মহৰম: ইছলাম ধৰ্মৰ এক পৱিত্ৰ মাহ
বাহাৰুল ইছলাম
ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহ মহৰম। এই পৱিত্ৰ মাহে সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ হৃদয়ত এক অনন্য স্থান দখল কৰিছে। অৱশ্যে ইছলাম ধৰ্ম অনুযায়ী ৰমজান মাহ সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। অন্যতম শ্ৰেষ্ঠ মাহ মহৰম। ইয়াৰ নাম, আৰবী শব্দ “হাৰাম”ৰ পৰা আহৰণ কৰা হৈছে, যাৰ অৰ্থ হৈছে “নিষিদ্ধ”, ইয়াৰ পৱিত্ৰ প্ৰকৃতিৰ বিষয়ে ইংগিত দিয়ে। সমগ্ৰ ইতিহাসত, এই মাহত যুদ্ধ আৰু হিংসা নিষিদ্ধ কৰা হৈছিল, যাৰ ফলত ইয়াক শান্তি, প্ৰতিফলন আৰু তীৰ্থযাত্ৰাৰ সময় হিচাপে গঢ়ি তুলিছিল।পৱিত্ৰ ক্বোৰআনত কোৱা হৈছে,”নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা বাৰটা। তাৰে মাজত চাৰিটা মাহ নিষিদ্ধ এইটোৱে প্ৰতিষ্ঠিত দ্বীন।” এই চাৰিটা মাহ হৈছে — জিল ক্কাইদাহ, জিল হিজ্জা, মহৰম আৰু ৰজব।
ৰমজান মাহৰ পিছত মহৰম মাহত ৰোজা ৰখা উত্তম। এই মাহৰ এটা দিন আছে দহ তাৰিখ যিটো আশুৰাৰ দিন হিচাপে পৰিচিত। এই দিনটোত ৰমজানৰ ৰোজা ফৰজ হোৱাৰ পূৰ্বে ৰোজা ৰখা ফৰজ আছিল। এই দিনটোতেই বহু হাজাৰ বছৰ আগতে এই আশুৰা বা ১০ মহৰমৰ দিনাই আল্লাহ পাকে হজৰত মুছা (আঃ) আৰু তেওঁৰ অনুগামীসকলক মিচৰৰ অত্যাচাৰী ৰজা ফেৰাউনৰ (Pharaoh) শাসনৰ পৰা মুক্ত কৰিছিল। মুছা (আঃ)ক পথ দিবলৈ আল্লাহে সাগৰ (লোহিত সাগৰ) দ্বিখণ্ডিত কৰি এক অলৌকিক বাটেৰে তেওঁলোকক সুৰক্ষিতভাৱে পাৰ কৰি দিছিল। হজৰত নূহ (আঃ)ৰ নাও সুৰক্ষিত ৰাখিছিল অৰ্থাৎ আল্লাহে প্ৰেৰণ কৰা মহাপ্লাৱন বা বানপানীৰ সময়ত হজৰত নূহ (আঃ) আৰু তেওঁৰ সৈতে নাওখনত থকা বিশ্বাসী লোকসকল এই আশুৰাৰ দিনাই প্লাৱনৰ ভয়ংকৰ সংহাৰৰ পৰা পৰিত্ৰাণ পাইছিল। ইমাম হোছেইন(ৰা:) শ্বহীদ (কাৰবালাৰ যুদ্ধ), ইছলামিক ইতিহাসৰ বেদনাদায়ক ঘটনাটো এই দিনটোতেই সংঘটিত হৈছিল। ৬১ হিজৰীত (৬৮০ খ্ৰীষ্টাব্দত) হজৰত মোহাম্মদ (ছা:)ৰ নাতি ইমাম হোছেইন (ৰাঃ) আৰু তেওঁৰ পৰিয়ালবৰ্গক কাৰবালাৰ মৰুভূমিত ইয়াজিদৰ নিষ্ঠুৰ সৈন্যই অনাহাৰে-পিয়াহে নির্মমভাৱে হত্যা কৰিছিল। অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে সত্যৰ সপক্ষে তেওঁলোকে কৰা এই আত্মবলিদান চিৰস্মৰণীয়।
