ধনশিৰি  বুকুত সুৰৰ ঢৌ – ৰুমী কলিতা দত্ত

Pc অসমীয়া ৱিকিপিডিয়া - Wikipedia

ধনশিৰি  বুকুত সুৰৰ ঢৌ

ৰুমী কলিতা দত্ত
 ২ নং কেন্দুগুৰি,ডিব্ৰুগড়

ধনশিৰি  বুকুত লাইছাং শৃঙ্গই
সুৰৰ ঢৌ তুলি
নচোৱালে মনৰ পখিলাজনী ,
বতাহৰ শব্দবোৰ পান কৰি
বৈ যায় জলপৰী ।
স্মৃতিবোৰ বিচাৰি পোৱাৰ হেঁপাহত
ধনশিৰিক ললোঁ দুহাতে সাৱটি,
শান্ত সমাহিত নৈখনে ক’লে
বুটলি লোৱা জোনাক এমুঠি  ।
ময়ো ভাবিলোঁ,..লৈ যাওঁ একোঁচ হালধিয়া
ভৰি পৰিব বুকুৰ ভিতৰৰ নিজান পৃথিৱী,
হৃদয়ৰ বলুকাত হ’ব  মৰম ‘উভৈনদী’ ।
সময়ৰ ফলিখনত নিমিলা অংকবোৰ কৰি কৰি
মই ভাগৰা নাই
তথাপি, মোৰ সপোন আউলী-বাউলী।
তুমি নামিবলৈ ভয় নকৰিবা
সেঊজ বোলেৰে বোলোৱা মৰম উপত্যকা
জোনাকৰ চাদৰ লৈ দূৰ কৰিবা
জীৱনৰ অন্তহীন বোজা !
বিৰহৰ জুইকুৰা দপদপাই জ্বলিলেও
তুমি জ্বলি নমৰিবা
ডেউকা মেলিলে হ’ব পাৰে ”প্ৰেম আধৰুৱা”
নদীৰো এখন হৃদয় আছে বাবেই
চলি আছে বহু যূঘৰ আখৰা !