মেঘৰঞ্জনী
কল্যাণী সিংহ
বামুণীমৈদাম, গুৱাহাটী
ডাৱৰৰ মেঘৰ আঁৰে আঁৰে
মেঘৰঞ্জনীৰ কত যে ধেমালি;
শাওনৰ বৰষুণজাকৰ পৰশত
পুষ্পিত সদ্যযৌৱনা মেঘৰঞ্জনী।
দেহৰ কোমলতা লাস্যময়ীহৈ
ধৰাত অপৰূপাহৈ নিগৰি
কত পুৰুষৰ যৌৱনৰ
উচ্চল তৰঙ্গৰ লহৰ তুলি
প্ৰেমৰ বীজবোৰ পূৰঠ কৰি
নদীৰ স্ৰোত ধাৰাহৈ বোৱাই।।
