কোনো নিকৃষ্ট চিন্তাধাৰাই ‘জুবিন দা’ৰ অম্লান ব্যক্তিত্বক ম্লান কৰিব নোৱাৰে…
মানসী মিশ্ৰ
তেখেতে জন্মগ্ৰহণ কৰিছিল মানুহৰ বাবে, কাম কৰিছিল মানুহৰ বাবে। সেয়েহে মানুহক আনন্দ আৰু সুখ দিব পৰাকৈ কেৱল সৃষ্টিৰ কামকে কৰি গৈছিল। আনৰ সুখৰ বাবে, আনৰ উপকাৰৰ বাবে তেওঁ অহৰহ কাম কৰি গৈছিল। মানুহৰ প্ৰতি কিমান মৰম, চেনেহ আৰু আন্তৰিকতাৰ ভাৱ থাকিলে ইমান কম সময় পৃথিৱীত জীয়াই থাকি মানুহৰ বাবে ইমান অগণন সৃষ্টি কৰিব পাৰে। আঠত্ৰিশ হাজাৰ গান অসমৰ ৰাইজক ইমান কম সময়ৰ ভিতৰতে উপহাৰ দি যোৱাটো ইমান সহজ সাধ্য কথা হ’ব নোৱাৰে। মানুহৰ বাবে জন্ম লৈছিল, মানুহৰ বাবে কাম কৰি গৈছিল আমাৰ আদৰৰ জুবিন দাই। সেইবাবে অতি দূৰ্ভাগ্যজনক ভাৱে জুবিন দাক হেৰুৱাই কোটি কোটি মানুহ আবেগ বিহ্বল হৈ পৰিছিল। তেওঁলোকে সেই দূৰ্ভাগ্যজনক ঘটনাটো এতিয়ালৈকে মানি ল’ব পৰা নাই। বহু সময়ত বহুত কিবাকিবি আনন্দৰ মূহুৰ্ত্ত আহি থাকিলেও সকলো ফালে স্তব্ধতা আৰু শূণ্যতাই বিৰাজ কৰি আছে। বিভিন্ন আনন্দদায়ক মূহুৰ্ত্ত আহিলেও মানুহে মন খুলি আনন্দ প্ৰকাশ কৰিব পৰা নাই। বিকা এক স্তব্ধতা আৰু শূণ্যতাই আমাক আগচি ধৰে। ২০২৫ চনৰ ১৯ চেপ্তেম্বৰ, চাওঁতে চাওঁতে নমাহ পূৰ্ণ হৈ গ’ল কিন্তু আজিলৈ আমি পাহৰিব পৰা নাই সেই দিনটোত ঘটি যোৱা এই দূৰ্ভাগ্যজনক ঘটনাৰ কথা। আমাৰ জুবিন দা আঁতৰি যোৱাৰে পৰা কোনেও মন খুলি উৎসৱ, আনন্দ কৰিব পৰা নাই। ১৯ চেপ্তেম্বৰ, শুকুৰবাৰৰ সেই দূৰ্ভাগ্যজনক খবৰটো সত্য বুলি গম পোৱাৰ পিছত নিজে নিজেই স্তব্ধ হৈ পৰিছিল সকলো। কাৰো মুখতেই প্ৰকাশ কৰিবলৈ যেন কোনো ভাষা নাছিল সেই সময়ত। কেৱল মাত্ৰ মানুহবোৰে নিজৰ নিজৰ ম’বাইলতে মায়াবিনী ৰাতিৰ বুকুত গীতটি বজাইছিল আৰু সেই গীতৰ সুৰে সুৰে গীতটি গাবলৈ লৈছিল আৰু বিভিন্ন অনুষ্ঠানত আজিলৈ এই গীতটি গায়েই আছে। জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা দিনটোৰ পৰাই আজিলৈ কোনো অনুষ্ঠানত এই গীতটি গায়েই আছে। আমাৰ সমাজত অনুষ্ঠিত হৈ থকা বিয়া- সবাহ, অন্যান্য সামাজিক অনুষ্ঠান আদিতো সদায় জুবিন গাৰ্গৰ ফটো আগত ৰাখি চাকি ধূপ জ্বলাই শ্ৰদ্ধা