নিৰ্মিয়মান আৰক্ষী ৰিজাৰ্ভ আৰু ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন মুখ্যমন্ত্রীৰ

নিৰ্মিয়মান আৰক্ষী ৰিজাৰ্ভ আৰু ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পল্টন বজাৰস্থিত অসম আৰক্ষী বিজার্ভ চৌহদ আৰু অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত চলি থকা উন্নয়নমূলক কাম পৰিদৰ্শন কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই গুৱাহাটীৰ পল্টনবজাৰস্থিত অসম আৰক্ষী ৰিজার্ভ চৌহদৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে। নতুনকৈ নিৰ্মাণ কৰি থকা পুলিচ ৰিজাৰ্ভত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় । পানবজাৰ আৰক্ষী ছাউনীৰ নতুন অট্টালিকা পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়,  পূৰ্বে পুলিচৰ এশ-ডেৰশ বিষয়া বা কনিষ্টবলসকল আছিল । এই গোটেই প্ৰকল্পটো ৬০৬ কোটি টকা ব্যয় কৰি নতুনকৈ কৰা হৈছে । তেওঁ লগতে কয়, নিৰ্মাণ হৈ থকা আৰক্ষীৰ নতুন ভৱনটোত ৬০০ পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু জোৱান থাকিব পাৰিব । নৱনিৰ্মিত প্ৰকল্পত এখন স্কুল, এটা মন্দিৰ, এট‍া নামঘৰ আৰু এখন খেলপথাৰ থাকিব। গুৱাহাটী পুলিচ ৰিজাৰ্ভৰ কাৰ্যালয় থাকিব । এই প্ৰকল্পৰ অংশ হিচাপে পানবজাৰত ৪২ গৰাকী আৰক্ষী বিষয়া থাকিব পৰা অফিচাৰ মেছ নিৰ্মাণ কৰি থকা হৈছে । এই সম্পূৰ্ণ প্ৰকল্পটো ডিচেম্বৰ-জানুৱাৰীত সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰকল্পৰ সন্মুখত মাল্টিলেভেল কাৰ পাৰ্কিং কৰা হৈছে । ইয়াত গুৱাহাটী আৰক্ষীৰ সকলো বাহন পাৰ্কিঙত ৰখা হ’ব, এই কথা মুখ্য়মন্ত্ৰীয়ে জনায় ৷ আনহাতে পুলিচ ৰিজাৰ্ভৰ পাছতে মুখ্যমন্ত্রী অসম ৰাজ্যিক চিৰিয়াখানাত উপস্থিত হৈ চিৰিয়াখানাৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। চিৰিয়াখানাত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে চিৰিয়াখানাখনৰ নির্মীয়মাণ পশু চিকিৎসালয়, বন্যপ্রাণী পুনৰুদ্ধৰ কেন্দ্র, সংগ্ৰহালয় আদি পৰিদৰ্শন কৰি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা প্রমুখ্যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, লোকনির্মাণ বিভাগৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। চিৰিয়াখানাখনৰ নির্মীয়মাণ পশু চিকিৎসালয়খন দেশৰ আগশাৰীৰ পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি নিৰ্মাণ কৰিবলৈ, দৰ্শনাৰ্থীৰ সুবিধা হোৱাকৈ চিৰিয়াখানাৰ ভিতৰত ৰে’লৰ ব্যৱস্থা কৰাৰ সম্ভৱনীয়তা বিচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড° শৰ্মাই কয়-  অসম চৰকাৰে ৩৬০ কোটি টকা ব্যয়েৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ আধুনিকীকৰণৰ কাম কৰি আছে। এই কামসমূহৰ ভিতৰত চিৰিয়াখানা চাবলৈ অহা দর্শনার্থী আৰু চিৰিয়াখানাত থকা বন্যজীৱ সকলোৰে সুবিধা হোৱাকৈ চিৰিয়াখানাখন গঢ়ি তোলা হ’ব। ইয়াৰ ভিতৰত আছে অত্যাধুনিক পশু চিকিৎসালয়, জীব-জন্তু উদ্ধাৰ কেন্দ্র আৰু আৰু পৃথিৱীৰ ভিতৰতে পক্ষী থকা এক বৃহৎ  গঁৰাল। এই কামসমূহ ক্ষিপ্ৰতাৰে চলি আছে। ইতিমধ্যে প্রকল্পটোৰ ২৭ শতাংশ কাম সম্পূর্ণ হৈছে। দেশৰ আগশাৰীৰ চিৰিয়াখানালৈ গৈ তাৰ ভাল ভাল উপাদানবোৰ গ্রহণ কৰি চিৰিয়াখানাখন সর্বাংগসুন্দৰ আৰু বন্যজীৱৰ বাবে অনুকূল হোৱাকৈ নিৰ্মাণ কৰা হ’ব। ইতিমধ্যে বন বিভাগ তথা চিৰিয়াখানাৰ বিষয়াসকলক নির্দেশ দিয়া হৈছে যে দেশৰ ভাল ভাল চিৰিয়াখানাসমূহ পৰিদৰ্শন কৰি তাত থকা সুবিধাসমূহ ইয়াত সংযোজন কৰিব লাগে। বেংগালুৰু, মহীশূৰ, গুজৰাটৰ চৰ্দাৰ পেটেল পার্ক, ছিংগাপুৰৰ চিৰিয়াখানা এই সকলোবোৰ পৰিদৰ্শন কৰি ৰাজ্যিক চিৰিয়াখানাখন দেশৰ ভিতৰতে যাতে সুন্দৰ হয়, তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। আনহাতে চিৰিয়াখানাখনত দর্শনার্থীৰ সুবিধা হোৱাকৈ ৰে’লৰ ব্যবস্থা কৰাৰ সম্ভাৱনীয়তাক বিচাৰ কৰিবলৈও আজি মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। চিৰিয়াখানাৰ নিৰ্মাণকাৰ্য পৰিদৰ্শনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে চিৰিয়াখানাত থকা তিনিটা বেড পাণ্ডাৰ স্বাস্থ্যৰ বুজ লয়। চিৰিয়াখানা পৰিদৰ্শনকালত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা প্ৰমুখ্যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, লোকনির্মাণ বিভাগৰ উচ্চস্তৰীয় বিষয়াসকল উপস্থিত থাকে।