বজাৰৰ কোলাহল
বিশ্বজিৎ বৈশ্য,বংশৰ, শুৱালকুছি
দেওবৰীয়া বজাৰ তাতেই আকৌ মানুহৰ ভিৰ। সময় পুৱা ১০ বজাৰ ওচৰা ওচৰি। সেই ভিৰৰ মাজতে প্ৰায় ৮ – ৯ মান বয়সৰ এজন সৰু লৰাই হাতত বেলুন , পিঠিত এটা বেগ ওলমাই লৈ ইফাল সিফাল কৰি চিঞৰি আছে।দাদা বেলুন লব, একদম কম দামত । শব্দকেইটা শুনি মই অলপ দূৰৈৰ পৰাই সেই ভিৰৰ মাজত লৰাজনক চাই ৰলো। চাই থাকোতে সেই ভিৰৰ মাজৰ পৰা কোনফালে গুচি গ’ল ধৰিবয়ে নোৱাৰিলো। মই ভাৱিলো যিটো বয়সত হাতত কিতাপ বহী লৈ স্কুললৈ যাব লাগে, সেইটো বয়সত হাতত বেলুন লৈ বেলুন বিক্ৰী কৰি আছে। আচৰিত হলো, বাৰু মই মোৰ কামত লাগি গলো মানে বজাৰ কৰাত। প্ৰায় ১ঘন্টা পিছত মই বজাৰৰ পৰা ওলাব লৈছো, ঠিক তেনে সময়তে লৰাজনক আকৌ দেখা পালো অন্য এটা ৰূপত। এখন চানাৱালাৰ দোকানৰ সন্মুখত চিঞৰি আছে,,,,
চানা চানা চানা
কোনে খাই জানা
যিজনে খাই সিজনে পায় মজা….
আকৌ আচৰিত, কিছসময় আগতে দেখা পোৱা বেলুন বিক্ৰী কৰা লৰাজনে এতিয়া আকৌ, চানাৱালা জনক সহায় কৰি দিছে। দেখিলো হাতত বেলুন নাই বোধয় বিক্ৰী কৰি শেষ কৰিলে । এতিয়া আকৌ এজন দোকানীক সহায় কৰিব ধৰিছে । ভবামতে কাম……
এখোজ এখোজকৈ আগুৱাই মই লৰাজনৰ ওচৰলৈ গলো , আৰু শুধিলো।কিছুসময়ৰ আগতে এই বজাৰতে বেলুন বিক্ৰী কৰা লৰাজন তুমিয়ে আছিলা নহয় জানো ! এতিয়া আকৌ চানাৱালাক সহায় কৰি দি আছা , কথাটো কি ?
লৰাজনে মোক অকমান চাইডলৈ মাতি নি কলে, —- দাদা , মই দেওবাৰৰ বজাৰখনত আহি এনেকৈয়ে কেইগৰাকীমান দোকানীক সহায় কৰি দিও আৰু দুচইচা পাও, নহলে আমাৰ ঘৰৰ পিতাইৰ উপাৰ্জনৰ পইচাৰে নোযোৰে , মা বিছনাত! অসুখ।
চহৰৰ হাস্পতালত নিব পৰা নাই ধনৰ অভাৱত। মই শুধিলো পঢ়া পাতি কি কৰি আছা ,তেতিয়া কলে, মোৰ পিছফালে যে বেগটো দেখিছে ….. লগে লগে বেগটো ওলাই ললে আৰু মোক দেখুৱালে , মই বেগটো দেখি আচৰিত হলো- বেগৰ ভিতৰত লৰাজনে দুখন কিতাপ লৈ আহিছে । মই শুধিলো বজাৰৰ মাজত কিতাপ লৈ আহিছা যে কিয় ?
সি কলে- সৌ ঘৰটো যে দেখিছে মানে জিৰণি চৰাটো তাত যাম আৰু তাত বহি লৈ কিতাপ পঢ়িম , পঢ়ি উঠি আকৌ দোকানৱালা এজনক সহায় কৰি দিম। কাৰণ পৰীক্ষাও আৰম্ভ হৈছে, অহাকালিও আছে।ইয়াতে দুপইচা আজিৰ দিনটোত গোটাই থলে এই কেইদিন ঘৰৰ খৰছৰ বাবে অলপ হলেও সকাহ হব। পিতাই লোকৰ ঘৰত কাম কৰি পৰিয়াল চলাব অসুবিধা হয়, কোনোবাদিন কাম হয় কোনোবাদিন কাম নাপাই ঘৰলৈ ওভতি আহে। ইফালে পইচাৰ অভাৱত মাক চহৰৰ চৰকাৰী হাস্পতালটো নিব পৰা সামৰ্থ্যও আমাৰ নাই। মই মনতে ভাৱিলো কথাবোৰ দুখজনক। কথাবোৰ শুনি বেয়া লাগি গল। ওচৰতে থকা দোকান এখনত গৈ মই মোৰ সামৰ্থ্য অনুযায়ী অলপ খোৱা কিনি দিলো ,আৰু গুচি আহিলো ,ভাৱি ভাৱি ঘৰটো পালো। সেই ভিৰৰ মাজতো যে সৰু লৰাটো দুপইচা গোটাই ঘৰৰ খৰছৰ বাবে পৰিয়ালৰ অলপ হলেও সহায় হয় লগতে কিতাপৰ তোপোলা হাতত সময় ওলাই পঢ়েও। এই যে এক কথাত, বজাৰৰ ভিৰৰ মাজতো নিজৰ বাবে কিতাপ পঢ়ি বেলুন বিক্ৰী কৰি আনৰ দোকানত সহায় কৰি দুপইচা পায় আত্মসন্তুষ্টি লাভ কৰে সেইয়া এক বুজাব নোৱাৰা মনৰ অনুভৱ। আচলতে, পঢ়া-শুনা যে হাট-বজাৰটো হেঙাৰ হব নোৱাৰে তাৰে এক নিদৰ্শন প্ৰকাশ পাইছে *”বজাৰৰ কোলাহল”* লিখনিটোত।
