বিশিষ্ট চিকিৎসক ডাঃ চফিকুৰ ৰহমান বৰবৰাৰ মৃত্যু
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট চিকিৎসক ডাঃ চফিকুৰ ৰহমান বৰবৰাৰ যোৱা ২২ জুনত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৮০ বছৰ বয়সত বাৰ্ধক্য জনিত কাৰণত মৃত্যু মুখত পৰে। পিতৃৰ কৰ্মসূত্ৰে ডিগবৈত থকা কালত ৰহমানে ডিগবৈত জন্ম গ্ৰহণ কৰে ১৯৪৬ চনৰ এক মাৰ্চত। ডিগবৈতে পঢ়া শুনা কৰাৰ পাচত কটন কলেজৰ পৰা বিজ্ঞানত প্ৰি-ইউনিভাৰ্চিটি পাছ কৰি লৈ ১৯৬৩ চনত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নামভৰ্ত্তি কৰে আৰু সেইমৰ্মে তেওঁ এম বি বি এছ পাছ কৰাৰ পিচত অৰুণাচল প্ৰদেশলৈ যায় আৰু তাত চৰকাৰী চিকিৎসালয়ত পাঁচ বছৰ চাকৰি কৰাৰ পিছত ১৯৮১ চনত সেই চাকৰি এৰি থৈ আহি অসমৰ বিভিন্ন জিলাৰ চাহ বাগিচাত মেডিকেল বিষয়া হিচাপে ২০২২ চনলৈ সেৱা আগবঢ়ায়। ডাঃ চফিকুৰ ৰহমান বৰবৰাৰ পিতৃ প্ৰয়াত আতাউৰ ৰহমান বৰবৰা আছিল অসম অইল কোম্পানী ডিগবৈৰ এগৰাকী অভিযন্তা আৰু তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড়লৈ আহে আৰু ডিব্ৰুগড়ৰ মিলন নগৰতে স্থায়ী ভাৱে থাকিবলৈ লয়। তেখেতৰ পত্নী চৈফুন্নাহাৰ বেগমৰ মৃত্যু হয় ২০২২ চনত । চফিকুৰ ৰহমানে মৃত্যুৰ সময়ত পত্নী আশ্ৰফা ৰহমান, দুই পুত্ৰ জাহিদ হাচান বৰবৰা আৰু জুহেব হাচান বৰবৰা (দুয়ো বৰ্তমান আমেৰিকাত উচ্চ পদস্থ বিষয়া হিচাপে কৰ্মৰত অৰ্থাৎ বৰপুত্ৰ জাহিদ হাচান আমেৰিকাৰ ডালাছ, টেক্সাছৰ চিনিয়ৰ ফাইনাঞ্চিয়েল কাৰ্য্যবাহী আৰু সৰু পুত্ৰ জুহেব হাচান বিখ্যাত মিনেচটা বিশ্ববিদ্যালয়ৰ পৰা এম এচ চি ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ বিজ্ঞানত পি এইচ ডিগ্ৰী কৰি বৰ্তমানে এগৰাকী আৰটিফিচিয়াল ইন্টেলিজেন্টৰ বিখ্যাত বিজ্ঞানী হিচাপে কৰ্মৰত)। লগতে চাৰিজন ভাতৃ ইছফাকুৰ ৰহমান বৰবৰা , ডাঃ তৌফিকুৰ ৰহমান বৰবৰা, ৰফিকুৰ ৰহমান বৰবৰা , ৱাচিকুৰ ৰহমান বৰবৰা, এগৰাকী ভগ্নী তৈয়েবা খুৰশ্বিদা ৰহমান,দুজন নাতি, এজনী নাতিনীৰ লগতে পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ জানাজা গুৱাহাটী ইছলামপুৰ কবৰস্থানৰ অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়।
