দিল্লীসহ উত্তৰ ভাৰতত ভূমিকম্পৰ জোকাৰণি

Pc- Caltech Science Exchange

দিল্লীসহ উত্তৰ ভাৰতত ভূমিকম্পৰ জোকাৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- ভেনিজুৱেলাৰ পিছত এইবাৰ আফগানিস্তান ভূমিকম্পৰ জোকাৰণি । শনিবাৰে সন্ধিয়া আফগানিস্তানত উচ্চ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি যায় ।  দিল্লীকে ধৰি জম্মু-কাশ্মীৰসহ উত্তৰ ভাৰতৰ আৰু কেইবাখনো ৰাজ্যত অনুভূত হয় এই  ভূঁইকঁপৰ জোকাৰণি। শনিবাৰ সন্ধিয়া ৭বজাত কপি উঠে সমগ্ৰ উত্তৰ ভাৰত। অৱশ্যে ভূঁইকঁপৰ উৎপত্তিস্থল ভাৰত নহয়। এই ভূঁইকঁপৰ উৎস আফগানিস্তান। ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা ৬.২। ৰাষ্ট্ৰীয় ভূকম্পন পৰিমাপ কেন্দ্র বা নেচনেল চেণ্টাৰ ফৰ ছিছম’লজীয়ে জনাইছে যে শনিবাৰে সন্ধিয়া ৭.০৪ বজাত উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত এই কম্পন্ন ঘনীভূত হয়। ভূপৃষ্ঠৰ পৰা ২১৫ কিঃ মিঃ গভীৰত এই ভূঁইকঁপৰ অভিকেন্দ্র। মার্কিন ভূতাত্বিক জৰীপ সংস্থাই দিয়া তথ্য অনুসৰি ভূঁইকঁপৰ অভিকেন্দ্ৰ আফগানিস্তানৰ জুৰমৰ পৰা ৪৩ কিঃ মিঃ দক্ষিণত। এই ভূঁইকঁপৰ ফলত দিল্লীৰ বহু লোক আতংকিত হৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল।