অসমৰ মাচ্চা চাহে পুনৰ এবাৰ বিশ্বমঞ্চত গঢ়িলে গৌৰৱৰ নতুন ইতিহাস

Pc Metropolis Healthcare

অসমৰ মাচ্চা চাহে পুনৰ এবাৰ বিশ্বমঞ্চত গঢ়িলে গৌৰৱৰ নতুন ইতিহাস

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ ইতিহাস ৰচিলে অসমৰ চাহে। দেশত প্রথম বাণিজ্যিকভাৱে মাচ্চা চাহ উৎপাদন কৰিবলৈ সক্ষম হৈছে অসমে।অকল উৎপাদনেই নহয়, ভাৰতীয় চাহৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বাণিজ্যিক ভিত্তিত বিক্রী হ’ল অসমত উৎপাদিত বিখ্যাত ‘মাচ্চা চাহ’।  শুকুৰবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্রত বিক্রী হয় তিনিচুকীয়াৰ চোটা টিংৰাই চাহ বাগিচাত উৎপাদন কৰা মাচ্চা চাহ।  বিগত এক দশক ধৰি জাপানৰ চাহ প্ৰস্তুতকর্তা- কৃষি বিশেষজ্ঞ-যন্ত্ৰ সৰবৰাহকাৰীৰ সৈতে গৱেষণালব্ধভাৱে তথা সহযোগিতাৰে কাম কৰি বাগিচাখনে কার্যতঃ সপোনক বাস্তৱায়িত কৰি তুলিছে। ইয়াৰ বাবে বাগিচাখনত স্থাপন কৰা হৈছিল স্বয়ংক্রিয়-অত্যাধুনিক জাপানী চাহ উৎপাদন কেন্দ্র।  এয়া অসমৰ ঐতিহ্যপূর্ণ চাহ সংস্কৃতি আৰু জাপানৰ কাৰিকৰী দক্ষতাৰ এক সফল প্রতিফলন। গুৰুত্বপূৰ্ণ কথাটো হ’ল- অসমত উৎপাদিত মাচ্চা চাহৰ ঐতিহাসিক প্ৰথমটো বেচ গুৱাহাটী চাহ নিলাম কেন্দ্রত ‘ছেল-২৭’ৰ সময়ত আনুষ্ঠানিকভাৱে বিক্ৰী কৰা হয়। নিলামকাৰী প্রতিষ্ঠান ‘জে থমাছ এণ্ড কোম্পানী প্রাইভেট লিমিটেড’ৰ জৰিয়তে ৭০০১ নম্বৰ লটটো গুৱাহাটীৰ ‘শ্বিঅ’ছনছ চাই কোম্পানী’-এ ৩ হাজাৰ টকাত ক্রয় কৰে। উল্লেখ্য যে মাচ্চা হ’ল অতি জনপ্রিয় আৰু প্রিমিয়াম মানৰ গ্ৰীন টী পাউডাৰ। যি মূলতঃ জাপান, চীন আৰু ভিয়েটনামত উৎপাদন হয়। সমগ্র বিশ্বতে ব্যাপক চাহিদাৰ কাৰণে বৰ্তমান ইয়াৰ নাটনি পৰিলক্ষিত হৈছে। ব্লেক টীৰ কাৰণে সমাদৃত অসমে এইবাৰ মাচ্চাৰ দৰে উচ্চ মানৰ বিশেষত্ব বিশিষ্ট চাহৰ উৎপাদনেৰে সূচনা কৰিলে এক বিশাল পৰিৱৰ্তনৰ। এই উদ্ভাৱন তথা উৎপাদনে অসমৰ চাহৰ তালিকাত সংযোগ কৰিলে এক নতুন মাত্ৰাৰ। যিয়ে লাভজনক ৰপ্তানিৰ সুযোগ সৃষ্টিৰ সমান্তৰালভাৱে বিশ্ববজাৰত উচ্চমানৰ চাহৰ ক্ষেত্ৰত ভাৰতৰ অৱস্থানক আৰু অধিক শক্তিশালী কৰিব। এই সন্দৰ্ভত চোটা টিংৰাই টা ইষ্টেটৰ সঞ্চালক মৃত্যুঞ্জয় জালানে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয়- ‘ভাৰতীয় বজাৰত সর্বোচ্চ মানৰ গ্ৰীন টী উপলব্ধ কৰোৱাৰ লক্ষ্যৰে আমি বিগত এক দশক ধৰি জাপানৰ চাহ বিশেষজ্ঞসকলৰ সৈতে কাম কৰিছোঁ। যোৱা ১০ বছৰ ধৰি ‘হোল লীফ’ৰ গ্ৰীন টী বিক্ৰী কৰি আহিলেও খাঁটি ভাৰতীয় মাচ্চা চাহৰ সূচনা আমাৰ কাৰণে গৌৰৱৰ মাইলস্টোন। চোটা টিংৰাইৰ মাচ্চা চাহে শীঘ্রে দেশ-বিদেশৰ প্ৰতিখন ঘৰতে স্থান লাভকৰিব বুলি আমি নিশ্চিত।’ এনে সফলতাক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে তেওঁ কয় যে তিনিচুকীয়াৰ চোটা টিংৰাই চাহ বাগিচাই ভাৰতত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচ্চা চাহ উৎপাদন কৰি অসম চাহ উদ্যোগক কঢ়িয়াই আনিছে এক নতুন উচ্চতালৈ। গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত এই মাচ্চা চাহৰ প্ৰথমটো অংশ ৩,০০০ টকাত বিক্ৰী হোৱাটো অসমৰ উদ্ভাৱনী শক্তি, গুণগত মান আৰু বিশ্বমানৰ সামৰ্থ্যৰ এক উজ্জ্বল স্বীকৃতি। জাপানৰ বিশেষজ্ঞ আৰু আধুনিক প্ৰযুক্তিৰ সৈতে দীর্ঘদিনীয়া সহযোগিতাৰ ফলস্বৰূপে অসম চাহৰ এই নতুন যাত্ৰাই ভাৰত-জাপান বন্ধুত্বকো অধিক সুদৃঢ় কৰি তুলিছে। পৰম্পৰা, দক্ষতা আৰু উদ্ভাৱনৰ সুন্দৰ সমন্বয়েৰে অসমে আজি বিশ্ব চাহ উদ্যোগত এক নতুন দিশ নিৰ্ধাৰণ কৰিছে।