মই তাইৰ প্ৰেমত পৰিছোঁ – অসীম জ্যোতি দাস

Pc Pinterest

মই তাইৰ প্ৰেমত পৰিছোঁ

অসীম জ্যোতি দাস, মৰিগাঁও 

মই তাইৰ প্ৰেমত পৰিছোঁ
মই তাইৰ প্ৰেমত পৰিছোঁ
কিয় নাজানো !
প্ৰতিটো সময়তে মনলৈ আহে তাইৰ কথা
মোৰ প্ৰতি থকা তাইৰ দায়িত্বৰ কথা,
আজৰি সময়ত যদি কাৰোবাৰ লগত বহিছোঁ
তাইৰ কথা এবাৰ নকৈ নোৱাৰিছোঁ
মই তাইৰ প্ৰেমত পৰিছোঁ ।
তাইৰ ঠিকনা মোৰ অজ্ঞাত
তথাপি মই তাইৰ প্ৰেমিক,
পুৱাতেই আহি মোক জগাই তোলে
তাইৰ ভূৱন ভূলোৱা হাঁহিটি মাৰি ।
তাইৰ দৰ্শনে মোক লৈ যায়
বিষাক্ত কোলাহলৰ সিপাৰে থকা এটোকোৰা নিৰ্জান ঠাইলৈ
আৰু তাতেই তা‌ই মোক কয়
অকোৱা-পকোৱা কথাৰ ছন্দেৰে
প্ৰেমৰ কথা,
তাইৰ হৃদয়ত যৌৱনৰ হিৰন্ময় আভা
দুচকুত হিৰণ্য হৈ উজলি উঠে প্ৰেম পখিলাজনী
মই তাইৰ প্ৰেমত পৰিছোঁ