জ্ঞাপন কৰে। জুবিন দাক সকলোৱে আন্তৰিকতাৰে ভাল পাই আহিছে বাবেই স্বতঃস্ফূৰ্তভাৱে জুবিন দাৰ প্ৰতি এনেদৰে শ্ৰদ্ধা জ্ঞাপন কৰে। নৱবিবাহিত দৰা কইনায়ো আৰম্ভণিতে দৰা-কইনা হিচাপে জুবিন দাৰ ফটোত সেৱা জনায়। এই দূৰ্ভাগ্যজনক ঘটনাটো ঘটি যোৱাৰ পিছত বহুদিনলৈ মানুহ স্বাভাৱিক হ’ব পৰা নাছিল, ভালদৰে খোৱা লোৱা পৰ্য্যন্ত কৰিব পৰা নাছিল। অৰ্থাৎ ইয়াৰ অৰ্থ এইটোৱেই আছিল যে মানুহে আমাৰ অসমীয়াৰ আবেগ স্বৰূপ জুবিন দাৰ এই অস্বাভাৱিক মৃত্যুক কেতিয়াও মানি ল’ব পৰা নাছিল। হঠাতেই এচাম মানুহে নিজস্ব স্বাৰ্থ সিদ্ধিৰ বাবে যে এনেকৈয়ে শেষ কৰিব পাৰিব সেই কথা কোনেও ভাবিব পৰা নাছিল। আমাৰ আদৰৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা আঁতৰি যোৱা নমাহ সম্পূৰ্ণ হৈছে। এই দিন সমূহত আমি সকলোফালে এক মহাশূণ্যতা অনুভৱ কৰিছোঁ। এই কেইটা মাহৰ ভিতৰত পূজা, দীপাৱলী, নৱবৰ্ষ উদযাপন, ভোগালী আৰু বহাগ বিহুৰ দৰে অনুষ্ঠান উদযাপন কৰা হ’ল। যদিও সকলো অনুষ্ঠান হৈ আছে কিন্তু ইয়াৰ মাজতেই কিবা এক উদাস, শূণ্য পৰিৱেশ, এই প্ৰতিটো উৎসৱ পাৰ্বণৰ দিনকেইটাত সেই স্থানত, যি স্থানত জুবিন দাৰ শেষকৃত্য সমাপন কৰা হৈছিল তাত যথেষ্ট লোকৰ সমাগম হয়। সকলোৰে আমাৰ আদৰৰ শিল্পীগৰাকীৰ প্ৰতি মৰম,শ্ৰদ্ধা জনায়। আনকি বৰ্তমান সময়তো নিশাৰ ভাগত বহুলোকে কাম বন কৰি আজৰি হৈ জুবিন ক্ষেত্ৰলৈ যায়। তালৈ গৈ আদৰৰ শিল্পীৰ প্ৰতিচ্ছবিৰ সমুখত সেৱা সন্মান জনাই মনৰ ভাগৰ জুৰায়।
আজিৰ বস্তুবাদী সমাজত যি সময়ত মানুহে নিজৰ পৰিয়ালৰ মানুহৰ খবৰ নলয় তেনে ক্ষেত্ৰত মানুহে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই তালৈ গৈছে। ইয়াৰ পৰা গম পোৱা যায় যে মানুহৰ প্ৰতি কিমান আন্তৰিক, ভালপোৱা থাকিলে মানুহে মানুহৰ বাবে এইখিনি কৰিব পাৰে। আমাৰ এই আদৰৰ শিল্পীগৰাকীয়ে আমাক সকলোকে স্তব্ধ কৰি, শূণ্য কৰি আঁতৰি গৈছে। এই দূৰ্ভাগ্যজনত ঘটনাত যিসকল অভিযুক্তৰ নাম সাঙোৰ খাই পৰিছে তেওঁলোক এতিয়া ন্যায়িক জিম্মাত। আৰক্ষী জিম্মাত কাল কটাই সেই কেইজন অভিযুক্তই এতিয়া কাৰাবন্দী হৈ আছে। কেইবাটাও শুনানী ইতিমধ্যে হৈ গৈছে। কোটি কোটি জনসাধাৰণে বিচাৰিছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই দূৰ্ভাগ্যজনক ঘটনাই যথোচিত ন্যায় লাভ কৰক। জুবিন দাৰ এই দূৰ্ভাগ্যজনক ঘটনাই ন্যায় লাভ কৰা মানে তেওঁৰ পৰিয়ালৰ লোকসকলে ন্যায় লাভ কৰা। তেখেতৰ বৃদ্ধ পিতৃ, পত্নী আৰু ভগ্নীয়ে বহু আশাৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰৈ আছে। জুবিন গাৰ্গৰ দৰে এক সুবিশাল সত্বা যাৰ বাবে আজি পৰিয়ালৰ মানুহে যথোচিত ন্যায় প্ৰাপ্তিৰ বাবে আইনৰ দুৱাৰে দুৱাৰে সংগ্ৰাম কৰিবলগীয়া হৈছে। অভিযুক্ত যাতে আইনৰ সুৰঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে ৰাইজৰ ওচৰত, চৰকাৰৰ ওচৰত আহ্বান জনাবলগীয়া হৈছে। যিগৰাকী ব্যক্তিয়ে বিপদ-আপদ, সুখ-দুখ সফলতা সকলো সময়তে মানুহৰ সমুখত ঠিয় হৈছিল, তেনে এগৰাকী ব্যক্তিক লৈ এচাম সুবিধাবাদী মানুহে একমাত্ৰ নিজকে ক্ষন্তেকৰ বাবে জনপ্ৰিয় কৰাৰ অৰ্থে অথবা নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনীতি কৰিবলৈ বাদ দিয়া নাই। বৰং এচাম দুষ্ট চক্ৰ এইক্ষেত্ৰত উঠি পৰি লাগিছে। তেখেতৰ স্বভাৱ চৰিত্ৰৰ নামতো কালিমা সানিবলৈ এচামে বাদ দিয়া নাই এচাম সুবিধাবাদী লোকে। জীয়াই থাকোঁতে এই চাম মানুহে বিভিন্ন চলেবলে কৌশলে তেখেতৰ পৰা সকলোখিনি সুবিধা আদায় কৰিলে। এতিয়া মৃত্যুৰ পিছতো তেওঁলোকেই উঠি পৰি লাগিছে আমাৰ আদৰৰ শিল্পী গৰাকীৰ নামত অপযশ দিবলৈ। জীয়াই থাকোঁতে নিজৰ অতুলনীয় অৱদান আৰু প্ৰতিভাৰে জীৱন্ত কিংবন্তিত পৰিণত হৈছিল আমাৰ সকলোৰে আদৰৰ ‘জুবিন দা’। ইমান কম সময়ৰ ভিতৰতে ৩৮,০০০ গীত ৰাইজক উপহাৰ দি গ’ল। এই গীত সমূহৰ অধিক সংখ্যকেই তেখেতে নিজে লিখা, নিজে সুৰ কৰা। ইয়াৰ মাজতে বহুকেইখন কথাছবিও নিৰ্মাণ কৰিলে। তেখেতৰ সৃষ্টিৰাজি কেৱল আসমতে নহয় ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছিল। তেখেতৰ অনবদ্য সৃষ্টিৰাজিৰে তেখেতক আমাৰ মাজত জীয়াই ৰাখিব লাগিব, তেখেতৰ সৃষ্টিৰাজি যথোপযুক্তভাৱে সংৰক্ষিত হ’ব লাগিব। মুঠতে জুবিন দাক আন্তৰিকতাৰে ভালপোৱা সকলে ‘জুবিন দা’ক নক্ষত্ৰৰ দৰে জিলিকাই ৰাখিব লাগিব।
