বিৰহ – শচীন্দ্ৰ কুমাৰ দাস

Pc Unsplash

বিৰহ

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

এটি নিৰিবিলি সন্ধিয়াৰ নিৰ্জনতাত
মন ভাহি গৈছিল তোমাৰ কাষলৈ।
হঠাৎ সেৰেঙা উঠিছিল
মোৰ মনৰ আবেগ ভুমি।
বিৰহত চকুলো সেমেকি উঠিল ,
এক মায়াৰ বান্ধোনৰ দোমোজাত মনটো ভাঙি পৰিল।।।
তোমাক হেৰুৱাৰ ভয়ত
স্নিগ্ধ জোনাকৰ পাপৰিৰ সুৱাস
আজি যেন ‌সতেজতা ত্যাগী‌ মৰহী গৈছে।।
বিমুগ্ধ আকাশৰ যাদুসনা সৌন্দৰ্য ও
আজি যেন বিষাদ মনৰ কৰুণ ঝংকাৰ হৈ
বৈ গৈছে মোৰ হ্ৰিদয়ৰ তমসা পুৰ্ণ আবেগৰ উষ্ণ ভুমিত।।
ৰৈ ৰৈ বাট চাইছো কিজানি
উত্তপ্ত মৰুৰ হ্ৰিদয়ৰবননীত
এজাক শীতল বৰষুনে জীপাল‌ কৰি
ভাৱনাবোৰক সজীৱ‌ ৰুপ দিয়ে।।