ৰাণী বনাঞ্চলত বন্যপ্ৰাণী সুৰক্ষা আৰু হাতী-মানুহৰ সংঘাত ৰোধৰ বিশেষ প্ৰস্তুতি

ৰাণী বনাঞ্চলত বন্যপ্ৰাণী সুৰক্ষা আৰু হাতী-মানুহৰ সংঘাত ৰোধৰ বিশেষ প্ৰস্তুতি, বিট অফিচাৰ সিদ্ধাৰ্থ সিনহাৰ প্ৰশংসনীয় পদক্ষেপ

মিৰ্জা , ৰঙিলী বাৰ্ত্তাসেৱা- ৰাণী বনাঞ্চলিক সংমণ্ডলৰ অধীনস্থ শুকুৰবৰীয়া বিট অফিচৰ সিদ্ধাৰ্থ সিনহাৰ নেতৃত্বত অঞ্চলটোত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন গতি দেখিবলৈ পোৱা গৈছে। দিন-নিশাই বন সুৰক্ষাৰ কামত নিয়োজিত কৰ্তব্যপৰায়ণ বিট অফিচাৰগৰাকীয়ে এতিয়া স্থানীয় অঞ্চলটোৰ আটাইতকৈ ডাঙৰ সমস্যা ‘হাতী-মানুহৰ সংঘাত’ ৰোধ কৰাৰ বাবে কঁকালত টঙালি বান্ধিছে। শুকুৰবৰীয়া অঞ্চলত বন্যহস্তী আৰু মানুহৰ মাজত চলি অহা সংঘাত চিৰদিনৰ বাবে ৰোধ কৰাৰ উদ্দেশ্যে বিট অফিচাৰ সিদ্ধাৰ্থ সিনহাই এক গুৰুত্বপূৰ্ণ আঁচনি হাতত লৈছে। অঞ্চলটোত সৌৰ শক্তি চালিত বেৰ নিৰ্মাণৰ বাবে তেওঁ ইতিমধ্যে পাঞ্জাবাৰীস্থিত বনবিভাগৰ মুখ্য কাৰ্যালয়লৈ এক আনুষ্ঠানিক প্ৰস্তাৱ প্ৰেৰণ কৰিছে।আনহাতে কেৱল বনাঞ্চলেই নহয়, শুকুৰবেৰীয়া খণ্ড বন কাৰ্যালয়ৰ নিজা চৌহদটো বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ তাতো পকী বেৰ নিৰ্মাণৰ এক সুকীয়া প্ৰস্তাৱ বিট অফিচাৰগৰাকীয়ে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে।স্থানীয় ৰাইজৰ মতে, সিদ্ধাৰ্থ সিনহাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা শুকুৰবৰীয়া বিট অফিচৰ অধীনস্থ বনাঞ্চলসমূহত অবৈধ বেদখল আৰু গছ কটা কাৰ্য বহুখিনি হ্ৰাস পাইছে। দিনৰ ভাগৰ উপৰি নিশাও সঘনাই পহৰা দি বন ধ্বংসকাৰী আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে তেওঁ কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে।বনবিভাগৰ মুখ্য কাৰ্যালয়ৰ পৰা এই প্ৰস্তাৱসমূহ মঞ্জুৰ হ’লে শুকুৰবৰীয়া অঞ্চলৰ ৰাইজে দীৰ্ঘদিনীয়া বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাব বুলি আশা কৰা হৈছে। বিট অফিচাৰগৰাকীৰ এনে কৰ্মতৎপৰতাক এতিয়া স্থানীয় দল-সংগঠন তথা সৰ্বসাধাৰণ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।