প্রচণ্ড গ্রীষ্মপ্ৰৱাহ ইউৰোপত
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা এসপ্তাহ ধৰি চলা প্রচণ্ড গ্রীষ্মপ্ৰৱাহৰ ফলত ইউৰোপত এইপর্যন্ত ১,৩০০ৰো অধিক লোকৰ মৃত্যু ঘটিছে। তাৰ ভিতৰত কেৱল ফ্রান্সতেই মৃত্যু হৈছে প্রায় ১,০০০জনৰ। যোৱা ২১ জুনৰ পৰা ইউৰোপৰ বিভিন্ন দেশত সৃষ্টি হৈছে গ্রীষ্মপ্ৰৱাহৰ পৰিস্থিতি। জার্মানী, ফ্রান্স, ডেনমার্ক, চেক প্রজাতন্ত্র, হাংগেৰী, পোলেণ্ড, শ্ল’ভাকিয়া, ছার্বিয়া, ক্র’ৱেছিয়া, ইটালী, অস্ট্রিয়া আৰু পশ্চিম ইউক্রেইনসহ ইউৰোপৰ বিস্তীর্ণ অঞ্চল গ্রীষ্মপ্ৰৱাহৰ কবলত। পাৰাস্তম্ভ কেতিয়াবা যদি ৩৫ ডিগ্রী, কেতিয়াবা ৪০ ডিগ্রী। কেতিয়াবা আকৌ তাতোকৈ অধিক। এনে অৱস্থাত দেওবাৰে বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ২১ জুনৰ পৰা এইপর্যন্ত গ্রীষ্মপ্ৰৱাহৰ কাৰণে ইউৰোপত ১,৩০০জনৰো অধিক লোক মৃত্যুমুখত পৰিছে। যোৱা কিছুদিনত ইউৰোপৰ বিভিন্ন দেশৰ পৰা মৃত্যুৰ খবৰ আহিবলৈ আৰম্ভ কৰিছে। এনে অৱস্থাত স্বাস্থ্য সেৱাৰ ওপৰত অতিৰিক্ত হেঁচা পৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। সেইবাবে এনে দেশসমূহক পৰিস্থিতি চন্তালাৰ বিষয়ে আৰু অতিৰিক্ত হেঁচাৰ বিষয়ে সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্রছ এডানম গেব্রিয়েছাছে। তেওঁ কয়- ‘ইউৰোপৰ ঘৰ-গৃহস্থালি, অফিচ আৰু শিক্ষা প্রতিষ্ঠানসমূহ এই ধৰণৰ তাপমাত্ৰাৰ (সহ্য কৰাৰ) বাবে সাজু হোৱা নাই।’ এনে অৱস্থাত পৰিস্থিতি আৰু অধিক জটিল হ’ব পাৰে বুলি আশংকা প্রকাশ কৰে তেওঁ। উদ্ভুত পৰিস্থিতিত ইউৰোপৰ বিভিন্ন প্রান্তত সংগ্ৰহালয় আৰু বিদ্যালয়সমূহ ইতিপূর্বে বন্ধ কৰি দিয়া হৈছে। ফ্ৰান্সৰ স্বাস্থ্য মন্ত্রালয়ে দেওবাৰে জনাইছে যে তীব্র গ্রীষ্মপ্ৰৱাহৰ ফলত দেশখনত এহাজাৰজনৰো অধিক লোক মৃত্যুমুখত পৰিছে। প্রাথমিক তথ্যৰ ভিত্তিত তেওঁ জনাইছে যে মৃতসকলৰ ভিতৰত বেছিভাগেই বয়সস্থ লোক। গ্রীষ্মপ্ৰৱাহৰ পৰিস্থিতিয়ে আবাল বৃদ্ধ-বনিতা সকলো লোকৰ ওপৰতেই প্ৰভাৱ পেলাইছে। কিন্তু মৃতসকলৰ বেছিভাগৰেই বয়স ৬৫ বছৰ বা ততোধিক বুলি জনাইছে ফ্রান্সৰ স্বাস্থ্য কর্তৃপক্ষই। এনে পৰিস্থিতিৰ পৰা এতিয়াই নিস্তাৰ পোৱাৰ লক্ষণ দেখা নাই ইউৰোপবাসীয়ে। ফ্রান্সৰ স্বাস্থ্যমন্ত্রী ষ্টেফানি ৰিষ্টে জনাই যে আৰু ১০ দিন ধৰি চলিব পাৰে এনে গ্রীষ্মপ্রৱাহ। দেওবাৰেও ইউৰোপৰ বিভিন্ন ঠাইত তাপমাত্রা ৪০ ডিগ্ৰীৰ ওপৰত আছিল। চেক প্রজাতন্ত্ৰৰ ৰাজধানী প্ৰাগৰ উত্তৰ দিশৰ ডকছানিত সেইদিনা তাপমাত্রা আছিল ৪১.১ ডিগ্রী চেলছিয়াছ। জার্মানীতো বহু ঠাইত তাপমাত্রা আছিল ৪০ ডিগ্ৰীৰ অধিক। তীব্ৰ গৰম অনুভূত হৈছে চেক প্রজাতন্ত্র, হাংগেৰী আৰু পোলেণ্ডৰ বিস্তীর্ণ অঞ্চলতো।