এই পৱিত্ৰ দিনত বহু ঘটনা সংঘটিত হৈছিল তাৰে ২০ টি ঘটনা তলত উল্লেখ কৰা হ’ল —
১) আকাশ-জমিন পাহাৰ-পর্বত সকলো সৃষ্টি ।
২) প্ৰথম মানৱ আদম (আ.)-এক সৃষ্টি ।
৩) নূহ (আ.) মহাপ্লাৱনত জুদি পাহাৰত অবতৰণ।
৪. হজৰত ইব্ৰাহিম (আ.) অন্যায়কাৰী ৰজা নমৰুদৰ প্রজ্বলিত অগ্নিকুণ্ডৰ পৰা মুক্তি লাভ।
৫) দীর্ঘ ১৮ বছৰ ৰোগ ভোগাৰ পিছত হজৰত আইয়ুব (আ.)য়ে দূৰাৰোগ্য ব্যাধিৰ পৰা মুক্তি লাভ।
৬) হজৰত সুলাইমান (আ.)ক পৃথিৱীৰ ৰাজত্ব দান।
৭) হজৰত ইউনুস (আ.)ক ৪০ দিন পিছত দজলা নদীত মাছৰ পেটৰ পৰা উদ্ধাৰ।
৮. হজৰত মূসা (আ.) ফেৰাউনৰ কবলৰ পৰা ৰক্ষা।
৯. হজৰত ঈসা (আ.) পৃথিৱীত আগমন আৰু জীৱিতাৱস্থাত আকাশত উত্তোলন।
১০) হজৰত ইদ্রিস (আ.) ক আকাশত উত্তোলন।
১১) হজৰত দাউদ (আ.)ক বিশেষ সম্মানেৰে ভূষিত।
১২) খায়বাৰ যুদ্ধৰ বিজয় অর্জন।
১৩) মাদায়েন আৰু কাদিসিয়ার যুদ্ধত বিজয় অর্জন। ১৪) হজৰত আদম (আ.) জান্নাতত প্রৱেশ।
১৫) হজরত আদম (আ.)ক জান্নাতৰ পৰা দুনিয়ায়/পৃথিৱীত প্রেৰণ আৰু গুনাহ মার্জনাৰ পিছত তেওঁৰ সৈতে হাওয়া (আ.)ৰ পুনঃসাক্ষাৎ লাভ।
১৬) হজৰত নূহ (আ.)ক ধুমুহা ও প্লাৱনৰ পৰা পৰিত্রাণ প্রদান।
১৭) হজৰত সোলায়মান (আ.)ক হেৰুৱা ৰাজত্ব উভতাই দিয়ে।
১৮) হজৰত ইয়াকুব (আ.)ৰ হেৰুৱা পুত্র হজৰত ইউচুফ (আ.)ৰ সৈতে সাক্ষাৎ লাভ।
১৯) প্রিয়নবী হজৰত মোহাম্মদ (ছ.) মক্কাৰ পৰা হিজৰত কৰি মদিনাত আগমন।
২০) হজৰত ইমাম হোসাইন (ৰা.) আৰু তেওঁৰ ৭৭ জন ঘনিষ্ঠ স্বৈৰশাসক নিষ্ঠুৰ ইয়াজিদৰ সৈন্যৰ দ্বাৰা কাৰবালা (Battle of Karbala) ত নির্মমভাবে হত্যা। (আল বিদায়া ওয়ান নিহায়া, ১/১৩২)।
