ডিব্ৰুগড়ৰ উপাসনা কলাকেন্দ্ৰত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আয়োজন

ডিব্ৰুগড়ৰ উপাসনা কলাকেন্দ্ৰত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আয়োজন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ পূৱ বাণীপুৰস্থিত উপাসনা কলাকেন্দ্ৰৰ উদ্যোগত, সন্ধানী মহিলা চ’ৰা , ডিব্ৰুগড় আৰু সৃষ্টি প্ৰভাত, গুৱাহাটীৰ সহযোগত চলিত মাহৰ ১২ জুলাইৰ পৰা ১৯ জুলাইকে এক গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিগত বছৰসমূহৰ দৰে এইবাৰো আয়োজিত হ’ব লগা কৰ্মশালাত বিভিন্ন সাংস্কৃতিক বিষয়ত আগ্ৰহী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কৰ্মশালাত আধুনিক নাট প্ৰশিক্ষণ, অংকীয়া নাট, সত্ৰীয়া নৃত্য, দেশপ্ৰেমমূলক গীত, যোগাসন, ঝুমুৰ নৃত্য আৰু চাহ জনগোষ্ঠীয় ঢোল বাদন আদি বিষয়ত বিশিষ্ট প্ৰশিক্ষকসকলে প্ৰশিক্ষণ আগবঢ়াব।কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ আগ্ৰহী শিক্ষাৰ্থীসকলক আয়োজক সকলৰ সৈতে যোগাযোগ কৰি শীঘ্ৰে নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে।কৰ্মশালাখনি সুচাৰুৰূপে পৰিচালনাৰ বাবে এক পৰিচালনা সমিতি গঠন কৰা হৈছে। উপাসনা কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক উপদেষ্টা হিচাপে ঝৰ্ণা শইকীয়া, তথা সৃষ্টি প্ৰভাত , গুৱাহাটীৰ সঞ্চালক নবাব ফকিৰুল হক আৰু সন্ধানী মহিলা চ’ৰা, ডিব্ৰুগড়ৰ সভানেত্ৰী নিহাৰিকা শ্ৰুতিকৰক মনোনীত কৰা হৈছে। সমিতিৰ সভাপতি ড° পংকজ কুমাৰ শ্ৰুতিকৰ, কাৰ্যকৰী সভাপতি দীপক কুমাৰ দত্ত, সম্পাদক তৰুণ কুমাৰ গগৈ, আৰু সহ-সম্পাদক সোনাৰাম ঘাটোৱাৰ আৰু কোষাধ্যক্ষ হিচাপে নিভা বৰুৱা আৰু নমিতা বৰুৱাক দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ বিশিষ্ট ব্যক্তিসকলক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰি সমিতিখন গঠন কৰা হৈছে। কৰ্মশালাখনি সফল কৰি তুলিবলৈ আয়োজকসকলে অভিভাৱক আৰু সংস্কৃতিপ্ৰেমী সকলৰ সহযোগিতা কামনা কৰিছে।