পুনৰ জামিন নাকচ সিদ্ধার্থ শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন বিচাৰি মুখ থেকেচা খাইছে অন্যতম অভিযুক্ত সিদ্ধার্থ শর্মাই। অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিনৰ শুনানি গ্রহণ কৰাৰ পিছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে তেওঁৰ জামিন আবেদন অগ্রাহ্য কৰে। উল্লেখ্য যে কিছুদিন পূর্বে ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতে সিদ্ধার্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ফাষ্টট্রেক আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই সিদ্ধার্থ শর্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছিল। যোৱা ৪ জুনত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ন্যায়াধীশ পার্থিৱজ্যোতি শইকীয়াই। ইয়াৰ পাছত সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰে ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে। শুনানি গ্রহণ কৰি মিতালী ঠাকুৰীয়াৰ আদালতে সিদ্ধাৰ্থৰ জামিনৰ ৰায়দান ২৬জুনৰ লৈ সংৰক্ষণ ৰাখে আৰু ২৬জুনৰ দিনটোতে সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় দিয়ে। উক্ত ৰায় যোগে ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে সিদ্ধার্থ শৰ্মাৰ জামিন নাকচ কৰাৰ লগতে সিদ্ধার্থ শৰ্মাই দাখিল কৰা আন চাৰিখন আবেদনৰ সন্দৰ্ভত শুনানি অহা ২৩ জুলাইত সম্পন্ন হ’ব বুলি স্পষ্ট কৰে। উল্লেখ্য যে এই চাৰিখন আবেদনৰ ভিতৰত সিদ্ধার্থ শৰ্মাই ফাষ্টট্রেক আদালতক প্রত্যাহ্বান জনাই দাখিল কৰা মহাবীৰ একুৱা খুলি দিয়াৰ বাবে আবেদন আৰু তেওঁৰ বেংক একাউন্ট খুলি দিয়াৰ আবেদনো আছে। উল্লেখ্য যে ফাষ্টট্রেক আদালতত দুদিন পূর্বে জুবিন হত্যা গোচৰত সাক্ষ্য দানৰ বাবে সাক্ষীক মতাৰ সময়ত আদালতত সিদ্ধার্থ শৰ্মাই জুবিন গাৰ্গৰ আৰ্জনৰ ৩২ লাখৰো আধিক টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছিল। মূলতঃ বিহু কমিটীসমূহৰ পৰা অহা ধনৰাশিৰ অধিকাংশই জুবিনৰ মেনেজাৰ হিচাপে কাম কৰি অহা সিদ্ধার্থই আত্মসাৎ কৰাৰ কথা ফাষ্টট্রেক আদালতত সাক্ষ্যদান তথা শুনানিৰ সময়ত পোহৰলৈ অহাৰ কথা সদৰী কৰিছিল চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে।
