আমাৰ স্বাভিমান : মৰমৰ যোৰহাট
জ্যোতিমণি মাহত্ব
অসমৰ শৈক্ষিক আৰু সাংস্কৃতিক জগতৰ অন্যতম প্ৰধান কেন্দ্ৰস্থল হ’ল যোৰহাট জিলা। ১৯৮৩ চনৰ ১ জুলাই তাৰিখে শিৱসাগৰ জিলাৰ পৰা পৃথক কৰি যোৰহাটক এখন সুকীয়া জিলা ঘোষণা কৰা হৈছিল। এই ঐতিহাসিক দিনটোৰ তাৎপৰ্য ৰক্ষা কৰি প্ৰতি বছৰে ১ জুলাই তাৰিখে যোৰহাট জিলা দিৱস উদযাপন কৰা হয়।
যোৰহাট কেৱল এখন জিলা বা ভৌগোলিক পৰিসীমাই নহয়, ই অসমৰ শিক্ষা, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ। ১৯৮৩ চনৰ ১ জুলাই তাৰিখে জন্মলাভ কৰা আমাৰ মৰমৰ যোৰহাটে আজি এক গৌৰৱময় পৰিচয় বহন কৰিছে। ভোগদৈ নদী,সেউজীয়া চাহ বাগিচাবোৰৰ বুকুত প্ৰতিধ্বনিত হয় আমাৰ যোৰহাটৰ অস্তিত্ব। ১৯৮৩ চনৰ ১ জুলাই তাৰিখে এখন সুকীয়া জিলা হিচাপে স্বীকৃতি পোৱা আমাৰ এই আপোন জিলাখনে কেৱল এটা ভৌগোলিক পৰিচয়কে বহন কৰা নাই বৰঞ্চ ই সমগ্ৰ অসমৰে শিক্ষা, সাহিত্য, সংস্কৃতি আৰু কৃষ্টিৰ প্ৰাণস্পন্দন। আহোম যুগৰ শেষ ৰাজধানীৰ ঐতিহাসিক গৰিমাৰে মহীয়ান এই ভূমিত আজিও প্ৰতিটো ধূলিকণাত বুৰঞ্জীৰ সুবাস পোৱা যায়।ইয়াৰ উপৰিও, অসমীয়া সমাজ জীৱনক চহকী কৰা বহুতো মহান মনীষীৰ কৰ্মভূমি আৰু জন্মভূমি এই পবিত্ৰ অঞ্চল। যোৰহাট জিলা দিৱস কেৱল এটা চৰকাৰী উদযাপনৰ দিন নহয় ই প্ৰতিজন যোৰহটীয়াৰ বাবে নিজৰ শিপাক সুঁৱৰি একাত্ম হোৱাৰ এক গৌৰৱময় ক্ষণ। আমাৰ আপোন জিলাখনৰ ঐতিহ্য আৰু প্ৰগতি সদায় অক্ষুণ্ণ থাকক তাৰেই কামনা কৰিলোঁ।
যোৰহাটৰ বুৰঞ্জী অত্যন্ত চহকী। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত ১৭৯৪ চনত যোৰহাটক আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল। ভোগদৈ নদীৰ দুই পাৰে বহা দুখন প্ৰাচীন বজাৰ— ‘মাছৰ হাট’ আৰু ‘চকী হাট’ একত্ৰিত হৈ ‘যোৰহাট’ নামেৰে উৎপত্তি হৈছিল। ব্ৰিটিছ শাসনকালত ই এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক কেন্দ্ৰ আছিল। স্বাধীনতাৰ পাছতো দীৰ্ঘদিন ধৰি যোৰহাট শিৱসাগৰ জিলাৰ এটা মহকুমা হৈ আছিল। অৱশেষত, ১৯৮৩ চনৰ ১ জুলাই তাৰিখে চৰকাৰীভাৱে যোৰহাটক এখন সুকীয়া জিলা হিচাপে ঘোষণা কৰা হয়। সেইবাবেই প্ৰতি বছৰে ১ জুলাই দিনটো জিলাখনৰ ‘জিলা দিৱস’ হিচাপে পালন কৰা হয়।
