অৱশেষত জীৱন যুঁজত হাৰ মানিলে মৃদুমুদ্ৰা ডেকাই
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ ৰাজপথত ভয়ংকৰ আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা ডেকাই। শুকুৰবাৰে পুৱা ৭.৩০ বজাত চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যুৱতীগৰাকীয়ে মৃত্যুক আকোৱালি লয় ৷ ৩১ মে’ত নলবাৰীত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা ঘটনাটো। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত গংগাপুৰৰ শনিমণ্ডল পথত যোৱা ৩১ মে’ত সন্ধিয়া ভাতৃ মাধুৰ্য বৰ্মনৰ সৈতে আহি থকা অৱস্থাত লাভ জেহাদী ৰ’জ আলীৰ নৃশংস আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল মৃদুমুদ্রা ডেকাই। মিঞা ৰ’জ আলীৰ ভয়ংকৰ আক্রমণত সেইদিনা থিতাতেই নিহত হৈছিল মৃদুমুদ্রাৰ সম্পৰ্কীয় ভাতৃ তথা পশ্চিম নলবাৰী ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মন। পৰৱৰ্তী সময়ত হত্যাকাৰী ৰ’জ আলী ওৰফে আছিফ খানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ উদ্যত হওঁতেই আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছিল ৰ’জ আলীৰ। তেতিয়াৰে পৰাই ভঙাগড়ৰ জিএমচিএইচত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছিল বানেকুছিৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মৃদুমুদ্রা ডেকাই। গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে প্রয়োজনীয় সকলো খৰচ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল। সেইমৰ্মে যোৱা ১ জুনৰ পৰা ছাত্ৰীগৰাকীক সুস্থ কৰি তুলিবলৈ জিএমচিএইচৰ বিশেষজ্ঞ চিকিৎসকৰ দলে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছিল। কিন্তু চিকিৎসকৰ সকলো প্রচেষ্টা বিফল কৰি ৩৩ দিনৰ অন্তত জীৱন-মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে দুৰ্ভগীয়া মৃদুমুদ্রা ডেকা। ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছত এই সন্দৰ্ভত জিএমচিএইচৰ তৰফৰ পৰা নলবাৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস আৰু নলবাৰী সদৰ এছডিঅ’ক অৱগত কৰা হয়। তাৰ পিছতেই নলবাৰী আৰক্ষীৰ উপস্থিতিত ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। বিয়লি প্রায় ৪.৩০ বজাত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়া হয়। তাৰ পিছতে মৃতদেহ নলবাৰী জিলাৰ গংগাপুৰস্থিত ঘৰলৈ নিয়া হয়। মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই সমগ্ৰ নলবাৰী জিলাৰ লগতে জন্মস্থান গংগাপুৰত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয়। মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ গাঁওবাসী শোকত ম্রিয়মাণ হৈ পৰিছে। মৃতদেহ সন্ধিয়া ঘৰ আহি পোৱাৰ পাছতে শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয়। শেষবাৰৰ বাবে কান্দি কান্দি শ্ৰদ্ধাঞ্জলি জনাই সহপাঠীসকলে ৷ শ্ৰদ্ধাঞ্জলি যাচে বিভিন্ন সংগঠনে ৷ নিশাৰ ভাগত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰে মৃদুমূদ্ৰাৰ শেষকৃত্য সম্পন্ন কৰা হয় । স্বাভাৱিকতেই ছাত্ৰীগৰাকীৰ অকাল আৰু এনে দুৰ্ভাগ্যজনক মৃত্যুৰ বাবে স্থানীয় লোক তথা পৰিয়াল শোকত ম্ৰিয়মাণ হৈ থকাৰ লগতে যথেষ্ঠ আৱেগিকো হৈ আছে ৷ তেনে পৰিপ্ৰেক্ষিতত যাতে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিবলগীয়া হয় আৰক্ষীয়ে ৷ সষ্টম হৈ থাকে আৰক্ষী বাহিনীও ৷ নিজৰ গৃহৰেই এডৰা ভূমিত মৃদুমূদ্ৰাৰ শেষকৃত্য সম্পন্ন কৰে আত্মীয় আৰু গাওবাসীয়ে । ইপিনে মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰিছে বিত্তমন্ত্রী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই। বিত্তমন্ত্ৰী বৰুৱাই কয় যে যোৱা ৩১ মে’ তাৰিখে ‘লাভ জেহাদী’ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ GMCH-ত চিকিৎসাধীন হৈ থকা নলবাৰীৰ তনয়া মৃদুমুদ্ৰাই শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰিয়ে মোক ব্যথিত কৰি তুলিছে। মৃদুমুদ্ৰাৰ আত্মাৰ সদগতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত দুৰ্ভগীয়া পৰিয়ালটিলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আজিৰ এই বিষাদৰ ক্ষণত, প্ৰতিজন সচেতন নাগৰিকক আমাৰ সমাজত বিয়পিবলৈ আৰম্ভ কৰা এনে সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনাওঁ আৰু গধুৰ অন্তৰেৰে কামনা কৰোঁ যে আমাৰ সমাজত এনে ঘটনাৰ পুনৰাবৃত্তি কেতিয়াও নহওক।
