ৰোমন্থন
প্ৰভাত বণিয়া
প্ৰস্তৰ মূৰ্তি এটাৰ দৰে জিলিকি আছে গো-বাট
ৰজনজনাই থাকে নদীৰ পাৰৰ হাবিতলীতয়া চৰাইৰ চুবুৰী
সাপ বেং যখিনী, ভূত প্ৰেত নৰখাদকৰ বিচৰণ থলী শিয়ালৰ আৰাও
গভীৰ কৰে অৰণ্যৰ গো-গধুলি
নদীৰ সতে অৰণ্যৰ সতে মানুহৰ মধুৰ আত্মীক সম্পৰ্ক
স্বচ্ছল কৰে জীৱন বীক্ষা
এৰিব পৰা নাই আজিও ইতিহাস সমৃদ্ধ
নৈপৰীয়া মোহ অৰণ্যৰ পৈত্ৰিক আতিথ্য
নদীয়ে জীৱন
সেউজ অৰণ্য গছ গছনি
আমাৰ সভ্যতা সংস্কৃতি।
