জীৱন মানে কি? জীৱনটো এটা জটিল অংক আৰু তাৰ কিছু আভাষ
কল্পনা দত্ত
লুইত নগৰ, নুনমাটি, গুৱাহাটী
জীৱন মানে কি ? জীৱনৰ সংজ্ঞা জীৱনৰ ভাৰসাম্য সহজতে জুখিব পাৰিনে? নোৱাৰি নহয় । জীৱনৰ সংজ্ঞা দিবলৈ গৈ আমি বাৰে বাৰে থমকি ৰও। জীৱন টো এটা জটিল অংক। পাৰে নে কোনোবাই জীৱনৰ সঠিক হিচাপ দিবলৈ। আছে নে কোনোবা এনেকুৱা ব্যাক্তি জীৱন সম্পৰ্কে প্ৰকৃত সংজ্ঞাৰ বাখ্যা দিবলৈ।জীৱন বাটৰ কাঁইটবোৰ পাৰেনে কোনোবাই হেলাৰঙে পাৰ কৰিবলৈ । প্ৰকৃত জীৱনৰ সংজ্ঞা দিবলৈ কিছু শব্দৰে বহলাই প্ৰকাশ কৰিব পাৰি নে,নোৱাৰি নহয়। জীৱনৰ অন্য এক নাম সংগ্ৰাম। কোনেও ক’ব নোৱাৰে খাই জীয়াই আছোঁ নে, জীয়াই থাকিবলৈ খাইছো। জীৱন বৰ জটিল। যদি জীৱনলৈ অহা ধুমুহাবোৰ আমি আওকাণ কৰিব পাৰো তেতিয়া হ’লে তেতিয়া জীৱনৰ জটিলতা বোৰ অলপ হ’লেও কমি গৈ সহজ হৈ পৰে। জীৱনটো জীৱনৰ দৰে চলি যায়,তাৰ মাজত লুকাই থাকে, কিছুমান আধৰুৱা কাহিনী ,প্ৰেমৰ, অভাৱৰ।জীৱনত প্ৰায়েই বহুতো কিবা-কিবি নাইকীয়া হয়।কোনোদিন এৰি নাযাও বুলি কৈয়ো সপোন দেখুৱাই এদিন আঁতৰি যায়।তথাপিও মানুহে। নিজক জীয়াই ৰাখে আজীৱন এটা দুখৰ টোপোলা কাষত বান্ধি লৈ। অভাবে জুৰুলা কৰা ঘৰ খনৰ কথা ভাবি গোটেই নিশা উজাগৰি থাকি মানুহক দেখুৱাই সুখী হোৱাৰ কাহিনী ,ভালেই থকাৰ কাহিনী।নিসংগতাৰ ভয়ত , হাঁহি থকা যায় মানুহৰ মাজত,কিন্তু কোনেও নাজানে জীৱন জীয়াবলৈ ইমান সহজ নহয়; তথাপিও জীয়াই থাকিবলৈ শিকো আমি। প্ৰতিটো নিশাই অন্ধকাৰ হয় পৃথিৱী । অপেক্ষা কৰি ৰওঁ আকৌ এটা নতুন প্ৰভাতৰ বাবে। হয়তো এয়াই জীৱন,, হয়তো এয়াই জীৱনৰ চাকনৈয়া ।জীৱন হয়টো এটা প্ৰজন্মৰ পৰা এটা প্ৰজন্মলৈ আগবাঢ়ি গৈ থকা এক ধাৰা। ৰৈ যাব পাৰে নে সকলো মানুহ একেলগে পাৰে জানো প্ৰিয়জনৰ উশাহ হেৰাই যোৱাৰ পিছত নিজকে সতী দাহ প্ৰথা অৱলম্বন কৰিবলৈ । হয়তো নোৱাৰে চাগে , নোৱাৰে একেলগে কোনেও মৃত্যু পথলৈ আগুৱাই যাব । কিন্তু এইটো সঁচা— অগাপিছাকৈ মৃত্যুৰ দুৱাৰত আমিও খোজ পেলাম । তেনেহলে কিহৰ তাগিদাত বাৰু আমি ককবকাই থাকো। হয়তো, আমি সকলোৱে পূৰ্ণতা পাব বিচাৰোঁ । ৰেলখনৰ দৰে আমাৰ চাগে জীৱন যাত্ৰা ।সকলোৱে নিজৰ গন্তব্যস্থললৈ ৰাওনা হয়।তাৰ মাজে মাজে কোনো নামিছে কোনো উঠিছে ।জন্মৰ আগত একো নাই আৰু মৃত্যুৰ পিছটো একো নাই। তেনেহলে আমাৰ ইমান ভোক কিহৰ বাবে? সকলোৱে জানো আমি চিৰস্থাযী নহয়। জন্মৰ পৰা মৃত্যুলৈকে এই দীঘলীয়া যাত্ৰাত সুখতকৈ হয়তো দুখৰ ওজন বেছি। কি ধনী কি দুখীয়া, প্ৰত্যেকৰে খোজ কাঁইটেৰে ভৰা। তথাপিও হিচাপ কৰোঁ পোৱা – নোপোৱাৰ। সংগ্ৰাম কৰি যাওঁ অবিৰতভাৱে যাক কোৱা হয় জীবন সংগ্ৰাম। এনেদৰে আমি এদিন নাইকিয়া হৈ যাওঁ ,শূণ্যত বিলীন হয় আমাৰ শৰীৰ, আমাৰ আত্মাৰ। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ৰৈ যায় মাথো স্মৃতিৰ এটা কোঠালী,কিছু মিঠা, কিছু তিতা। তথাপিও আক্ষেপ নাই। হয়টো এয়াই জীৱন।জীৱন নাটৰ কাহিনী। জীৱন সংগ্ৰামৰ কাহিনী।