যোৰহাটক অসমৰ ‘সাংস্কৃতিক ৰাজধানী’ বুলি অভিহিত কৰাৰ অন্তৰালত ইয়াৰ উচ্চ শৈক্ষিক পৰিৱেশ আৰু বিশ্বমানৰ প্ৰতিষ্ঠানসমূহৰ অৱদান অনস্বীকাৰ্য। সমগ্ৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু অন্যতম শ্ৰেষ্ঠ কৃষি গৱেষণা কেন্দ্ৰ ‘অসম অসম কৃষি বিশ্ববিদ্যালয়’ ,কাৰিকৰী শিক্ষাৰ অন্যতম প্ৰধান স্তম্ভ ‘যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়’ আৰু বিজ্ঞান-প্ৰযুক্তিৰ গৱেষণা কেন্দ্ৰ’ এই জিলাখনৰে গৌৰৱ। কেৱল শিক্ষাই নহয়, অৰ্থনৈতিক দিশতো যোৰহাটে বিশ্বৰ বুকুত এক সুকীয়া স্থান লাভ কৰিছে। জিলাখনত থকা শ শ চাহ বাগিচা আৰু ১৯১১ চনতে স্থাপিত বিশ্বৰ আটাইতকৈ পুৰণি তথা বৃহৎ চাহ গৱেষণা কেন্দ্ৰ ‘টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান’ৰ বাবেই যোৰহাটক ‘বিশ্বৰ চাহৰ ৰাজধানী’ বুলি জনা যায়।শিক্ষা আৰু কাৰিকৰী গৱেষণাৰ ক্ষেত্ৰত যোৰহাট নগৰীৰ উপকণ্ঠৰ চটাইত অৱস্থিত ‘যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান’ ৰ নামো বিশেষভাৱে লেখত ল’বলীয়া ।১৯৭১ চনত চৰকাৰী বিজ্ঞান মহাবিদ্যালয় হিচাপে যাত্ৰা আৰম্ভ কৰা এই ঐতিহাসিক প্ৰতিষ্ঠানখনক পৰৱৰ্তী সময়ত এক উচ্চস্তৰীয় অভিযান্ত্ৰিক আৰু বিজ্ঞান মহাবিদ্যালয়লৈ উন্নীত কৰা হয় অসমৰ ভিতৰতে ই এখন অন্যতম অনন্য চৰকাৰী কাৰিকৰী প্ৰতিষ্ঠান, য’ত ।অভিযান্ত্ৰিক শিক্ষাৰ লগতে মৌলিক বিজ্ঞানৰো অৰ্থাৎ পদাৰ্থবিজ্ঞান,ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়ৰ উচ্চ শিক্ষা প্ৰদান কৰা হয়।
পৰ্যটন আৰু ঐতিহাসিক সমলৰ ক্ষেত্ৰতো যোৰহাট অত্যন্ত চহকী। শৰাইঘাটৰ যুদ্ধৰ মহানায়ক লাচিত বৰফুকনৰ পবিত্ৰ স্মৃতিত নিৰ্মিত হোলোঙাপাৰৰ ‘লাচিত বৰফুকনৰ মৈদাম’, স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ‘ৰজা মৈদাম’ আৰু বদন বৰফুকনৰ স্মৃতিবিজড়িত ‘বঙাল পুখুৰী’য়ে পৰ্যটকক অতীতৰ দিনবোৰলৈ লৈ যায়। একেদৰে, ভাৰতৰ একমাত্ৰ অভয়াৰণ্য হোলোঙাপাৰ গিবন অভয়াৰণ্য’ই বিলুপ্তপ্ৰায় হলৌ বান্দৰ সংৰক্ষণৰ জৰিয়তে প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষিত কৰিছে।
