নৈ পৰীয়া কবিতা – সঞ্জীৱ গগৈ

Pc The Margaret River Region

নৈ পৰীয়া কবিতা

সঞ্জীৱ গগৈ
মেলেংগ্ৰাণ্ট, যোৰহাট 

কোনো এক মৌন সন্ধিয়া,
নৈখনৰ নিৰ্জন তীৰভূমিত বহি
মই মেলি লৈছিলোঁ ডায়েৰীখনৰ শুভ্ৰ নিস্তব্ধতা।
মনৰ গভীৰতাত সাঁচি ৰখা অনুভৱবোৰ
লিপিবদ্ধ কৰিব পৰাকৈ এটা শব্দ বিচাৰি থাকোঁতেই,
অকস্মাতে—
এটি পোহৰ কণা উৰি আহি
পৃষ্ঠাখনত এচাটি জোনাক সিঁচি গ’ল।
নৈখনৰ পানীৰ বুকুত তেতিয়া
সন্ধিয়াই নিজৰ মুখখন চাই আছিল,
আৰু ঢৌবোৰে কোনো অজান দেশৰ কথা কৈ কৈ
বৈ গৈছিল দিগন্তৰ অস্পষ্ট সীমনালৈ…..।
মই লিখিব খুজিছিলোঁ
বিষাদৰ কথা,
হৃদয়ৰ দুৰ্গম কক্ষত আবদ্ধ
অব্যক্ত বেদনাৰ কথা।
কিন্তু নৈখনে ক’লে—
“দুখ যদি সাঁচি ৰাখা,
সেয়া বুকুত শেল হৈ ৰ’ব;
পাৰা যদি বৈ যাবলৈ শিকা,
তেতিয়া বেদনাও গান হৈ ব’ব।”
মই লিখিব খুজিছিলোঁ
ভালপোৱাৰ কথা,
নৈখনে হাঁহি মাৰি ক’লে—
“ভালপোৱা যদি সঁচা হয়,
সেই ভালপোৱাই সোঁতৰ দৰেই বাট বিচাৰি লয়।”
শেষত কবিতাটো সম্পূৰ্ণ নহ’ল,
কাৰণ কিছুমান অনুভৱ
শব্দৰে বান্ধিব নোৱাৰি।
নৈখনে অৱশ্যে
নিজৰ গীত গাই গাই বৈয়ে থাকিল,
সেই একেই মুক্ত, উদাসী আৰু উচ্ছল স্বভাৱেৰে।
সিদিয়া মোৰ আধৰুৱা শব্দবোৰো
নৈখনৰ সোঁতৰ সতেই উটি গ’ল সাগৰৰ সন্ধানত…।
ডায়েৰীখনৰ উকা পৃষ্ঠাত
মাত্ৰ এচাটি জোনাক ৰৈ গ’ল,
আৰু সেই অলিখিত কবিতাটি
নৈখনৰ কলকল ধ্বনিত
চিৰদিনৰ বাবে বাহ সাজি ৰ’ল।