ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ ওলাইছে ট্রাম্পে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি থকা দেশসমূহৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে আমেৰিকাই এক নতুন বিধেয়ক আনিবলৈ প্ৰস্তুতি চলাইছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব পাৰে। এইবাৰ ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ ওলাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। এই দিশত বহুখিনি আগবাঢ়িছে মার্কিন প্রশাসন। জানিব পৰা মতে, ৪ গৰাকী মার্কিন ছিনেটৰে নতুন এখন আইন গৃহীত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই আইনৰ মর্মার্থ অনুসৰি যিবোৰ দেশে ৰাছিয়াৰ পৰা এতিয়াও শক্তি সম্পদ আমদানি কৰি আছে তেওঁলোকৰ ওপৰত বিপুল অংকৰ শুল্ক আৰোপ কৰা। কমেও ৫০০ শতাংশ শুল্ক আৰোপৰ প্ৰস্তাৱ ৰখা হৈছে বিধেয়কখনৰ প্ৰাথমিক খচৰাত। ভাৰতে দীর্ঘদিন ধৰি ৰাছিয়াৰ তেল ক্ৰয় কৰি আহিছে। ৰাছিয়াৰ তেলৰ বৃহৎ ক্রেতা ভাৰত। ফলত নতুন আইন গৃহীত হ’লে ভাৰতৰ বাবে মূৰৰ কামোৰণি বৃদ্ধি হোৱাৰ যথেষ্ট কাৰণ আছে। ৰিপাব্লিক আৰু ডেম’ক্রেটছ দুয়োটা দলৰে পৰাই দুজনকৈ ছিনেটৰে এই বিধেয়কৰ প্ৰস্তাৱ কৰিছিল। ট্রাম্পৰ প্ৰশাসনৰ সন্মতিতে এইবাৰ বিধেয়কখন উত্থাপন কৰা হ’ব। ছেঞ্চনিং ৰাছিয়া এক্ট-২০২৫ত কোৱা হৈছে যে ৰাছিয়াৰ পৰা যিবোৰ দেশে তেল, গেছ, ইউৰেনিয়াম, পেট্র’পণ্য কিনে তেওঁলোকৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব। এই শুল্কৰ পৰিমাণ ৫০০ শতাংশ পর্যন্ত হ’ব পাৰে। কিন্তু মার্কিন ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত ৰুছ পণ্য কিনাৰ নিষেধাজ্ঞাত সর্বাধিক ১৮০ দিনৰ ৰেহাই দিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। এই কথা কোৱা হৈছে বিধেয়কখনত। ৰিপাব্লিকান চিনেটৰ লিণ্ডচি গ্ৰাহাম আৰু ৰজাৰ ৱিকাৰৰ লগতে ডেম’ক্ৰেটিক চিনেটৰ ৰিচাৰ্ড ব্লুমেন্থাল আৰু জিন শ্বাহিনে এক যুটীয়া বিবৃতিত প্ৰকাশ কৰিছে যে এই বিধেয়কখন অতি শীঘ্ৰেই সংসদত উত্থাপন কৰা হ’ব। ইয়াক তেওঁলোকে এক ডাঙৰ সফলতা বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে, প্ৰস্তাৱিত ছেংকচনিং ৰাছিয়া এক্ট ২০২৫ আইনখনৰ অধীনত যিবোৰ দেশে ৰাছিয়াৰ পৰা তেল আৰু প্ৰাকৃতিক গেছ ক্ৰয় কৰিব, সেই দেশসমূহৰ পৰা আমেৰিকালৈ ৰপ্তানি হোৱা সামগ্ৰী আৰু সেৱাৰ ওপৰত বৃহৎ পৰিমাণৰ জৰিমনা বা শুল্ক আৰোপ কৰা হ’ব। বিধেয়কখন অনুসৰি, তেনে দেশৰ ওপৰত ৫০০ শতাংশ পৰ্যন্ত আমেৰিকান শুল্ক জাপি দিয়া হ’ব পাৰে। ২০২২ চনৰ পৰা ৰাছিয়া-ইউক্রেইন যুদ্ধৰ আৰম্ভণিৰ পিছত পশ্চিমৰ একাধিক দেশে ৰাছিয়াৰ তেল আমদানি কৰাটো বন্ধ কৰি দিয়ে। পিছে জার্মানীৰ দৰে বহু দেশে ৰাছিয়াৰ গেছ এতিয়াও আমদানি কৰাটো অব্যাহত ৰাখিছে। সেই সময়তে কম দামত ৰাছিয়াৰ তেল কিনিবলৈ আৰম্ভ কৰে ভাৰতে। হোৰাহোৰে ৰাছিয়াৰ তেল আমদানিৰ পৰিমাণ বঢ়াই থাকে । প্ৰথমৰ পৰাই এই বিষয়টো ভাল ভাবেৰে লোৱা নাই আমেৰিকাই। কিন্তু নতুন দিল্লীৰ স্পষ্ট স্থিতি আছিল যে ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথা ভাবি য’ৰ পৰা তেল আমদানি কৰাটো লাভজনক তাৰ পৰাই তেল কিনা হ’ব। যোৱা বছৰ আগষ্ট মাহত ভাৰতীয় পণ্যৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰে ট্রাম্পে ৰাছিয়াৰ পৰা তেল কিনাৰ ‘অপৰাধত’। তাৰ পিছত স্পষ্টকৈ জনায় যে তেল বিক্ৰীৰ ধনেৰে ইউক্রেইনত হত্যালীলা চলাইছে ৰাছিয়াই। সেই কাৰণে ৰাছিয়াৰ তেল আমদানিকাৰী দেশসমূহক ‘শাস্তি’ দিয়া হ’ব। ভাৰতক ‘নির্দেশ’ দি ট্রাম্পে ৰাছিয়াৰ তেল কিনা বন্ধ কৰিব লাগিব বুলি কয়। কিন্তু ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয় ইৰানৰ সৈতে আমেৰিকাৰ যুদ্ধ। তেলৰ বজাৰ একেবাৰেই বিপর্যস্ত হৈ পৰে। সেই সময়তে ভাৰতক ৰাছিয়াৰ তেল কিনাৰ ‘অনুমতি’ও দিয়ে আমেৰিকাই। সেই ‘অনুমতি’ৰ ম্যাদ আপাততঃ উকলিছে।