সাংস্কৃতিক আৰু ক্ৰীড়া জগতলৈও যোৰহাটৰ অৱদান অতুলনীয়। ১৮৯৬ চনত স্থাপিত ঐতিহাসিক ‘যোৰহাট থিয়েটাৰ’ অসমৰ নাট্য চৰ্চাৰ আটাইতকৈ পুৰণি আধুনিক নাট্যমঞ্চ । আনহাতে, অসমৰ সৰ্ববৃহৎ সাহিত্য অনুষ্ঠান ‘অসম সাহিত্য সভা’ৰ প্ৰধান কাৰ্যালয় ‘ৰাধাকান্ত সন্দিকৈ ভৱন’ যোৰহাটতে অৱস্থিত, যিয়ে ভাষা-জননীৰ সেৱাত অহৰহ কাম কৰি আহিছে। একেদৰে, ১৮৯১ চনত ব্ৰিটিছৰ দিনতে প্ৰতিষ্ঠা হোৱা ‘যোৰহাট জিমখানা ক্লাব’ এছিয়াৰ আটাইতকৈ পুৰণি গল্ফ ক’ৰ্চসমূহৰ ভিতৰত অন্যতম হিচাপে ক্ৰীড়াপ্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
আধ্যাত্মিক আৰু পুৰাতাত্বিক ক্ষেত্ৰত ১৪৬১ চনতে মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ‘ঢেকীয়াখোৱা বৰনামঘৰ’ৰ চিৰযুগমীয়া বন্তি আৰু ঐতিহাসিক ‘বুঢ়ীগোঁসানী দেৱালয়’ৰ স্থাপত্যই জিলাখনৰ প্ৰাচীন ঐতিহ্য বহন কৰিছে।
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰো এক জ্বলন্ত সাক্ষী এই যোৰহাট, য’ত ১৮৫৮ চনত দেশপ্ৰেমী মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ মহৎ ত্যাগৰ পৰা আৰম্ভ কৰি ভাৰত ত্যাগ আন্দোলনৰ অমৰ শ্বহীদ কুশল কোঁৱৰৰ ফাঁচিকাঠৰ কৰুণ অথচ বীৰত্বপূৰ্ণ কাহিনী সোমাই আছে।জিলা দিৱস কেৱল এটা দিনৰ উদযাপন নহয়, ই হ’ল আত্মবিশ্লেষণৰ এক পবিত্ৰ ক্ষণ। অতীতৰ হেঙুলীয়া ইতিহাসক বুকুত বান্ধি বৰ্তমানৰ প্ৰগতি, আধুনিক শিক্ষা আৰু উন্নত সুসভ্য চিন্তাধাৰাৰে যোৰহাটে সমগ্ৰ অসমক এক নতুন দিশ দেখুৱাই আহিছে। আজিৰ এই পবিত্ৰ দিনটোত আমি সংকল্প ল’ব লাগিব যাতে যোৰহাটৰ এই শান্তিপূৰ্ণ সামাজিক পৰিৱেশ, শৈক্ষিক গৰিমা আৰু সাংস্কৃতিক চেতনা অক্ষুণ্ণ থাকে। এই বিশেষ দিনটোৱে জিলাখনৰ প্ৰতিগৰাকী নাগৰিকৰ মনলৈ কঢ়িয়াই আনক একতা, প্ৰগতি আৰু নৱ-প্ৰেৰণা। পুনৰবাৰ আপোনালোক সকলোলৈকে ‘যোৰহাট জিলা দিৱস’ৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
যোৰহাট কেৱল এটা জিলাৰ নাম নহয়, ই অসমীয়া সমাজ জীৱনৰ স্বাভিমান আৰু ঐতিহ্যৰ এক সবল প্ৰাচীৰ। অতীতৰ হেঙুলীয়া ইতিহাসক বুকুত বান্ধি বৰ্তমান সময়তো প্ৰগতি, আধুনিক শিক্ষা আৰু উন্নত চিন্তাধাৰাৰে যোৰহাটে সমগ্ৰ অসমক এক নতুন দিশ দেখুৱায় আহিছে। জিলাখনৰ এই সুসভ্য সামাজিক, শৈক্ষিক আৰু বৌদ্ধিক পৰিৱেশে ভৱিষ্যতলৈও অসমীয়া জাতিক বিশ্বৰ দৰবাৰত এক মৰ্যাদাপূৰ্ণ স্থান প্ৰদান কৰি থাকিব বুলি আশাবাদী । যোৰহাট জিলাৰ কথা কৈ শেষ কৰিব নোৱাৰি কেতিয়াও লিখিব ল’লে বহু দীঘলীয়া ইতিহাস হ’ব। যোৰহাট আমাৰ আৱেগ আমাৰ স্বাভিমান।
