৰ কৈ লোৱাৰ ফলতো বিপদৰ সন্মুখিন হ’ব লগাত পৰে । যি সিদ্ধান্ত লোৱা হয় তৎখনিক ভাবে নলৈ ভাবি চিন্তি সুস্থ ভাবে অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰি ললে এটা সুস্থিৰ সিন্ধান্তত উপনিত হব পাৰি । আকৌ মানুহৰ বেগি মনে প্ৰয়োজনীয় সকলো পোৱাৰ পিছতো আকৌ উৰ্ধ মূখী অভিলাষে কেতিয়াবা সিন্ধান্ত লৈ বিপদ নমায় অনাও দেখা যায় ।
আমি কিবা নহয় কিবা এটা সিন্ধান্ত ল’ব লগা হলে, বিষয়টোৰ গভীৰতা সুন্দৰকৈ ভাব -চিন্তা কৰাৰ প্ৰয়োজনটো আছেই লগতে অধ্যায়নৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি । কিতাপৰ জ্ঞান আৰু জীৱনৰ জ্ঞানৰ মাজত যথেস্থ ব্যৱধান পৰিলক্ষিত হয় । কিতাপৰ জ্ঞানে মানুহক শিক্ষাৰ পোহৰ দিয়ে, চাটিৰ্ফিকেট দিয়ে । কিন্ত জীৱনৰ জ্ঞানে মানুহক অভিজ্ঞ কৰি তোলে । এটি সু-সিদ্ধান্তই জীৱনটো পোহৰাই তোলে। বিশেষকৈ যুৱ অবস্থাত বা কুমলীয়া বয়সতে বুজি নোপোৱাকৈ লোৱা সিদ্ধান্তৰ বাবে গোতেই জীৱনটো অনুশোচনাত দগ্ধ হ’ব লগাত পৰে আকৌ যদি তেনে কুমলীয়া সময়তে শুদ্ধ সিন্ধান্ত এটা লোৱা হয় জীৱনৰ অন্তিম সময়লৈ সুখ সমৃদ্ধিৰে উপচি পৰে। অনুতপ্ত হ’ব লগিয়া নহয় ।
আচলতে কেতিয়াবা ভুল সিন্ধান্তই মানুহক সময়ৰ লগত চলিবলৈ শিকাই যদিও আকৌ কিছুমান সিদ্ধান্ত লোৱাৰ পিছত সলনি কৰিব নোৱাৰি শিলৰ ৰেখাৰ দৰে গোতেই জীৱনে সেই সিদ্ধান্ত নাগ পাশৰ দৰে মেৰিয়াই ধৰে। জীৱন হৈ পৰে ভয়াবহ গতিকে শুদ্ধ সময়ত লোৱা শুদ্ধ সিদ্ধান্ত আৰু ভূল সিদ্ধান্তৰ পিছত মানুহৰ জীৱনৰ এন্ধাৰ আৰু পোহৰৰ বাট নিৰুপন কৰে।
জীৱনৰ সাফল্য অৰ্জনৰ আন এক আৱশ্যকীয় উপাদান হৈছে ধৈৰ্য। সাফল্য অৰ্জন কৰিবলৈ সু সিদ্ধান্তৰ লগতে ধৈৰ্যৰো প্ৰয়োজনীয়তা আছে। বহু সময়ত দেখা যায় ধৈৰ্যৰ অভাবৰ ফলত সু সিন্ধান্ত লোৱাৰ পৰা আতৰি থকা হয় । দিঘলীয়া কষ্টতকৈ কম সময়ৰ ভিতৰত লাভ কৰা ফলৰ কথা চিন্তা কৰি অতি চমু বাট পোনাব বিচাৰাতো ধৈৰ্যৰে অভাব বুলি কব পাৰি । কিন্ত চমুবাটৰ সিন্ধান্তই কোনোৱা সময়ত আশানুৰূপ ফল নিদিবও পৰে । অতি ক্ষিপ্ৰতাৰে ফলা- ফলৰ কথা আশা কৰাৰ বাবে অনাহুত সিন্ধান্তত উপনীত হৈ জীৱনৰ সমস্যা বোৰে গভীৰ সাঁচ বহুৱাই মনৰ অস্থিৰতাৰো সৃষ্টি কৰা পৰিলক্ষিত হয় ।
যেনেকৈ ধৈৰ্যৰ প্ৰয়োজন সেইদৰে সাহসৰো প্ৰয়োজন মনত সাহস আৰু উদ্দমে সিন্ধান্ত লোৱাত সহায় কৰে । গভীৰ সমস্যাৰ সময়ত সিন্ধান্ত লবলৈ সাহসৰ প্ৰয়োজন। মন স্থিৰ ৰাখি সময়ৰ সৎ ব্যৱহাৰ আৰু সাহসেৰে লোৱা সিদ্ধান্তত নিজকে নেতিবাচক কথাৰ পৰা আতৰাই ৰাখি আগুৱাই যাব পাৰিব লাগিব। ধৈৰ্য আৰু সাহসৰ লগতে পৰিকল্পনা আৰু নিজৰ মনক মানসিক ভাবে প্ৰস্তোত কৰিব পৰা জনে জীৱনতো সুন্দৰ কৰিব পাৰে ।
