লখিমপুৰত বজ্রপাত পৰি তিনিজনৰ মৃত্যু

Pc Jugantor

লখিমপুৰত বজ্রপাত পৰি তিনিজনৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰত শুকুৰবাৰে বিয়লি এক শোকাৱহ ঘটনা সংঘটিত হয়।  লখিমপুৰ নগৰৰ সমীপৰ ৰাংচালীৰ দেবেৰা পথাৰত ঘটনাটো সংঘটিত হয়। বজ্রপাতত একে ঠাইতে তিনিজন লোকে প্রাণ হেৰুৱাব লগীয়া হয়। বজ্রপাতত নিহত তিনিজনৰ দুজন পুৰুষ আৰু এগৰাকী মহিলা। দেবেৰা পথাৰত কৃষিকার্যত লাগি থাকোঁতেই বজ্রপাতৰ ফলত তিনিজন লোকে প্রাণ হেৰুৱা। বজ্রপাতৰ ফলত মৃত্যু হোৱা লোককেইজন হল সুনু হৰ, জেকচন কেৰ্কেটা আৰু জয়ন্তী টাপুৱা। তেওঁলোক আটাইৰে ঘৰ ৰাংচালী গাঁৱত। ইয়াৰে সুনু হৰ আৰু জেকচন কেৰ্কেটা ককাই-ভাই। বিয়লি এক মান বজাত এই ঘটনাটো ঘটে। সুনু হৰ আৰু জেকচন কেৰ্কেটাই দেবেৰা পথাৰত কৃষিকার্যত ব্যস্ত হৈ আছিল। তেওঁলোকক পথাৰত ভাত দিবৰ বাবে গৈছিল একে গাঁৱৰে প্ৰতিবেশী জয়ন্তী টাপুৱাৰ নামৰ মহিলাগৰাকী। সেই সময়ত হঠাৎ বতৰৰ পৰিৱৰ্তন হয়। ফৰকাল বতৰটো খন্তেকতে ডাৱৰীয়া হৈ পৰে। আৰম্ভ হয় বিজুলী ঢেৰেকনি আৰু বৰষুণ। এই দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে পথাৰৰ মাজত থকা এজোপা গছৰ তলত আশ্রয় লয়। কিন্তু গছজোপাৰ ওপৰতে বজ্র পৰে। নিথৰ হৈ পৰে তিনিজন। ঘটনাত গাঁৱৰ ৰাইজে তেওঁলোকক চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে তিনিওৰে মৃত্যু হয়। সম্প্রতি নিহতকেইজনৰ মৃতদেহ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰখা হৈছে।