নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰে বৈঠকত বহিল নৰেন্দ্ৰ মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- ত্রিদেশীয় ভ্রমণসূচীত ইণ্ডোনেছিয়া আৰু অষ্ট্ৰেলিয়াৰ পাছত ১০ জুলাইত নিউজিলেণ্ডত উপস্থিত হৈছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। প্রধানমন্ত্রী মোদীৰ এই তিনি দেশীয় ভ্রমণৰ পৰিণাম সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে সামাজিক মাধ্যম এক্সত প্রকাশ কৰে।মন্ত্ৰ্যালয়ে কয়, ‘ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এই তিনি দেশীয় ভ্রমণে বাণিজ্য, প্রযুক্তি, নিৰাপত্তা, শিক্ষা, উদ্ভাৱন তথা জনসাধাৰণৰ সৈতে জনসাধাৰণৰ বিনিময়কে ধৰি আন বহু ক্ষেত্রত সহযোগিতা বৃদ্ধি কৰালে।’ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নিউজিলেণ্ডত পদার্পণ কৰাত দেশখনৰ ফালৰ পৰা তেওঁক ‘ৰাজকীয় অভ্যর্থনা’ প্ৰদান কৰা হয়। শনিবাৰে পুৱাৰ ভাগতে ৰাজধানী অকলেণ্ডৰ গৱৰ্নমেন্ট হাউছত প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰখনৰ আদি বাসিন্দা মাওৰী জনজাতিৰ ঐতিহ্যবাহী ‘পাওহিৰি’ অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিক আৰু ৰাজকীয়ভাৱে আদৰণি জনোৱা হয় প্রধানমন্ত্রী মোদীক। সুদীর্ঘ ৪০ বছৰৰ ভিতৰত এয়াই আছিল কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নিউজিলেণ্ড ভ্রমণ। এই উপলক্ষে তাত তিনিতৰপীয়া সর্বোচ্চ নিৰাপত্তাৰ বেষ্টনী ঘোষণা কৰা হৈছে। ২৭ বছৰ পূৰ্বে ১৯৯৯ চনত সেই সময়ৰ মার্কিন ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ ভ্ৰমণৰ পিছত এই প্ৰথমবাৰ মোদীৰ বাবে সর্বোচ্চ নিৰাপত্তাৰ বেষ্টনী গঢ়ি তুলিছিল নিউজিলেণ্ডে। শুকুৰবাৰে সন্ধিয়া বিশেষ বিমান ‘ইণ্ডিয়া ৱান’ত অষ্ট্ৰেলিয়াৰ পৰা গৈ অকলেণ্ডত উপস্থিত হয় মোদী। বিমানবন্দৰত তেওঁক আদৰণি জনাবলৈ প্রট’কল ভাঙি উপস্থিত থাকে সেই দেশৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সন। বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে মোদীৰ এই দুদিনীয়া ভ্ৰমণৰ মূল লক্ষ্য হ’ল কৌশলগত অংশীদাৰিত্ব আৰু দ্বিপাক্ষিক বাণিজ্যিক তথা অর্থনৈতিক সহযোগিতা বৃদ্ধি। ৰাজকীয় সম্বর্ধনাৰ পিছতে মোদী আৰু লাক্সনে দ্বিপাক্ষিক প্রতিনিধি পৰ্যায়ৰ বৈঠকত যোগ দিয়ে। বৈঠকৰ পূৰ্বে মোদীয়ে কয়, ‘ভাৰত আৰু নিউজিলেণ্ড স্বাভাৱিক মিত্র। এই মিত্রতাক নতুন উচ্চতালৈ নিয়াই আমাৰ লক্ষ্য।’ প্ৰধানমন্ত্ৰী মোদী আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী লাক্সনৰ মাজত শনিবাৰে অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । দুয়োখন দেশে কৌশলগত অংশীদাৰিত্ব ঘোষণা কৰি ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি প্ৰায় ৩৫,০০০ কোটি টকা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে । এই বৈঠকত ১০খন চুক্তিকে ধৰি ১৮টা সুনিৰ্দিষ্ট ফলাফল পোৱা গৈছিল । বৈঠকত চাৰি বছৰত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ বিশদ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰা হয়। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰা, ভাৰতীয় নৌসেনা আৰু নিউজিলেণ্ড প্ৰতিৰক্ষা বাহিনীৰ মাজত লজিষ্টিক সহযোগিতা বৃদ্ধি কৰা, বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠানিক অংশীদাৰিত্ব আগবঢ়াই নিয়া আদি চুক্তিসমূহৰ ভিতৰত অন্যতম । বৈঠকৰ পিছত জাৰি কৰা এক যৌথ বিবৃতিত দুয়োখন দেশে মুকলি, নিৰাপদ আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে । দুয়োগৰাকী নেতাই জোৰ দি কয় যে সকলো দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰিব লাগিব।বিবৃতি অনুসৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি, বিশেষকৈ ১৯৮২ চনৰ ৰাষ্ট্ৰসংঘৰ সাগৰৰ আইন সম্পৰ্কীয় চুক্তি অনুসৰি সাগৰৰ জাহাজ চলাচল আৰু ওপৰেৰে উৰণৰ স্বাধীনতা আৰু অন্যান্য বৈধ ব্যৱহাৰৰ আহ্বান জনায় । যুটীয়া বিবৃতিত আৰু কোৱা হৈছে যে মোদী আৰু লাক্সনে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলক লৈ মত বিনিময় কৰে আৰু এখন মুক্ত, মুকলি আৰু সমৃদ্ধ অঞ্চলৰ প্ৰতি তেওঁলোকৰ উমৈহতীয়া প্রতিশ্রুতি পুনৰ ব্যক্ত কৰে। তেওঁলোকে সার্বভৌমত্ব, ভৌগোলিক অখণ্ডতা আৰু নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা ৰক্ষাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ একাংশৰ মতে, চীনক ‘লক্ষ্যত ৰাখিয়েই’ সামুদ্রিক সুৰক্ষাৰ বিষয়ত যুটীয়া পদক্ষেপ সন্দর্ভত একমত হয় নতুন দিল্লী-অকলেণ্ড। নিউজিলেণ্ডৰ পূৰ্বে মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণতো ভাৰত-মহাসাগৰীয় অঞ্চলত সামৰিক কৌশলগত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে চুক্তিবদ্ধ হৈছিল দুয়োখন দেশ।
