মহানগৰীত ৩৭ কিলো সোণ জব্দ
ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী মহানগৰ। উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী এতিয়া নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ীৰ লগতে চোৰাং সোণৰ সৰবৰাহকাৰীয়ে গঢ়ি তুলিছে শক্তিশালী নেটৱৰ্ক। মগনীয়াৰ বেশেৰে ৫৪ কোটি টকাৰ ৩৭ কিঃগ্ৰাম সোণ আৰু ১৩ গ্ৰাম ৰূপ লগত লৈ সৰবৰাহৰ চেষ্টা চলাওঁতেই মহানগৰ আৰক্ষীৰ জালত পৰিল এগৰাকী সৰবৰাহকাৰী। অসম আৰক্ষীৰ ইতিহাসত নজিৰ সৃষ্টি কৰা এই ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ খাৰঘুলিৰ পদপথত। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে দীর্ঘদিনৰ পৰা অনুসৰণ কৰি আহিছিল উক্ত লোকজনক। ধৃত লোকজন মহাৰাষ্ট্ৰৰ ছাংলী জিলাৰ অক্ষয় বানচোড়ে (৩২)। বিগত দুমাহ ধৰি অসমত থাকি সোণ সৰবৰাহ কৰা ধৃত বানচোডেৰ এই কাহিনী সদৰী কৰি এক সংবাদ মেলযোগে কেন্দ্ৰীয় আৰক্ষী জিলাৰ ডিচিপি সম্ভাৱী মিশ্রই কয় যে মগনীয়াসদৃশ বেশ ধৰি ধৃত লোকজনে লেতেৰা ফটা-ছিটা গামোচা আৰু কম্বলেৰে ৩৭.০৬৪ কিলোগ্রাম সোণৰ বিস্কুট মেৰিয়াই আন লোকক হস্তান্তৰ কৰিবলৈ নিশা খাৰঘুলিৰ পদপথত ৰৈ আছিল। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে দীর্ঘদিন ধৰি ধৃত লোকজনক অনুসৰণ কৰাৰ পাছত কালি নিশা হাতে-লোটে সোণসহ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে। মুঠ ২৯খন এক কিলোগ্রাম ওজনৰ সোণৰ বিস্কুটৰ লগতে আন কেইবাটাও টুকুৰা-টুকুৰকৈ মুঠ ৩৭.০৬৪ কিলোগ্রাম সোণ সৰবৰাহকাৰীজনৰ পৰা জব্দ কৰাৰ লগতে ১৩ গ্রাম ৰূপৰ ফলক, চাৰিটা ম’বাইল ফোন আৰু নগদ ৩,৭৫৫ টকা উদ্ধাৰ কৰা হৈছে। জব্দকৃত ম’বাইল ফোন চাৰিটাৰ ভিতৰত দুটা বিলাসী আইফোনো আছে। সৰবৰাহকাৰীজনক নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোণখিনি জব্দ কৰিছে। ডিচিপি মিশ্ৰই সদৰী কৰা মতে, বিগত দুমাহ ধৰি মহানগৰীৰ গান্ধীবস্তি এলেকাত দুটা কোঠাযুক্ত ভাৰাঘৰত ভাৰাতীয়া হিচাপে বসবাস কৰি থকা সৰবৰাহকাৰীজনক এই কামৰ বাবদ মাহেকত ৮০ হাজাৰ টকা দৰমহাৰে নিযুক্তি দিয়া হৈছিল। আৰক্ষীয়ে দিনজুৰি সৰবৰাহকাৰীজনক মাৰাথন জেৰা চলাই কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰিছে। তেওঁ কয় যে অকল কালিয়েই নহয়, বিগত দুমাহত ধৃত বানচোড়েই তিনিবাৰ মুঠ ২০ কিলোগ্রাম ইতিমধ্যে আন লোকক সৰবৰাহ কৰিছিল। সেইকেইবাৰো একেধৰণে অথচ বিভিন্ন বেশভূষাৰে সোণৰ সৰবৰাহত লিপ্ত আছিল ধৃত লোকজন। এই জব্দকৃত সোণ অসম আৰক্ষীৰ ইতিহাসত আজিলৈকে কৰা জব্দসমূহৰ ভিতৰত সর্ববৃহৎ অভিযান বুলি তেওঁ লগতে কয়। এই বৃহৎ পৰিমাণৰ সোণ কিদৰে অসমলৈ অনা হৈছিল সেই সন্দর্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডিচিপি মিশ্রই কয় যে ২৪ কেৰেটৰ বিশুদ্ধ সোণখিনি মধ্যপ্রাচ্যৰ পৰা ম্যানমাৰ হৈ অসমলৈ অনাৰ সন্দেহ কৰা হৈছিল। এই চক্রত মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুৰ একাংশ সংযোগো আৰক্ষীয়ে লাভ কৰিছে। অৱশ্যে তদন্তৰ খাতিৰত বিষয়টো স্পষ্টকৈ কোৱাৰ পৰা তেওঁ বিৰত থাকে।
