ৰজস্বলা – পূৰৱী হাজৰিকা

Pc Indian Express-Bangla

ৰজস্বলা

পূৰৱী হাজৰিকা
দুলীয়াজান,ডিব্ৰুগড়

মা কামাখ্যা ৰজস্বলা হ’ব
সেই বুলি জানো তোমাক নুপুজিব ?
সাধনা উপাসনাৰে উপচিব তোমাৰ ধাম
তুমি আৰাধ্য আমি যে মনুষ্য
সেইবাবে নেকি আমাৰ এই নাম ।
সমাজৰ স্বীকৃতি আমি ছুৱা
সময়েও জানে হয়তু
এই ৰীতি-নীতি কিমান দূৰলৈকে বোৱা।
মাহেকত ৰঙা চাঁদৰৰ আঁচল তৰি
আমিটো আকোৱালি লৈছো
প্ৰকৃতিৰ গোপন লিপি ।
নহয় অপৱিত্ৰ, নহয়টো লাজৰ কাৰণ
কামাখ্যা জননীৰ সন্তান আমিও
তেজৰ টোপালেৰে ভৱিষ্যত কৰোঁ ধাৰণ ।
সকলোতে বাধা ,সকলোতে নিষিদ্ধ,
তথাপি নহওঁ স্তব্ধ ।
বিজ্ঞানৰ দৃষ্টিত যি শুদ্ধ
সমাজে নো কিয় কৰে আমাক কুলুষিত ?
ৰক্তাক্ত শৰীৰ, বিষাদগ্ৰস্ত মন
এয়াই নাৰীৰ পূৰ্ণাংগ জীৱন ।
খৰাং নদী মৰিধল
জীয়া সোঁতত জীয়াঢল,
ৰজস্বলা নাৰীও কামাখ্যা মাৰ বল ।
জাগ্ৰত হওক সজাগতা
সময় এতিয়া পৰম্পৰাৰ আঁৰৰ
অদ্ভুত নিময়ৰ পাৰভেটা,
আঁতৰাই অন্ধবিশ্বাসৰ কাচন
দৃষ্টিত এক নতুন ভাঁজ প্ৰয়োজন।