বিচ্ছেদ
হৰেন কপ্তাক,ধেমাজি
এখন প্ৰতিযোগিতা চলে-
কোনে, কাক কিমান
বদনাম গাব পাৰে
এখন প্ৰতিযোগিতা চলে-
কিদৰে, কাৰোবাক কেনেকৈ
শলঠেকত পেলাব পাৰে
এখন প্ৰতিযোগিতা চলে-
পক্ষপাতিত্বই কিদৰে স্থান পাব পাৰে
এখন প্ৰতিযোগিতা চলে-
শুকাই যোৱা ঘা টুকুৰাত
কিদৰে ভেনামাখিৰ জাক
পেলাই দিব পাৰে
নিতৌ বহে জাক জাক শিয়ালৰ
ওকণি চোৱা মেল
উদ্দেশ্যঃ হৃদয় ভঙা খেল
শকুনিৰ কুটিল সূত্ৰত
দোৰোল খায় জীৱন
সুখৰ জিঞ্জিৰি চিঙি বৈ আহে
সংশয়ৰ এখন বিশাল সাগৰ
তাতেই ককবকাই সাঁতুৰে বিচ্ছেদিত জীৱন