পৃথিৱী সৃষ্টি হৈছিল,পৃথিৱী ধ্বংস হ’ব এই দিনেই । এনে শত- সহস্ৰ ঘটনা সংঘটিত হৈছে বুলি কোৱা হয়। যি কি নহওঁক কিয়। এই পৱিত্ৰ মাহত সংযত হৈ ভাল কাম কৰাটোহে প্ৰকৃত লক্ষ্য হোৱা দৰকাৰ। মহৰম মাহত মুছলমানসকলৰ কৰণীয় প্ৰধানত ৰোজা ৰখা বিশেষকৈ দুটা ৰোজা। দশম দিন আৰু তাৰ আগৰ অথবা পিছৰ দিন। কিয়নো কোৱা হৈছে ৰমজানৰ ৰোজাৰ পিছতেই শ্ৰেষ্ঠ ৰোজা মহৰমৰ ৰোজা। মহৰম মানেই যিহেতু নিষিদ্ধ। এতেকে এই নিষিদ্ধ আৰু জিহাদ হ’ব লাগে নিজ আত্মাৰ অপৱিত্ৰতাৰ বিৰুদ্ধে নিজৰ অন্যায়ৰ বিৰুদ্ধে, হিংসা-বিদ্বেষৰ বিৰুদ্ধে, নিজৰ কু-কৰ্মৰ বিৰুদ্ধে আৰু যিমান পাৰি পৱিত্ৰ আৰু ভাল কাম কৰিবলৈ কোৱা হৈছে। পৰোপকাৰ, আনৰ প্ৰতি সৎ ভাৱ,সজ আচৰণৰ জৰিয়তে মিলা প্ৰীতিৰে বসবাস কৰিব লাগে যিহেতু এই জীৱন ক্ষন্তেকীয়া। এক আল্লাহৰ একত্ববাদ স্বীকাৰ কৰাৰ লগতে আনৰ সৈতে জড়িত পাপৰ পৰা বিৰত থাকিব লাগে। যিহেতু কোৱা হৈছে তুমি কাৰোবাক উপকাৰ কৰিব নোৱাৰিলেও বিন্দুমাত্ৰ অপকাৰ কৰাৰ অধিকাৰ তোমাৰ নাই। ই এক জঘন্য পাপ। যিমান পাৰি আল্লাহ পাকৰ ওচৰত মাগফিৰাত অৰ্থাৎ ক্ষমা খুজি নিজকে ভাল আৰু পৱিত্ৰ কৰিব লাগে আৰু দান-খয়ৰাত কৰিব লাগে।
বহু নামধাৰী মুছলমানে এই মহৰমক এক আনন্দৰ উৎসৱ আৰু কু-কৰ্ম কৰিও পালন কৰা দেখা যায় যিটো ইছলাম ধৰ্ম মতে সম্পূৰ্ণ নিষিদ্ধ। মহৰমৰ ১০ তাৰিখ বা আশুৰাৰ দিনা হজৰত হুছেইন (ৰা:)ক লৈ মাতম কৰা, বুকুত আঘাত কৰা, ক’লা কাপোৰ পিন্ধা বা বিলাপ কৰি শোক পালন কৰা বিদাত (ধৰ্মত নতুনকৈ সংযোজিত নিয়ম) আৰু নিষেধ। তাজিয়া বা বিভিন্ন আকৃতিৰ প্ৰতীক সাজি শোভাযাত্ৰা উলিওৱা আৰু সেইবোৰক পৱিত্ৰ জ্ঞান কৰি শ্ৰদ্ধা জনোৱা সম্পূৰ্ণ ভিত্তিহীন। এই মাহৰ নামত বিশেষভাৱে খিচিৰী, চৰবত বা আন খাদ্য বিতৰণ কৰা আৰু তাক ধৰ্মীয়ভাৱে অতি পৱিত্ৰ বা জৰুৰী বুলি বিশ্বাস কৰা এক কুসংস্কাৰ । এই মাহটো অশুভ বুলি ধাৰণা কৰি বিবাহ, নতুন ব্যৱসায় বা কোনো শুভ কামৰ পৰা বিৰত থকা অন্ধবিশ্বাস। কৰ্মই যিহেতু ধৰ্ম। জীৱন কচুপাতৰ পানীৰ লেখীয়া সেয়ে ভাল কৰ্মৰ মাজেৰে জীৱন নৈখনি পাৰ হ’ব পাৰিলেহে মৃত্যুৰ পিছত অনন্ত কাললৈ সুখ আৰু শান্তিৰে আমাৰ আত্মাই পৰম তৃপ্তি লভিব পাৰিব জান্নাতত। অন্যথা চিৰজীৱন শাস্তিৰ সাগৰত ককবকাই থাকিব লাগিব জাহান্নামত।
