উত্তপ্ত মৰুৰ মৰীচিকা
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
বিষন্ন মনৰ ক্ৰোধাগ্নিত ধুসৰিত
আস্থাহিন প্ৰতিশ্ৰুতি ।।
থমকি ৰোৱা উত্তাল হৃদয়ৰ
উন্মাদনাৰ নিৰব উচুপনি ।
বিত্তী ৰঙীন অক্টোপাছৰ
মায়া বন্ধনৰ বেষ্টনীত ,
হলাহল বৃশ্চিকৰ আক্ৰোশত
অস্তিত্বহীন সঙগোপনে সাঁচি ৰখা
ভাৱনাৰ প্ৰতিচ্ছবি।।
সুপ্ত আগ্নেয়গিৰীৰ নিশব্দ বন্যা
আশ্ৰায়িত হৈ অপেক্ষাৰে
হৃদয়ৰ নিভৃত কোণত নিদ্ৰায়িত আজিও।।
সাহস অফুৰন্ত সাতুৰি ক্লান্ত
মৰুৰ উত্তপ্ত বালিৰ মৰীচিকা খেদি।
প্ৰেমাস্পদৰ অপেক্ষাই
শিতানৰ শেতেলি তিয়াই
জীপালে ৰাখিছো ধৰি।।
নয়ন যুগলে প্ৰবাহিত হৈ মৌন নদী ,
দৰ্শনৰ আকূলতাই দহিছে উমি।
