পদুমী বৰুৱা
শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী
আধুনিকতাৰ পৰশত গাওঁ খন
পাহৰি নাযাবা পদুমী বৰুৱা।
পদুমনি বিলত মাছ ধৰা মনত পৰেনে তোমাৰ ?
কঠিয়াতলীত কঠিয়া ৰুই গছৰ ছাঁত বহি
পয়টা ভাতৰ জুতি লোৱা মনত পৰেনে তোমাৰ?
ঢোলৰ চাপৰত ককাল ভাগি নচা,
হাতত জেতুকাৰ লেপ,
বৰ্হমথুৰিৰ ৰঙীন আভা কোমল ওঠত
বুলোৱা মনত আছেনে তোমাৰ?
আধুনিকতাৰ পৰশত গাওঁ খন
পাহৰি নাযাবা পদুমী বৰুৱা।।
বিহুত তাতত গামোচা বোৱা,
লাৰু -পিঠা সান্দহ খুন্দা,
কেচা মাটিৰ গোন্ধত তিঘিল ঘিলোৱা
মনত পৰেনে পদুমী বৰুৱা?
মাঘৰ মেজি, সমনীয়াৰ ধেমালি,
উৰুকাৰ ভোজ মনত পৰেনে পদুমী বৰুৱা?
আধুনিকতাৰ পৰশত গাওঁ খন
পাহৰি নাযাবা পদুমী বৰুৱা।।
কঙালীত বন্তি ,মাঘত সোণ গুটি চপোৱা,
তাহানিৰ মৰম এনাজৰী মনত পৰেনে তোমাৰ?
আধুনিকতাৰ পৰশত গাওঁ খন
পাহৰি নাযাবা পদুমী বৰুৱা।।
